লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধীয়ে সংবাদমেল আহ্বান কৰি হাৰিয়ানাৰ নিৰ্বাচনী তালিকাত ব্যাপক ৰিগিঙৰ অভিযোগ উত্থাপন কৰি সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰিছে। এই অভিযোগক তেওঁ হাইড্ৰ’জেন বোমা বা ভোট ৰিগিং বুলি অভিহিত কৰিছে।
ৰাহুল গান্ধীৰ অভিযোগ অনুসৰি হাৰিয়ানাৰ হোডাল চহৰৰ ২৬৫ নম্বৰ ঘৰত ৫০১ জন ভোটাৰৰ নাম পঞ্জীয়ন কৰা হৈছে। কংগ্ৰেছৰ এক তদন্তত পোহৰলৈ আহিছে যে হোডাল চহৰৰ ২৬৫ নং ঘৰটো স্থানীয় বিজেপি নেতা তথা প্ৰাক্তন পৌৰসভাৰ কাউন্সিলাৰ সুন্দৰ সিঙৰ নামত পঞ্জীয়ন কৰা হৈছে।
বিষয়টো পোহৰলৈ অহাৰ লগে লগে বিজেপিয়ে ইয়াক ‘ডাটা এণ্ট্ৰি এৰ’ৰ’ বুলি ব্যাখ্যা কৰিছে। তেওঁলোকে দাবী কৰে যে বুথ লেভেল অফিচাৰে (বি এল অ’) ভুলতে সেই অঞ্চলৰ সকলো ঘৰৰ নম্বৰ প্ৰৱেশ কৰি ২৬৫ লৈ সলনি কৰিছে।
প্ৰাক্তন পৌৰসভাৰ কাউন্সিলাৰ সুন্দৰ সিঙেও স্বীকাৰ কৰে, “ভোটাৰ তালিকাত এই সকলোবোৰ ঘৰতে ঘৰ নম্বৰ ২৬৫ বুলি চিহ্নিত কৰা হৈছে। আনকি পৰৱৰ্তী লেনত থকা মোৰ সম্পৰ্কীয়ৰ ঘৰবোৰো একে নম্বৰেৰে তালিকাভুক্ত কৰা হৈছে।”
উল্লেখ্য যে ভোটাৰৰ সংখ্যাক লৈও সন্দেহ প্ৰকাশ কৰিছে কংগ্ৰেছে। বুধবাৰে সংবাদমেলত ৰাহুল গান্ধীয়ে দাবী কৰিছিল যে যদিও হাৰিয়ানাত মুঠ দুই কোটি ভোটাৰ আছে, তাৰে ২৫ লাখ ভোটাৰ ভুৱা! সেই ভুৱা ভোটাৰক ব্যৱহাৰ কৰি বিজেপিয়ে হাৰিয়ানাত জয়ী হোৱাৰ অভিযোগ উত্থাপন কৰে।
অৱশ্যে অঞ্চলটোৰ স্থানীয় লোকে নিজকে প্ৰকৃত ভোটাৰ বুলি দাবী কৰিছে। একাংশই স্বীকাৰ কৰিছে যে তেওঁলোকৰ আধাৰ কাৰ্ডত বিভিন্ন ঠিকনা উল্লেখ থকাৰ পাছতো তেওঁলোকৰ সকলোৰে নাম ভোটাৰ তালিকাত ২৬৫ নম্বৰ ঘৰৰ বাসিন্দা হিচাপে তালিকাভুক্ত কৰা হৈছে।




