ৰাজ্যৰ জৈৱ বৈচিত্ৰতা গৱেষণা আৰু সংৰক্ষণৰ অগ্ৰণী সংগঠন আৰণ্যকে কাজিৰঙাত এখন পূৰ্ণাংগ আৰক্ষী থানা আৰু অত্যাধুনিক চিকিৎসালয় স্থাপনৰ বাবে অসমৰ মুখ্য মন্ত্ৰীক অনুৰোধ জনাই এক স্মাৰক পত্ৰ প্ৰদান কৰিছে।
বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ এখন চিকিৎসালয় আৰু আৰক্ষী নিৱেশৰ খুবেই প্ৰয়োজন বুলি মন্তব্য কৰে আৰণ্যকৰ সচিৱ প্ৰধান ড৹ বিভৱ কুমাৰ তালুকদাৰে ৷
‘‘কাজিৰঙাত এখন চিকিৎসালয় আৰু আৰক্ষী নিৱেশৰ প্ৰয়োজন যাৰ বাবে আৰণ্যকৰ তৰফৰ পৰা এখন স্মাৰকপত্ৰৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক আমি অনুৰোধ জনাইছো,’’ বিভৱ কুমাৰ তালুকদাৰে কয় ৷
বৰ্তমান কহঁৰাত থকা আৰক্ষী চকীক উন্নীত কৰি পূৰ্ণাংগ থানা কৰিবৰ বাবে স্মাৰকপত্ৰত উল্লেখ কৰে আৰণ্যকে ৷
আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত দূৰ্ঘটনাত আহত হোৱা লোকসকলক সদায় চিকিৎসাৰ বাবে গোলাঘাট, যোৰহাট বা গুৱাহাটিলৈ প্ৰেৰণ কৰিব লাগে, এনে পটভূমিত কহঁৰাৰ চিকিৎসালয়খনক উন্নীত কৰি আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ কৰিবৰ বাবেও অনুৰোধ জনাইছে আৰণ্যকে ৷
পথ আৰু বনৰ ভিতৰত হোৱা দুৰ্ঘটনাৰ উপৰিও কাষৰীয়া অঞ্চলৰ জনসাধাৰণ আৰু বনকৰ্মীৰ লগতে তেওঁলোকৰ পৰিয়ালৰ বাবে তথা দেশী-বিদেশী পৰ্যটকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমানৰ কাজিৰঙাৰ চিকিৎসালয় খনক উন্নীত কৰাৰ বাবে আৰণ্যকে মুখ্যমন্ত্ৰীক অনুৰোধ জনায়।