চিকিৎসা বিজ্ঞানৰ জগতত শেহতীয়াকৈ এক অবিশ্বাস্য আৰু আচৰিত ঘটনা পোহৰলৈ আহিছে। এজন ব্যক্তিয়ে প্ৰায় ৪০ ঘণ্টা ধৰি হৃদস্পন্দন বন্ধ হৈ থকাৰ পিছতো নতুন জীৱন লাভ কৰি সকলোকে স্তম্ভিত কৰি তুলিছে। সকলোতকৈ ডাঙৰ কথাটো হ’ল যে মৃত্যুৰ মুখৰ পৰা উভতি অহাৰ পিছত ব্যক্তিজন সম্পূৰ্ণ সুস্থ হৈ নিজৰ ভৰিৰে খোজ কাঢ়ি হাস্পতালৰ পৰা ঘৰলৈ উভতি গৈছে। চিকিৎসকসকলে এই সমগ্ৰ ঘটনাক এক বিৰল চিকিৎসা বিজ্ঞানৰ চমৎকাৰ বুলি অভিহিত কৰিছে।
এই ঘটনাটো সংঘটিত হৈছে চীনৰ পূব প্ৰান্তৰ এটা অঞ্চলত। প্ৰায় ৪০ বছৰ বয়সীয়া এজন ব্যক্তিয়ে প্ৰথমতে বুকুত অস্বস্তি, বিষ আৰু উশাহ লোৱাত কষ্ট অনুভৱ কৰাত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। আৰম্ভণিতে চিকিৎসকসকলে তেওঁক হৃদযন্ত্ৰৰ সাধাৰণ সমস্যা বুলি ভাবি চিকিৎসা আৰম্ভ কৰিছিল যদিও অতি কম সময়ৰ ভিতৰতে তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিবলৈ ধৰে। হঠাত তেওঁ কার্ডিয়াক এৰেষ্টৰ সন্মুখীন হয় অৰ্থাৎ তেওঁৰ হৃদযন্ত্ৰই কাম কৰা বন্ধ কৰি দিয়ে আৰু লগতে উশাহ-নিশাহো প্ৰায় স্তব্ধ হৈ পৰে।
পৰিস্থিতি অতি জটিল হোৱা দেখি চিকিৎসকসকলে লগে লগে তেওঁক চিপিআৰ দিয়াৰ লগতে ডিফিব্ৰিলেতৰ ব্যৱহাৰ কৰি হৃদস্পন্দন ঘূৰাই আনিবলৈ চেষ্টা কৰে। কিন্তু বাৰে বাৰে চেষ্টা কৰাৰ পিছতো তেওঁৰ হৃদস্পন্দন স্বাভাৱিক হোৱা নাছিল। তেনে এক সংকটপূৰ্ণ অৱস্থাত চিকিৎসকসকলে ইচিএমঅ’ নামৰ এক অত্যাধুনিক লাইফ সাপোৰ্ট ব্যৱস্থা প্ৰয়োগ কৰাৰ সিদ্ধান্ত লয়। এই প্ৰযুক্তিৰ জৰিয়তে শৰীৰৰ বাহিৰত থকা এটা মেচিনৰ সহায়ত তেজত অক্সিজেন মিহলাই পুনৰ শৰীৰলৈ পঠিওৱা হয় যাতে হৃদযন্ত্ৰ আৰু হাওঁফাওঁৱে জিৰণি ল’ব পাৰে আৰু শৰীৰৰ বাকী অংগবোৰ সক্ৰিয় হৈ থাকে।
প্ৰায় ৪০ ঘণ্টা ধৰি ব্যক্তিজনৰ নিজৰ হৃদযন্ত্ৰই কোনো কাম কৰা নাছিল। ইমান দীঘলীয়া সময় হৃদস্পন্দন বন্ধ হৈ থকাৰ পিছত কোনো মানুহ জীয়াই থকাটো অত্যন্ত বিৰল কথা। চিকিৎসকসকলেও প্ৰথম অৱস্থাত তেওঁক লৈ বিশেষ আশা কৰা নাছিল কাৰণ ইমান দেৰি তেজ চলাচল বন্ধ হৈ থাকিলে মগজু, বৃক্ক আৰু অন্যান্য গুৰুত্বপূৰ্ণ অংগ স্থায়ীভাৱে নষ্ট হোৱাৰ সম্ভাৱনা থাকে। কিন্তু সকলোকে আচৰিত কৰি লাহে লাহে ব্যক্তিজনৰ হৃদযন্ত্ৰই পুনৰ নিজে নিজে কাম কৰিবলৈ আৰম্ভ কৰে।
চিকিৎসকসকলৰ বাবে ই আছিল এক অলৌকিক ঘটনাৰ দৰে। হৃদস্পন্দন ঘূৰি অহাৰ পিছতো তেওঁক আৰু ১০ দিন ইচিএমঅ’ ব্যৱস্থাত ৰখা হৈছিল যাতে তেওঁৰ শৰীৰটো সম্পূৰ্ণ সুস্থিৰ হয়। আটাইতকৈ সুখৰ কথাটো আছিল যে ইমান সময়ৰ পাছতো তেওঁৰ মগজুৰ কোনো ধৰণৰ ক্ষতি হোৱা নাছিল। তেওঁ সম্পূৰ্ণ সচেতন হৈ উঠে আৰু স্বাভাৱিকভাৱে কথা-বতৰা পাতিবলৈ সক্ষম হয়। আধুনিক চিকিৎসা প্ৰযুক্তি আৰু চিকিৎসকৰ দলটোৰ অক্লান্ত পৰিশ্ৰমৰ বাবেই এই অসম্ভৱ যেন লগা ঘটনাটো বাস্তৱত সম্ভৱ হৈ উঠিল।





