• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ল দুয়োখন হাত নথকা মেঘালয়ৰ ছাত্ৰ; সোঁভৰিৰে লিখিলে পৰীক্ষা

অনিৰ্বান ৰয় by অনিৰ্বান ৰয়
March 9, 2020 4:09 pm
mEGHALAYA-1140x570
1.4k
VIEWS
Share on FacebookShare on Twitter

হেইমনমি ছাইনাহে আজিৰ পৰা ২০ বছৰ আগতে দুয়োখন হাত নোহোৱাকৈয়ে জন্মগ্ৰহণ কৰিছিল।

পৰিয়ালৰ কোনোৱে কেতিয়াও আশা কৰা নাছিল যে হেইমনমিয়ে স্কুললৈ যাব পৰিব বা লিখিবলৈ সক্ষম হ’ব।

কিন্তু দিব্যাংগগৰাকীৰ একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমে তেওঁক এনে এক সফলতা আনি দিলে যিটো আছিল সম্পূৰ্ণ অসম্ভৱ।

পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ মৌকাইয়’ৰ ছয়ংগোধ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ এগৰাকী ছাত্ৰ হেইমনমিয়ে এইবাৰ তেওঁৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত (SSLC)অৱতীৰ্ণ হৈছে।

পৰীক্ষা কেন্দ্ৰত সকলোৱে হতচকিত হৈ পৰিছিল যেতিয়া তেওঁলোকে দেখিছিল যে ছাত্ৰগৰাকীয়ে তেওঁৰ সোঁভৰিৰে কলমটো ধৰি দৃঢ়তাৰে লিখি গৈছে।

হেইমনমিক তেওঁৰ বাওঁভৰিৰে প্ৰশ্নকাকত আৰু উত্তৰ বহী ধৰি থকা আৰু সোঁভৰিৰ আঙুলিৰে মসৃনভাৱে লিখি যোৱা দেখা গৈছিল।

‘’এইটো মোৰ জীৱনৰ আটাইতকৈ আনন্দৰ মুহূৰ্ত। আমি কেতিয়াও তেওঁৰ পৰা ইমান বেছি আশা কৰা নাছিলো,’’-হেইমনমিৰ গৰ্বিত মাতৃ এইমাইয়া ছাইনাহে কয়।

হেইমনমিৰ পিতৃ বিনেইন লামাৰে এগৰাকী খেতিয়ক আৰু তেওঁৰ পৰিয়ালটো দক্ষিণ জয়ন্তীয়া পাহাৰ জিলাৰ লাছকেইন গাঁৱৰ পৰা অহা।

‘’আমি হেইমনমিয়ে এছএছএলচি পৰীক্ষাত ইমান আত্মপ্ৰত্যয়েৰে অৱতীৰ্ণ হোৱাত আনন্দিত হৈছো,’’-মেঘালয় মাধ্যমিক শিক্ষা পৰিষদৰ পৰীক্ষা নিয়ন্ত্ৰক টাম্মি ৰয় লালুৱে কয়।

হেইমনমিৰ পিতৃ-মাতৃ এতিয়া তেওঁলোকৰ সন্তানটোৰ উচ্চ শিক্ষাৰ বাবে ধন যোগান ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাবলৈ দৃঢ়প্ৰতিজ্ঞ যাতে জীৱনত তেওঁ ভালদৰে প্ৰতিষ্ঠিত হ’ব পাৰে।

‘’আমি ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাও যাতে তেওঁ (হেইমনমি) এদিন এজন ডাঙৰ মানুহ হ’ব পাৰে আৰু আমাক গৌৰৱান্বিত কৰি তোলে,’’- এইমাইয়া ছাইনাহে কয়।

তেওঁ কয়, হেইমনমিয়ে সদায় এগৰাকী চিকিৎসক হোৱাৰ সপোন দেখে। ‘’মই তেওঁৰ সপোন বাস্তৱ হোৱাৰ আশা কৰিছো,’’-তেওঁ কয়।

হেইমনমিৰ স্কুলৰ বন্ধুসকলো আশাবাদী যে তেওঁ অতি সুখ্যাতিৰে এছএছএলচি পৰীক্ষাত উত্তীৰ্ণ হ’ব।

‘’তেওঁ (হেইমনমি) এগৰাকী একাগ্ৰতা থকা ছাত্ৰ আৰু আমি নিশ্চিত যে তেওঁ ডিষ্টিংশ্যনসহ এছএছএলচি পৰীক্ষাত উত্তীৰ্ণ হ’ব,’’-স্কুলখনৰ এগৰাকী ছাত্ৰ মিহছালানে কয়।

হেইমনমিৰ পিতৃ-মাতৃ আশাবাদী যে যদি ল’ৰাটোৱে এছএছএলচি পৰীক্ষাত উত্তীৰ্ণ হয়, মেঘালয় চৰকাৰেও আগবাঢ়ি আহিব আৰু তেওঁক চিকিৎসক হোৱাত সহায় কৰিব।

Recent News

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত অবৈধ খননত নিষেধাজ্ঞা উচ্চতম ন্যায়ালয়ৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত অবৈধ খননত নিষেধাজ্ঞা উচ্চতম ন্যায়ালয়ৰ

লখিমপুৰৰ এখন বিদ্যালয়লৈ ভাবুকি কঢ়িয়াই আনিছে ডিক্ৰং নদীৰ বান খনীয়াই! কাণসাৰ নাই চৰকাৰৰ

লখিমপুৰৰ এখন বিদ্যালয়লৈ ভাবুকি কঢ়িয়াই আনিছে ডিক্ৰং নদীৰ বান খনীয়াই! কাণসাৰ নাই চৰকাৰৰ

জ্যোতি মালহোত্ৰাৰ সৈতে ঘনিষ্ঠ যোগাযোগ! ইউটিউবাৰ যশবীৰ সিঙক চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ

জ্যোতি মালহোত্ৰাৰ সৈতে ঘনিষ্ঠ যোগাযোগ! ইউটিউবাৰ যশবীৰ সিঙক চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ

ৰঘুৰাম ৰাজনৰ গুৰুত্ব পূৰ্ণ মন্তব্য: উন্নত দেশ হ’বলৈ ৮-৯% হ’ব লাগিব ভাৰতৰ বিকাশৰ হাৰ

ৰঘুৰাম ৰাজনৰ গুৰুত্ব পূৰ্ণ মন্তব্য: উন্নত দেশ হ’বলৈ ৮-৯% হ’ব লাগিব ভাৰতৰ বিকাশৰ হাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd