ৰাজ্যৰ কেইবা কোটিটকীয়া বীমা কেলেংকাৰিৰ সৈতে জড়িত এজন চৰকাৰী চিকিৎসক আৰু দুটা দালালক বৃহস্পতিবাৰে বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা চিকিৎসকজনক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ শ্বহিদুল ইছলাম বুলি জানিব পৰা গৈছে।
আনহাতে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দালাল দুটা হৈছে জনিয়াৰ মহম্মদপুৰ গাঁৱৰ ইছমাইল হুছেইন আৰু একাব্বৰ আলী। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত মফিদা বেগম নামৰ এগৰাকী মহিলাকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
উল্লেখযোগ্য যে ৰাজ্যখনত প্ৰৱঞ্চনাৰ জাল ৰচি এটা বৃহৎ চক্ৰই বিভিন্ন মৃত ব্যক্তিৰ নামত বীমাৰ পলিচি খুলি বিভিন্ন বীমা প্ৰতিষ্ঠানৰ পৰা কোটি কোটি টকা সৰকাইছে। এনে প্ৰৱঞ্চনাৰে বীমাৰ ধন সৰকোৱা ঘটনাই আৰক্ষীৰ বাবেও প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। এইক্ষেত্ৰত দৰং আৰু বৰপেটা জিলাত সৰ্বাধিক বীমা কেলেংকাৰি সংঘটিত হোৱাৰ কথা ইতিমধ্যে পোহৰলৈ আহিছে।
জানিব পৰা মতে, বীমা কোম্পানীৰ বিষয়া, এজেণ্টকে ধৰি গাঁওবুঢ়া, চিকিৎসক দালাল আদি বিভিন্ন স্তৰৰ লোক এই কেলেংকাৰিটোৰ সৈতে জড়িত হৈ আছে।
উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনত অলপতে ৰাজ্যখনত ইতিমধ্যে প্ৰায় ৫০০ কোটি টকাৰ বীমা কেলেংকাৰি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছিল।
ইপিনে বৃহস্পতিবাৰে বৰপেটা আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত ডাঃ শ্বহিদুল ইছলাম নামৰ চিকিৎসকজনৰ লগতে ইছমাইল হুছেইন, একাব্বৰ আলীক গ্ৰেপ্তাৰ কৰাৰ লগতে প্ৰয়াত নবাব আলীৰ নামত পলিচি খোলা নবাবৰ পত্নী মফিদা বেগমকো আৰক্ষীয়ে আটক কৰে।
চিকিৎসক শ্বহিদুলে মৃত্যুৰ ভুৱা প্ৰমাণ-পত্ৰ আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰদানৰ দৰে কাৰ্যত জড়িত আছিল। আনহাতে, দালাল ইছমাইল হুছেইন আৰু নবাবৰ ভিনিহিয়েক একাব্বৰ আলীয়ে পলিচি হল্ডাৰৰ পৰিয়াল তথা নমিনি আৰু বীমা কোম্পানীৰ অনুসন্ধানকাৰী বিষয়াৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিছিল।
এই চক্ৰটোৱে নবাব আলী নামৰ মৃত ব্যক্তিজনৰ নামত কেইবাটাও ভুৱা বীমা পলিচি খুলি বীমা কোম্পানীৰ পৰা কেইবা কোটি টকা সৰকাই নিছিল। নবাবৰ নামত খোলা পলিচিৰ বিপৰীতে পাবলগীয়া বীমাৰ ধন তেওঁৰ পত্নী মফিদা বেগমৰ বেংক একাউণ্টযোগে আদায় দিয়া হৈছিল।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আটাইকেইজনকে বৰ্তমান বৰপেটা থানাত জেৰা কৰি আছে।