• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চৰকাৰী দমন-নিৰ্যাতনৰ অন্ত হওঁক; প্ৰৱাসী অসমীয়াৰ বিনম্ৰ আহ্বান

মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ 'CAA-NRC-NPR' সম্পৰ্কীয় পদক্ষেপ তথা আন আন বৈষম্যমূলক কাম-কাজে বিশ্বৰ সুধী সমাজৰ সন্মুখত ভাৰতবাসীক লজ্জানত কৰিছে।

এন ই নাও নিউজ by এন ই নাও নিউজ
March 7, 2020 2:27 pm
Dhemaji Anti-CAA

প্ৰতিনিধিত্বমূলক ফ'টো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম তথা ভাৰতবৰ্ষৰ সাম্প্ৰতিক পৰিস্থিতি দেখি আমি বাৰুকৈয়ে উদ্বিগ্ন হৈ পৰিছো । দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষই আমাৰ লগতে কোটি কোটি বিশ্ববাসীৰ হৃদয় জোকাৰি গৈছে । মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ‘CAA-NRC-NPR’ সম্পৰ্কীয় পদক্ষেপ তথা আন আন বৈষম্যমূলক কাম-কাজে বিশ্বৰ সুধী সমাজৰ সন্মুখত ভাৰতবাসীক লজ্জানত কৰিছে।

বিজেপি নেতৃত্বাধীন অসম চৰকাৰেও অনুৰূপ কার্যনীতি গ্ৰহণ কৰি অসমৰ ভৱিষ্যতৰ প্ৰতি সংকট নমাই আনিছে । ‘কা’ৰে অসম চুক্তিক উলংঘা কৰি বৃহত্তৰ অসমীয়া জাতিৰ অস্তিত্ব বিপদাপন্ন কৰি তুলিছে । সেয়ে অসমৰ সচেতন ৰাইজে চৰকাৰৰ এই গণবিৰোধী, অসমবিৰোধী নীতিৰ বিৰুদ্ধে সবল প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ।

Apply Now

কিন্তু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিৰ্বাচিত চৰকাৰে জনগণৰ প্ৰতিবাদক গুৰুত্ব দিয়াৰ পৰিৱৰ্তে প্ৰতিবাদকাৰীৰ ওপৰত অগণতান্ত্রিক দমন আৰু আমানৱীয় নিৰ্যাতনহে চলাইছে । অসমৰ কেইবাগৰাকী নিৰীহ যুৱ প্ৰতিবাদকাৰীক গুলীয়াই হত্যা কৰা হ’ল । আপোচহীন আৰু শক্তিশালী ‘কা’-বিৰোধী স্থিতিৰ বাবে অসমৰ জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাক ‘প্রাগ নিউজ’ৰপৰা পদত্যাগ কৰিবলৈ অতি কৌশলেৰে বাধ্য কৰোৱা হ’ল ।

‘কা’বিৰোধী আন্দোলনৰ অগ্ৰণী নেতা অখিল গগৈ প্ৰমুখ্যে বিভিন্ন প্ৰতিবাদীক মনেসজা অভিযোগৰ ভিত্তিত চৰকাৰে কাৰাগাৰত বন্দী কৰি থৈছে। গুৰুতৰভাৱে অসুস্থ কাৰাৰুদ্ধ অখিল গগৈক উপযুক্ত চিকিৎসা প্ৰদান নকৰি চৰকাৰে যেন ‘অখিল গগৈক এইবাৰ নিঃশেষ কৰা হ’বই’ বুলি বুজাব খুজিছে ।

চৰকাৰৰ এনে অগণতান্ত্রিক আৰু আমানৱীয় দমন-নিৰ্যাতন দেখি বিবেকৱান জনগণ মৌন হৈ থকাটো উচিত নহয়। সেয়ে আমি অসমৰ সকলো গণতান্ত্ৰিক অসমপ্ৰেমী ৰাইজক ঐক্যবদ্ধ হৈ চৰকাৰৰ এই দমন-নিৰ্যাতনৰ বিৰুদ্ধে সবল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছো, লগতে আমি নিম্নস্বাক্ষৰিত প্ৰবাসী অসমীয়াসকলে এই প্ৰতিবাদলৈ আমাৰ নৈতিক সমৰ্থন আগবঢ়াইছো ।

‘কা’ বাতিল, সংবিধান আৰু গণতন্ত্ৰ ৰক্ষা, অসম চুক্তি ৰূপায়ন তথা কাৰাৰুদ্ধ হৈ থকা সকলো ‘কা’-বিৰোধী নেতা-কৰ্মীৰ তাৎক্ষণিক মুক্তি আমি দাবী কৰিছো, অখিল গগৈক অতি শীঘ্ৰে উন্নত চিকিৎসা প্ৰদানৰ বাবে আবেদন কৰিছো ।

অসমৰ হিতাৰ্থে এইখিনিতে আন এটা কথা উল্লেখ কৰাটো সমীচীন হ’ব, বৰ্তমানৰ দল-সংগঠন-নেতা-নাগৰিকে অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে কেৱল ভাষা-সাহিত্য-সংস্কৃতি আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ কথাহে কৈ থকাটো আমি সচেতনভাৱে লক্ষ্য কৰিছো।

কিন্তু অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখনত বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ দিশটো সম্পূৰ্ণ অৱহেলিত হৈ আছে। কোৱা বাহুল্য, একবিংশ শতিকাত বৃহত্তৰ অসমীয়া জাতিক সকলো দিশৰ পৰা আগুৱাই লৈ যাবলৈ হ’লে বিজ্ঞান-প্ৰযুক্তিৰ অগ্ৰগতি আৰু সমাজত বিজ্ঞানমনস্কতা গঢ়ি তোলাটো অপৰিহাৰ্য । অসমৰ সচেতন ৰাইজে সময় থাকোঁতেই এই দিশত মন-কাণ দিব বুলি আশা কৰিছো।

 ডঃ বিপুল ডেকা (দক্ষিণ কোৰিয়া)

ডঃ কৌশিক তালুকদাৰ (জাৰ্মানী)

 ডঃ নমিতা শৰ্মা (দক্ষিণ কোৰিয়া)

 ডঃ পার্থজ্যোতি দাস (আমেৰিকা যুক্তৰাষ্ট্ৰ)

কল্যাণী ৰাজকুমাৰী (ভুৱনেশ্বৰ, উৰিষ্যা)

ভূপালী কলিতা (আমেৰিকা যুক্তৰাষ্ট্ৰ)

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

June 20, 2026 6:34 pm
লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

June 20, 2026 5:40 pm
মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

June 20, 2026 5:13 pm
বিনা টিকটে ৰেল ভ্ৰমণ কৰিলে ভৰিব লাগিব দুগুণ জৰিমনা, ৰেল বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

বিনা টিকটে ৰেল ভ্ৰমণ কৰিলে ভৰিব লাগিব দুগুণ জৰিমনা, ৰেল বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

June 20, 2026 4:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

June 20, 2026 6:34 pm
লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

June 20, 2026 5:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd