দৰঙৰ বেছিমাৰীত আজি আবেলি সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত এখন তীব্ৰবেগী ছুইফ্ট ডিজায়াৰৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছে এখন মালবাহী ট্ৰাকৰ।
এই দুৰ্ঘটনাত থিতাতে নিহত হয় ছুইফ্ট ডিজায়াৰখনৰ ৫জন আৰোহী। আনহাতে এই দুৰ্ঘটনাৰ ফলত তিনিজন লোক আহত হয়।
তেজপুৰ অভিমুখী AS-13 CC-1002 নম্বৰৰ ট্ৰাকৰ সৈতে গুৱাহাটীমুখী AS-07G- 6794 নম্বৰৰ চুইফ্ট ডিজায়াৰ গাড়ীৰ মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো।
নিহত পাঁচজন ব্যক্তিক ক্ৰমে দৰঙৰ শ্যামপুৰৰ ফৰিদুল ইছলাম, আজাদ আলী, ইব্ৰাহিম আলী আৰু দলগাঁও দৈপামৰ মঞ্জুৱাৰা বেগম, ছানিয়া আখতাৰা বুলি চিনাক্ত কৰা হৈছে।
আনহাতে আহত ৰফিকুল ইছলাম, আব্বাজ আলী আৰু আব্দুল আৱালৰ ঘৰ দৰঙৰ আৰিমাৰী শ্যামপুৰত।
আহতসকলক ততালিকে উন্নত চিকিৎসাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।