• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শম্ভু কলিতাক আপুনি কেতিয়াবা লগ পাইছে নে? কিয় ৮২ বছৰ বয়সতো তেওঁ চলাই আছে ৰিক্সা ?

শশাংক তালুকদাৰ, বজালী by শশাংক তালুকদাৰ, বজালী
November 9, 2021 4:01 pm
393
VIEWS
Share on FacebookShare on Twitter

শম্ভু কলিতাক আপুনি কেতিয়াবা লগ পাইছেনে? অসমৰ শিক্ষানগৰী হিচাবে পৰিচিত পাঠশালালৈ যদি আপুনি গৈছে তেন্তে হয়তো শম্ভু কলিতাক আপুনি দেখিবও পাৰে।

মানুহৰ ভিৰৰ মাজৰে এজন শম্ভু কলিতা।

শম্ভু কলিতা নামৰ ব্যক্তিগৰাকীয়ে জীৱনীশক্তি কি সেয়া ভালদৰেই প্ৰমাণ কৰি দিব পাৰিছে। বহুজনৰ বাবে প্ৰেৰণাৰ উৎস হ’ব পৰা শম্ভু কলিতা এগৰাকী তেনেই সাধাৰণ মানুহ।

পেছাত ৰিক্সা চালক শম্ভু কলিতাৰ বয়স ৮২ বছৰ।

বয়সে ক্লান্ত কৰিব নোৱাৰা শম্ভু কলিতাই চাৰি কুৰি বছৰৰ পিছতো পেডেল মাৰি গৈছে ৰিক্সাৰ,ৰিক্সা খনৰ লগতে চলাই নিছে নিজৰ জীৱন ৰথ খনো।

৮২ বছৰ বয়সতো ৰিক্সা চলাই পৰিয়াল পোহপাল দি থকা শম্ভু কলিতাই অত্যন্ত অভাৱ-অনাটনৰ মাজেৰেই দিন পাৰ কৰিবলগীয়া হৈছে।

অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যধিক মৃল্যবৃদ্ধিৰ সময়ত শম্ভু কলিতাই দিনটো ৰিক্সা খন চলাই ৫০ৰ পৰা ৬০ টকাহে আয় কৰে।

যি ধন আজিৰ দিনত সংসাৰ চলাবলৈ একোৱেই নহয়।

তথাপি হাৰি যোৱা নাই শম্ভু কলিতাই। পুৱাতেই ৰিক্সা খনলৈ ওলাই আহে তেওঁ দুটকা উপাৰ্জন কৰাৰ আশাৰে।
বিগত ৬৫ টা বছৰ ধৰি এনেদৰেই চলিছে শম্ভু কলিতাৰ জীৱন।

বতৰ ভালেই হওঁক বা বেয়াই হওঁক, শম্ভু কলিতাই ৰিক্সা খন লৈ বাহিৰলৈ ওলাই আহিবই।

বয়স আৰু পৰিশ্ৰমৰ ভৰত কেতিয়াবা ক্লান্ত হৈ পৰে যদিও থমকি নৰয় তেওঁ। কাম কৰাৰ দুৰ্বাৰ হেঁপাহ থকাৰ পিছতো শম্ভু কলিতাই প্ৰায়ে উজুতি খাবলগীয়া হয়।

তেওঁৰ বয়সলৈ চাই বহুতেই তেওঁৰ ৰিক্সাত উঠিবলৈ ইচ্ছা নকৰে। সেইবাবেই আনৰ তুলনাত তেওঁৰ আয়ো কম হয়। ই-ৰিক্সাৰ প্ৰচলন হোৱাৰ ফলতো তেওঁৰ আয় পূৰ্বতকৈ কমিছে।

সংসাৰ বুলিবলৈ শম্ভু কলিতাৰ আছে দুগৰাকী কন্যা, এটি পুত্ৰ সন্তানৰ সৈতে পত্নী।

কৰ্মবিমুখতাই চানি ধৰা সমাজ খনৰ বাবে শম্ভু কলিতা হ’ব পাৰে আদৰ্শৰ চানেকি।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd