DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অগ্নিকাণ্ডৰ ফলত জীৱন্তে জাহ গ’ল হোটেলৰ শ্ৰমিক হিচাপে কামত লগোৱা শিশু

মযূখ গোস্বামী by মযূখ গোস্বামী
January 9, 2018 5:38 pm
ChildLabour

প্ৰতিনিধিত্বমূলক ফটো।

191
VIEWS
Share on FacebookShare on Twitter

দৰং জিলাৰ দৈপাম আৰক্ষী চকীৰ অন্তৰ্গত অফিচ বজাৰ অঞ্চলত ঘটা অগ্নিকাণ্ডৰ এটা মৰ্মান্তিক ঘটনাত এটি শিশু জীৱন্তে দগ্ধ হয়। ১২ বছৰীয়া শিশুটোক হোটেলৰ গৰাকী জব্বৰ আলীয়ে হোটেলখনত শ্ৰমিক হিচাপে নিযুক্ত কৰি ৰাখিছিল।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে সোমবাৰৰ মাজনিশা দৈপামৰ স্থানীয় বজাৰ অঞ্চলত থকা এই হোটেলখনত কিবা প্ৰকাৰে জুই লাগে। খাৰুপেটীয়াৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি পোৱাৰ পূৰ্বেই অগ্নিকাণ্ডই বিধ্বংসী ৰূপ লৈ আচাম টাইপৰ হোটেলখন ছাইত পৰিণত কৰে।

কিন্তু তাৎপৰ্য্যপূৰ্ণভাৱে মঙলবাৰে পুৱা ভস্মীভূত হোটেলখনৰ অৱশিষ্টৰ মাজৰ পৰা এটি শিশুৰ সম্পূৰ্ণকৈ দগ্ধ হোৱা মৃতদেহ উদ্ধাৰ কৰা হয়। শিশুটো অগ্নিকাণ্ডটোত দগ্ধ হোৱাৰ কথাটো পুৱাহে সকলোৱে জানিব পাৰে। পিছত শিশুটো বৰুৱাঝাৰ গাৱঁৰ আখটাৰ হুচেইন (১২) বুলি চিনাক্ত কৰা হয়। ৰাইজে সন্দেহ কৰা মতে জুই লগাৰ সময়ত শিশুটো শুই থাকিব পাৰে বা সি ওলাবলৈ কোনো সুযোগ নাপাব পাৰে।

শিশুটিক হোটেলখনৰ গৰাকীয়ে শ্ৰমিক হিচাপে কামত লগোৱাৰ অভিযোগ উত্থাপিত হৈছে। আৰক্ষীয়ে এই সংক্ৰান্তত এটা গোচৰ ৰুজু কৰা বুলি জানিবলৈ দিছে। শিশুটোৰ মৃতদেহৰ মৰণোত্তৰৰ ব্যৱস্থা কৰা বুলিও জানিবলৈ দিয়ে আৰক্ষীয়ে।

উল্লেখযোগ্য যে শিশু শ্ৰমিক প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইন, ১৯৮৬ ৰ মতে ১৪ বছৰৰ তলৰ শিশুক কোনো ধৰণৰ শ্ৰমত নিয়োগ কৰাটো নিষিদ্ধ আৰু আইন মতে দণ্ডনীয় কথা। কিন্তু বহুবোৰ হোটেল কৰ্তৃপক্ষই প্ৰশাসনৰ চকুত ধূলি দি কম মজুৰিৰ বিনিময়ত এনে শিশুক হোটেলৰ ৱেইটাৰৰ দায়িত্বত, বাচন ধোৱা, তথা টেবুল মচা আদি কামত নিয়োগ কৰি আহিছে।

Recent News

Adani

ফেচবুক কৰ্ণাৰ: ডুবিছে ‘মোডানি’ জাহাজ

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd