কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত আজি ৬৪ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ দ্বিতীয় দিনৰ কাৰ্যসূচী উদযাপিত হয় ৷
দ্বিতীয় দিনৰ আজিৰ দিনজোৰা কাৰ্যসূচী বনাঞ্চলৰ কান্ধুলিমাৰী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয় ৷ এই উপলক্ষে আজি পুৱা বিদ্যালয়খনত আয়োজিত অনুষ্ঠানত পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়া, অগৰাতলিৰ বনাঞ্চলিক বিষয়া ধৰনী ধৰ বৰাকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
আজিৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়াই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানৰ পাচতেই বনাঞ্চলটোৰ কাষৰীয় ৭ খন বিদ্যালয়ৰ প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ, চিত্ৰাংকণ আৰু আকস্মিক বকত্তৃা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷
উল্লেখযোগ্য যে কাজিৰঙাত থকা বিভিন্ন বেচৰকাৰী প্ৰকৃতি সংগঠনৰ সগযোগত কাজিৰঙা কৰ্তৃপক্ষই সাত দিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ কেইটা বনাঞ্চলতেই ৬৪ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ আয়োজন কৰিছে ৷