NORTHEAST NOW (Assamese)

মণিপুৰত শুকুৰবাৰে পুনৰ ছয় গৰাকী লোকৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু

November 14, 2020 11:09 am · এন ই নাও নিউজ

মণিপুৰত বিগত ২৪ ঘণ্টাত ছয়গৰাকী ব্যক্তিয়ে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছে।

ইয়াৰ ফলত মণিপুৰত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ২১৩ গৰাকীলৈ বৃদ্ধি পালে।

আনহাতে, ৰাজ্যখনত শুকুৰবাৰে তিনগৰাকী নিৰাপত্তাৰক্ষী বাহিনীৰ জোৱানৰ সৈতে মুঠ ২২১ গৰাকী লোক কোভিড প’জিটিভ হয়।

ৰাজ্যখনৰ ২২ টা পৰীক্ষা কেন্দ্ৰত এই সকল লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

মণিপুৰৰ ১১ খন জিলাত এইসকল লোক কোভিড প’জিটিভ হয়। ইয়াৰ ভিতৰত পশ্চিম ইম্ফল (৯৮), পূব ইম্ফল (২৫), থৌবাল (৬), কাংগপোকপি (৩), বিষ্ণুপুৰ (১৫), কাকচিং (২২), চুৰাচন্দপুৰ (৫), উখৰুল (৩), সেনাপতি (১), তামেঙলং (২০) আৰু চাণ্ডেল (১৩) গৰাকী লোক কোভিড প’জিটিভ হয়।

ইপিনে, ৰাজ্যখনত শুকুৰবাৰৰ দিনটোত ২৫৫ গৰাকী লোকে বিভিন্ন চিকিৎসালয়ৰ পৰা ক’ৰ’না মুক্ত হৈ নিজ গৃহলৈ উভতি যায়।

মণিপুৰত বৰ্তমানলৈ মুঠ ২১৪২৫ গৰাকী লোক কোভিড প’জিটিভ হোৱাৰ বিপৰীতে ১৮১৪৪ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা আৰোগ্য হৈ উঠিছে।

ৰাজ্যখনত ক’ৰ’নাৰ পৰা আৰোগ্যৰ হাৰ হৈছে ৮৪.৬৮ শতাংশ।

Related News