শাৰদীয় দুৰ্গোৎসৱৰ আনন্দত মতলীয়া হৈছে দেশৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণ। পূজাৰ এই বতৰত খাদ্যৰসিক সকলে সাধাৰণতেই ভিৰ কৰিছে খাদ্যৰ দোকানত।
স্বাভাৱিকতেই ফুচকাৰ প্ৰতি থকা লোভৰ বাবে ফুচকাৰ দোকানতো দেখা গৈছে ভিৰ। পিছে সাৱধান! উৎসৱৰ এই বতৰত ফুচকা লোভে বিপদত পেলাব পাৰে আপোনাক।
ফুচকা খাই অসুস্থ হৈ পৰিছে ৪০ শিশুৰ লগতে ১০ গৰাকী মহিলা। ঝাৰখণ্ডৰ কোডেৰমাত সংঘটিত হৈছে এই ঘটনা। পথৰ কাষৰ ব্যৱসায়ী এজনৰ পৰা ফুচকা খাই অসুস্থ হৈছে এই লোকসকল।
জিলাখনৰ এগৰাকী উচ্চপদস্থ প্ৰশাসনিক বিষয়াই সদৰী কৰা মতে, শুকুৰবাৰে সন্ধিয়া ব্যৱসায়ীগৰাকীৰ পৰা ফুচকা খোৱাৰ পিছতে তেওঁলোক অসুস্থ হৈ পৰে।
শিশুকেইটিৰ লগতে মহিলাসকল বমি আৰু ডায়েৰিয়াৰ দৰে শাৰীৰিক অসুস্থতাৰ সন্মুখীন হয় বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।
তেওঁলোকক ততাতৈয়াকৈ কোডেৰমাৰ সদৰ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু ২৪ ঘণ্টা ধৰি চিকিৎসা পৰ্যবেক্ষণত ৰখোৱা হয়।
অৱশ্যে আটাইকেইজনৰে অৱস্থা সম্প্ৰতি সুস্থিৰ বুলি জানিবলৈ দিয়াৰ লগতে বিষয়াগৰাকীয়ে বিক্ৰেতাৰ বাকী থকা খাদ্য সামগ্ৰীসমূহ জব্দ কৰি নমুনা পৰীক্ষাৰ বাবে ৰাঁচীলৈ প্ৰেৰণ কৰা হৈছে বুলি সদৰী কৰে।