DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিৰ জিলা কাৰ্যালয় লণ্ডভণ্ড কৰা ৪ ছাত্ৰ নেতাৰ জামিন মঞ্জুৰ

ঋতুপল্লৱ শইকীয়া by ঋতুপল্লৱ শইকীয়া
January 22, 2019 7:40 pm
Golaghat-BJP-1140x570-750x375
822
VIEWS
Share on FacebookShare on Twitter

যোৱা ৮ জানুৱাৰীত অসম বন্ধৰ সময়ত বলপূৰ্বক বিজেপিৰ জিলা কাৰ্যালয়ত প্ৰৱেশ কৰি কাৰ্যলয় লণ্ডভণ্ড কৰা আৰু আচবাব জ্বলাই দি বিস্তৰ ক্ষতিসাধন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈ কাৰাগাৰত থকা  চাৰি ছাত্ৰ নেতাই আজি জামিনত মুক্তি লাভ কৰে।

উল্লেখ্য যে, বিগত ১৪ দিন ধৰি কাৰাবন্দী হৈ থকাৰ পিছত আজি গোলাঘাটৰ সত্ৰ ন্যায়াধীশ সত্যজিৎ খাউণ্ডৰ আদালতে তেওঁলোকৰ জামিন আবেদনত মঞ্জুৰী দিয়ে। আদালতে প্ৰত্যেককে ২৫ হাজাৰ টকাৰ আমানত ধন আৰু এজন ব্যক্তিৰ নিশ্চয়তাৰ বিনিময়ত মুক্তি দিছে। একেটা গোচৰতে অভিযুক্ত আন এজন ছাত্ৰ নেতা অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নিপন গগৈক আদালতে অগ্ৰীম জামিন প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে।

ঘটনাৰ দিনাই বিজেপিৰ জিলা সম্পাদক সীমান্ত বৰাই দলৰ কাৰ্যলয়টোত উপদ্ৰৱ চলোৱা সন্দৰ্ভত ১৩ জন  বন্ধ সমৰ্থকৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীক এজাহাৰ দিছিল আৰু উক্ত অভিযোগৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে ২০/১৯ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰিছিল।

উক্ত গোচৰতে আৰক্ষীয়ে তাৎক্ষণিকভাৱে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক মহেন বৰা, গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ উপদেষ্টা অসীম শইকীয়া, ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়া আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ৰাজীৱ লস্কৰক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল।

অৱশ্যে কাৰাগাৰতে তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধয়েকৰ বিৰুদ্ধে আমৰণ অনশন আৰম্ভ কৰাত শাৰীৰিক অৱস্থাৰ অৱনতি ঘটে আৰু তেওঁলোকক গোলাঘাট অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। তেতিয়াৰ পৰা আইটাইকেইজন নেতা চিকিৎসালয়তে আছিল। আজি ২২ জানুৱাৰি মঙলবাৰে উক্ত স্থানৰ পৰাই তেওঁলোকক মুকলি কৰি দিয়া হয়।

ইফালে, আজি আদালতত বৰপথাৰ থানাৰ এক গোচৰ সংক্ৰান্তত ছাত্ৰ মুক্তিৰ সম্পাদক বিদ্যুৎ  শইকীয়াক গ্ৰেপ্তাৰৰ বাবে থানাই এক আবেদন দাখিল কৰিছিল যদিও আদালতে উক্ত আবেদন খাৰিজ কৰে। কিন্তু এই বাতৰি যুগুতোৱাৰ সময়ত বৰপথাৰ আৰক্ষীয়ে ছাত্ৰ নেতাজনক চিকিৎসালয়ৰ পৰা ওলাই অহাৰ পিছতে গ্ৰেপ্তাৰৰ প্ৰস্তুতি চলাইছে বুলি জানিব পৰা গৈছে।

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd