• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰৱঞ্চনাৰ জাল : বৰপেটাত চিকিৎসকসহ ৪জনক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 21, 2018 9:20 am
Handcuff-India-min-570x320

প্ৰতিনিধিত্বমূলক ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ কেইবা কোটিটকীয়া বীমা কেলেংকাৰিৰ সৈতে জড়িত এজন চৰকাৰী চিকিৎসক আৰু দুটা দালালক বৃহস্পতিবাৰে বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা চিকিৎসকজনক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ শ্বহিদুল ইছলাম বুলি জানিব পৰা গৈছে।

আনহাতে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দালাল দুটা হৈছে জনিয়াৰ মহম্মদপুৰ গাঁৱৰ ইছমাইল হুছেইন আৰু একাব্বৰ আলী। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত মফিদা বেগম নামৰ এগৰাকী মহিলাকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

Apply Now

উল্লেখযোগ্য যে ৰাজ্যখনত প্ৰৱঞ্চনাৰ জাল ৰচি এটা বৃহৎ চক্ৰই বিভিন্ন মৃত ব্যক্তিৰ নামত বীমাৰ পলিচি খুলি বিভিন্ন বীমা প্ৰতিষ্ঠানৰ পৰা কোটি কোটি টকা সৰকাইছে। এনে প্ৰৱঞ্চনাৰে বীমাৰ ধন সৰকোৱা ঘটনাই আৰক্ষীৰ বাবেও প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। এইক্ষেত্ৰত দৰং আৰু বৰপেটা জিলাত সৰ্বাধিক বীমা কেলেংকাৰি সংঘটিত হোৱাৰ কথা ইতিমধ্যে পোহৰলৈ আহিছে।

জানিব পৰা মতে, বীমা কোম্পানীৰ বিষয়া, এজেণ্টকে ধৰি গাঁওবুঢ়া, চিকিৎসক দালাল আদি বিভিন্ন স্তৰৰ লোক এই কেলেংকাৰিটোৰ সৈতে জড়িত হৈ আছে।

উল্লেখযোগ্য যে  গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনত অলপতে ৰাজ্যখনত ইতিমধ্যে প্ৰায় ৫০০ কোটি টকাৰ বীমা কেলেংকাৰি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছিল।

ইপিনে বৃহস্পতিবাৰে বৰপেটা আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত ডাঃ শ্বহিদুল ইছলাম নামৰ চিকিৎসকজনৰ লগতে ইছমাইল হুছেইন, একাব্বৰ আলীক গ্ৰেপ্তাৰ কৰাৰ লগতে প্ৰয়াত নবাব আলীৰ নামত পলিচি খোলা নবাবৰ পত্নী মফিদা বেগমকো আৰক্ষীয়ে আটক কৰে।

চিকিৎসক শ্বহিদুলে মৃত্যুৰ ভুৱা প্ৰমাণ-পত্ৰ আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰদানৰ দৰে কাৰ্যত জড়িত আছিল। আনহাতে, দালাল ইছমাইল হুছেইন আৰু নবাবৰ ভিনিহিয়েক একাব্বৰ আলীয়ে পলিচি হল্ডাৰৰ পৰিয়াল তথা নমিনি আৰু বীমা কোম্পানীৰ অনুসন্ধানকাৰী বিষয়াৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিছিল।

এই চক্ৰটোৱে নবাব আলী নামৰ মৃত ব্যক্তিজনৰ নামত কেইবাটাও ভুৱা বীমা পলিচি খুলি  বীমা কোম্পানীৰ পৰা কেইবা কোটি টকা সৰকাই নিছিল। নবাবৰ নামত খোলা পলিচিৰ বিপৰীতে পাবলগীয়া বীমাৰ ধন তেওঁৰ পত্নী মফিদা বেগমৰ বেংক একাউণ্টযোগে আদায় দিয়া হৈছিল।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আটাইকেইজনকে বৰ্তমান বৰপেটা থানাত জেৰা কৰি আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

October 18, 2026 1:54 pm
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ : দুই অভিযুক্তৰ জামিনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব ৰাতুল বৰাই

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ : দুই অভিযুক্তৰ জামিনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব ৰাতুল বৰাই

October 18, 2026 12:33 pm
পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

October 18, 2026 11:30 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 18, 2026 10:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

October 18, 2026 1:54 pm
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ : দুই অভিযুক্তৰ জামিনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব ৰাতুল বৰাই

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ : দুই অভিযুক্তৰ জামিনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব ৰাতুল বৰাই

October 18, 2026 12:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd