ৰাজ্যখনৰ সৰ্বত্ৰে লোকসভা নিৰ্বাচনৰ উত্তাল বতাহ বলি থকাৰ মাজতে শনিবাৰে গোৱালপাৰা জিলাৰ কৃষ্ণাইত সক্ৰিয় গুলীসহ এটা পিষ্টল উঠাৰ হোৱাৰ বাতৰিয়ে সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
প্ৰাপ্ত তথ্য অনুসৰি নিচেই পুৱা এক গোপন সূত্ৰৰ পম খেদি জিলাখনৰ মৰনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপু বৰাৰ নেতৃত্বত আৰক্ষীৰ দল এটাই ৰাক্ষসিনীৰ পৰা লবস্টাৰ আৰ মাৰাক নামৰ এজন লোকক আটক কৰে৷
আটকাধীন মাৰাকক কৃষ্ণাই আৰক্ষী থানালৈ আনি মাৰাথন জেৰা চলোৱাত সদৰী কৰা তথ্যৰ ভিত্তিতে কৃষ্ণাই আৰু মৰনৈ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই পিষ্টলটো উদ্ধাৰ কৰে।
কৃষ্ণাই আৰক্ষী থানাৰ পুঠিমাৰিৰ জনৈক চেংগম চাংমাৰ ঘৰৰ পৰা ৬ জাঁই সক্ৰিয় গুলীসহ নাইন এম এম পিষ্টলটো উদ্ধাৰ কৰা হৈছে। অৱশ্যে চেংগম চাংমাক আৰক্ষীয়ে এতিয়ালৈকে আটক কৰিব পৰা নাই৷
আৰক্ষী সূত্ৰে জানিব পৰা মতে ধৃত লবষ্টাৰ আৰ মাৰাক এজন আত্মসমৰ্পণকাৰী গাৰো উগ্ৰপন্থী৷ মাৰাকে ২০১৬ চনত গাৰো উগ্ৰবাদী সংগঠন জি এন এল এ’ৰ পৰা আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ উভতি আহিছিল৷
সম্প্ৰতি অধিক তথ্যৰ বাবে মাৰাকক জেৰা চলাই আছে বুলি আৰক্ষীয়ে জনাইছে৷