• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ১৪ নৱেম্বৰৰ সংকল্প যাত্ৰাক ৬০টা সংগঠনৰ আদৰণি

NE NOW NEWS মিণ্টু দাস
নগাঁও , November 10, 2018 3:05 pm

2 min read

nagaon 60 organisation.jpg 2

নগাঁবত ৬০ টা সংগঠনৰ সমন্বয় বৈঠক। ফটো : নৰ্থইষ্ট নাও

203
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নগাঁৱত শেহতীয়াকৈ একাধিক সংগঠনে মিলিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। শুকুৰবাৰেও নগাঁও চহিদ ভৱন প্ৰেক্ষাগৃহত খগেন গায়ন আৰু প্ৰদীপ শইকীয়া সঞ্চালনাত অনুষ্ঠিত সমন্বয় বৈঠকত জিলাখনৰ ৬০ টাৰো অধিক সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে।

সভাই এই বিধেয়কখনৰ জৰিয়তে কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰ আৰু বৰ্তমানৰ অসমৰ মিত্ৰজোঁ‌টৰ জৰিয়তে অসমীয়া জাতিক ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি মতপোষণ কৰে। প্ৰতিনিধিসকলে চৰকাৰৰ এই ষড়যন্ত্ৰত কেতিয়াও সফল হ’বলৈ নিদি নহ’ব বুলি উল্লেখ কৰি চৰকাৰক শীঘ্ৰে বিধেয়কখন বাতিল কৰিবলৈ দাবী জনায়। অন্যথা চৰকাৰ কঠোৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলি সভাই সকীয়াই দিয়ে।

সভাই জিলাখনত বিধেয়কৰ বিৰুদ্ধে জোৰদাৰ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়। সভাই এই সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাগজ্যোতিষ বনিয়া আৰু কৃষক মুক্তিৰ জীতেন বৰাক মুখ্য আহবায়ক হিচাপে লৈ এখন আহবায়ক সমিতি গঠন কৰা হয়।

তদুপৰি, সভাই ১৪ নৱেম্বৰত ধলাৰ পৰা আহিব লগা সংকল্প যাত্ৰাক নগাঁৱত বিপুলভাবে আদৰণি জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেইদিনা নগাঁৱত  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এক বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

উক্ত সভাত কৃষক মুক্তি সংগ্ৰাম সমিতি, যুৱছাত্ৰ পৰিষদ, অনুসূচীত জাতি যুৱ ছাত্ৰ সন্থা, অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, আদিবাসী জাতীয় মহাসংঘ, ঐক্য সেনা অসম, আমছু, বীৰ লাচিত সেনা, সূত ছাত্ৰ সন্থা, মাছ, টাই আহোম ছাত্ৰ সন্থা, কোছ ৰাজবংশী ছাত্ৰ সন্থা, গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদ, কোঁ‌চ ৰাজবংশী জাতীয় সন্মিলন, অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদ, বিহু সুৰক্ষা সমিতিকে ধৰি ৬০ টা সংগঠনৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰি বিজেপি আৰু আৰ এছ এছৰ ষড়যন্ত্ৰ প্ৰতিহত কৰিবলৈ সংকল্প গ্ৰহণ কৰে। লগতে সমাগত পঞ্চায়ত নিৰ্বাচনত বিজেপিক এসেকা দিবলৈ সকলোকে সাজু হ’বলৈ আহ্বান জনায়।

Recent News

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

কেইবাখনো গাড়ীক খুন্দিয়াই বাগৰিল কয়লাভৰ্তি ট্ৰাক, সংকটজনক অৱস্থাত দুজন লোক

কেইবাখনো গাড়ীক খুন্দিয়াই বাগৰিল কয়লাভৰ্তি ট্ৰাক, সংকটজনক অৱস্থাত দুজন লোক

আজি নিৰ্ণয় হ’ব সুৰেশ ৰাইনা, স্মিথ, মেক্সৱেলকে ধৰি কেইবাজনো ক্ৰিকেটাৰৰ ভাগ্য

আজি নিৰ্ণয় হ’ব সুৰেশ ৰাইনা, স্মিথ, মেক্সৱেলকে ধৰি কেইবাজনো ক্ৰিকেটাৰৰ ভাগ্য

সমাধানৰ আশাত আজি চৰকাৰে দশমবাৰৰ বাবে কৃষকৰ সৈতে মিলিত হ’ব আলোচনাত

সমাধানৰ আশাত আজি চৰকাৰে দশমবাৰৰ বাবে কৃষকৰ সৈতে মিলিত হ’ব আলোচনাত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd