• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

অভিযোগ অনুসৰি চৰকাৰী কৰ্মচাৰীয়ে ধন আত্মসাৎ কৰি পত্নী আৰু আত্মীয়ৰ একাউণ্টলৈ ধন স্থানান্তৰ কৰিছে। সেই টকাৰে সম্পত্তি ক্ৰয় কৰা হৈছে। আকৌ কিছুমানে কেৱল জুৱা খেলি, মজ-মস্তি কৰি টকা উৰুৱাই দিছে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 25, 2026 9:40 am
ফটোঃ এ আই।

ফটোঃ এ আই।

238
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ কোষাগাৰত হেনো বৰ নাটনি হৈছে। যাৰ বাবে বিজেপি শাসিত মধ্যপ্ৰদেশ চৰকাৰে ব্যয় হ্ৰাস কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। মন্ত্ৰী-আমোলাৰ বিদেশ ভ্ৰমণত নিয়ন্ত্ৰণ অনা হৈছে। চৰকাৰী অনুষ্ঠানৰ বাবে বিলাসী হোটেলকে ধৰি বিভিন্ন খৰচো কৰ্তন কৰা হৈছে। ইপিনে সৰিয়হৰ ডুলিতে ওলাইছে ভূত।

অভিযোগ অনুসৰি ৰাজ্যত বাজেট আৱন্টনত প্ৰায় ৬০০ কোটি টকা লুণ্ঠন হৈছে।  সুযোগ লৈ চৰকাৰী কৰ্মচাৰীয়ে কোটি কোটি টকা হৰলুকি কৰিছে। কোনো কোনো ক্ষেত্ৰত ভুৱা বিল দেখুৱাই ধন আত্মসাৎ কৰা হৈছে। কোনো কোনো ঠাইত একে কামৰ বাবে দুবাৰকৈ টকা আদায় দিয়া হৈছে।

Apply Now

অভিযোগ অনুসৰি চৰকাৰী কৰ্মচাৰীয়ে ধন আত্মসাৎ কৰি পত্নী আৰু আত্মীয়ৰ একাউণ্টলৈ ধন স্থানান্তৰ কৰিছে। সেই টকাৰে সম্পত্তি ক্ৰয় কৰা হৈছে। আকৌ কিছুমানে কেৱল জুৱা খেলি, মজ-মস্তি কৰি টকা উৰুৱাই দিছে।

এই অভিযোগ পোহৰলৈ অহাৰ লগে লগে কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহ সৰৱ হৈ পৰিছে। মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা কমল নাথে কটাক্ষ কৰি কয় যে ৰাজ্যখনৰ বৰ্তমানৰ বিজেপি চৰকাৰখন অযোগ্য। সকলো দুৰ্নীতিগ্ৰস্ত। আনকি বিষয়া-কৰ্মচাৰীয়েও এই চৰকাৰক গুৰুত্ব নিদিয়ে। অলপো ভয় নকৰে।

ডিৰেক্টৰেট অফ ট্ৰেজাৰী এণ্ড একাউন্টনছৰ অধীনস্থ ৰাজ্যিক বিত্তীয় চোৰাংচোৱা কোষৰ তদন্তত এই বৃহৎ দুৰ্নীতি ফাদিল হৈছে। এই পৰ্যন্ত ৪০০ৰো অধিক কৰ্মচাৰীৰ বিৰুদ্ধে ৫৯খন এফআইআৰ দাখিল কৰা হৈছে। বিদ্যালয় শিক্ষা, ৰাজহ, আৰক্ষী, স্বাস্থ্যকে ধৰি ২৪টা বিভাগ তদন্তকাৰীৰ স্ক্যানাৰৰ অধীনত আছে। ইডি আৰু দুৰ্নীতি নিবাৰক শাখাই কেইবাটাওগোচৰৰ তদন্ত অব্যাহত ৰাখিছে।

জানিব পৰা মতে, চৰকাৰী ধন পৰিশোধৰ বাবে ব্যৱহাৰ কৰা ‘ইণ্টিগ্ৰেটেড ফাইনেন্সিয়েল মেনেজমেণ্ট ইনফৰ্মেশ্যন চিষ্টেম’ প্লেটফৰ্মৰ জৰিয়তে বিগত পাঁচ বছৰত বহু অনিয়ম সংঘটিত হৈছে। এই পৰ্যন্ত ১৯৯টা সন্দেহজনক লেনদেন চিনাক্ত কৰা হৈছে। এই ক্ষেত্ৰত প্ৰায় ৩০৫ কোটি টকা ৰাজকোষৰ পৰা চৰকাৰী বিষয়া-কৰ্মচাৰীৰ ব্যক্তিগত বেংক একাউণ্টত প্ৰৱেশ কৰিছে। লগতে অভিযুক্তৰ পত্নী আৰু আত্মীয়ৰ একাউণ্টলৈও ধন স্থানান্তৰ কৰা হৈছে।

নিয়ম অনুসৰি কোষাগাৰৰ ব্যক্তিগত জমা একাউণ্টত ২৯৩ কোটি টকা জমা ৰখাৰ কথা আছিল। সেই ধনো আন একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হৈছে। কৰ্মচাৰীৰ ডুপ্লিকেট ক’ড তৈয়াৰ কৰা আৰু লগইন পাছৱৰ্ড শ্বেয়াৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। আনকি পঞ্জীয়নভুক্ত মোবাইল নম্বৰটোও সলনি কৰা হৈছিল যাতে ধনৰ লেনদেনৰ বাবে অ’টিপি আন এটা নম্বৰলৈ যায়। আৰু আন কোনেও গম নাপায়।

ইয়াৰ ফলত চৰকাৰৰ শীৰ্ষৰ পৰা নিম্নতম পৰ্যায়লৈকে বিষয়াসকলৰ অৱস্থা নিশাটোৰ ভিতৰতে জয়জয়-ময়ময় উঠিছে। কমল ৰাথোৰ নামৰ এজন প্ৰাক্তন ব্লক শিক্ষা বিষয়াই ২০ কোটি টকা আত্মসাৎ কৰে। আৰু সেই টকাৰে তেওঁ বালাজী ধাম নামেৰে এটা কলনী সাজি পেলাইছে। ইডিয়ে তেওঁৰ ৫৬টা প্লট সংলগ্ন(এটাছ) কৰিছে। ৰিপুদমন সিং নামৰ এজন সংশোধনী কেন্দ্ৰৰ সাধাৰণ চকীদাৰে মাহে প্ৰায় ৪ লাখ ৮২ হাজাৰ টকা দৰমহা উলিয়াইছিল। এইবোৰ দেখি তদন্তকাৰী বিষয়াসকলৰ চকু কপালত উঠিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

October 1, 2026 11:27 am
দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

October 1, 2026 7:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

October 1, 2026 11:27 am
দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd