উত্তৰ প্ৰদেশৰ কানপুৰত কিছুদিন পূৰ্বে সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদিনৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা কামৰুজ জামানৰ আন আঠজন সহযোগীক ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (নিয়া)ৰ এটা দলে বৃহস্পতিবাৰে নগাঁও বিশেষ কাৰাগাৰৰ পৰা তেওঁলোকৰ জিম্মাত লয়।
‘নিয়া’ ৰ দলটো বুধবাৰে হোজাইত উপস্থিত হৈ জিলাখনৰ উচ্চ পৰ্যায়ৰ আৰক্ষীৰ সৈতে এক বৈঠকত মিলিত হৈ বৃহস্পতিবাৰে ধৃত আঠজন জেহাদীক হোজাই আৰক্ষীৰ সহযোগত নিজৰ জিম্মাত লৈ নিয়াৰ দলটোৱে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে নিয়াৰ গুৱাহাটীস্থ আদালতলৈ লৈ যায়।
উল্লেখ্য যে, হোজাইৰ যমুনামুখৰ বাসিন্দা জেহাদী কামৰুজ জামানে অসমত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাবলৈ জাল পাতিছিল। জামানক এই ক্ষেত্ৰত সহযোগ কৰিছিল হোজাই জিলাৰ যমুনামুখ, মোৰাঝাৰকে ধৰি কেবা ঠাইৰো বহু কেইজন যুৱকে।
কেইবছৰমান পূৰ্বে ব্যৱসায় সুত্ৰে জন্মু কাশ্মীৰলৈ যোৱা জামানে পৰৱৰ্তী সময়ত হিজবুল মুজাহিদিনত যোগদান কৰিছিল বুলি তেওঁ নিজেই ছ’চিয়েল মিডিয়া যোগে নিজৰ অস্তিত্ব জাহিৰ কৰিছিল। ইয়াৰ পিছতে তেওঁ উত্তৰ প্ৰদেশৰ কানপুৰত এক কুটাঘাতমূলক কাৰ্য সংঘটিত কৰাৰ বাবে অৱস্থান লৈ থকা অৱস্থাত কানপুৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল।
ধৃত কামৰুজ জামানৰ তথ্যৰ ভিত্তিত হোজাই আৰক্ষীয়ে অভিযান চলাই জামানৰ ভাতৃ ছাইফুল আলমসহ শ্বাহনাৱাজ আলম, ওমৰ ফাৰুক, শ্বাহিদুল আলম, ৰিয়াজ উদ্দিন আহমেদ, জয়নাল আহমেদ, বাহাৰুল ইছলাম আৰু অভিমুন্য চৌহানক গ্ৰেপ্তাৰ কৰিছিল।