• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চিনাক্ত হ’ল মুখ্যমন্ত্ৰীৰ দখলত থকা ৪০০০ বিঘা ভূমি! বিষ্ফোৰক মন্তব্য সাংসদ গৌৰৱ গগৈৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 9, 2026 4:50 pm
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত আয়োজিত ‘সময় পৰিৱৰ্তনৰ যাত্ৰা’ৰ প্ৰথম পৰ্যায়ৰ দেওবাৰে মঙলদৈত সামৰণি পৰে। এই যাত্ৰাৰ নেতৃত্ব দিয়া যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে মঙলদৈত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা ‘পাকিস্তান লিংক’ৰ অভিযোগক তীব্ৰ ভাষাৰে সমালোচনা কৰে। সাংসদ গগৈৰ মতে, মুখ্যমন্ত্ৰীয়ে দেওবাৰে দিল্লীৰ সাংবাদিক মাতি আনি সম্বোধন কৰা সংবাদমেলখন এক ‘সম্পূৰ্ণ বিফল’ অনুষ্ঠানত পৰিণত হৈছে।

সাংসদ গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে মুখ্যমন্ত্ৰীয়ে যিবোৰ অভিযোগ উত্থাপন কৰিছে, সেই একেখিনি কথা তেওঁ ১০ ছেপ্টেম্বৰৰ আগৰ পৰাই কৈ আছিল। গগৈয়ে প্ৰশ্ন কৰে যে যদি অভিযোগসমূহ ইমানেই গুৰুত্বপূৰ্ণ আছিল, তেন্তে মুখ্যমন্ত্ৰীয়ে যোৱা ৬ মাহ ধৰি কিয় মৌনতা অৱলম্বন কৰি আছিল? পাকিস্তান ভ্ৰমণৰ প্ৰসংগত সাংসদগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে এজন সাংসদ হিচাপে তেওঁৰ বিদেশ ভ্ৰমণৰ সকলো তথ্য কেন্দ্ৰীয় চৰকাৰৰ হাতত থাকে। নিৰ্বাচন কাষ চাপি অহাৰ বাবেহে মুখ্যমন্ত্ৰীয়ে এনে ভিত্তিহীন অভিযোগ উত্থাপন কৰিছে বুলি তেওঁ দাবী কৰে।

Apply Now

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে ভূমি দখলৰ ওলোটা অভিযোগ উত্থাপন কৰি গৌৰৱ গগৈয়ে কয় যে ‘সময় পৰিৱৰ্তনৰ যাত্ৰা’ৰ মাত্ৰ চাৰিটা দিনতে তেওঁলোকে মুখ্যমন্ত্ৰীৰ দখলত থকা ৪০০০ বিঘা ভূমি চিনাক্ত কৰিবলৈ সক্ষম হৈছে। তেওঁ অভিযোগ কৰে যে সমগ্ৰ অসমত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দখলত প্ৰায় ১২০০০ বিঘা ভূমি আছে। চৰকাৰী ভূমি আইন সলনি কৰি ৯০ শতাংশ মাটি অবৈধভাৱে দখল কৰা হৈছে বুলিও তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে। গগৈয়ে ঘোষণা কৰে যে ভৱিষ্যতে কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিলে এই মাটিসমূহ উদ্ধাৰ কৰি ভূমিহীন দুখীয়া ৰাইজৰ মাজত বিতৰণ কৰা হ’ব।

মুখ্যমন্ত্ৰীৰ সংবাদমেলক ‘ছুপাৰ-ডুপাৰ ফ্লপ’ আখ্যা দি গগৈয়ে কংগ্ৰেছৰ এই যাত্ৰাক ‘ছুপাৰ বাম্পাৰ হিট’ বুলি অভিহিত কৰে। দৰং জিলাৰ মঙলদৈত সামৰণি পৰা এই কাৰ্যসূচীত এ আই চি চিৰ নেতা জীতেন্দ্ৰ সিং, পৃথ্বীৰাজ সাথে, মনোজ চৌহানৰ লগতে সাংসদ ৰকিবুল হুছেইন আৰু প্ৰাক্তন সাংসদ ৰিপুন বৰাকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে। সাংসদগৰাকীয়ে জানিবলৈ দিয়ে যে শীঘ্ৰেই এই যাত্ৰাৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী ঘোষণা কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm
শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

October 7, 2026 4:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd