দেশৰ বিভিন্ন প্ৰান্তত COVID-19 ৰ নতুন নতুন ঘটনা সংঘটিত হৈ থকাৰ সময়ত, উত্তৰ-পূবৰ এখন ৰাজ্য ছিকিম এতিয়াও COVID-19 ৰ পৰা মুক্ত হৈ আছে।
ৰাজ্যখনত সন্দেহজনক COVID-19 ৰ মুঠ ৩৭টা নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল আৰু সকলোকেইটাই নিগেটিভ পোৱা গৈছে।
শনিবাৰে গেংটকত প্ৰধান সচিব কে শ্ৰীনিৱাছুলু আৰু সচিব ড০ পি টি ভূটিয়াই এখন সংবাদমেলত ৰাজ্যখনৰ COVID-19ৰ শেহতীয়া স্থিতি সম্পৰ্কে অৱগত কৰে।
প্ৰধান সচিবগৰাকীয়ে সদৰী কৰে যে পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা সন্দেহজনক COVID-19 ৰ ৩৭টা নমুনাই নিগেটিভ ওলাইছে আৰু সেইদৰে ছিকিমত বৰ্তমান COVID-19ৰ ঘটনা শূন্য।
তেওঁ জনায় যে ডিপাৰ্টমেন্ট অফ হেলথ ৰিচাৰ্ছ-ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্ছ (আইচিএমআৰ)ৰ অধীনত এটা ভাইৰাছ গৱেষণা লেব সোনকালেই গেংটকৰ STNM হাস্পাতল চৌহদত স্থাপন কৰা হ’ব।
তেওঁ জানিবলৈ দিয়ে যে ৰাজ্যখনে শনিবাৰে অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰীৰ এটা চালান পোৱা গৈছে যিটোৱে পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰক COVID-19ৰ বিৰুদ্ধে চলোৱা প্ৰচেষ্টা তথা প্ৰস্তুতি শক্তিশালী কৰিব।
তেওঁ কয় যে এই চালান লৈ অনাৰ ক্ষেত্ৰত মুখ্য মন্ত্ৰী, মুখ্য সচিব আৰু দিল্লীৰ আৱাসিক আয়ুক্তৰ বৃহৎ ভূমিকা আছে।
প্ৰধান সচিবগৰাকীয়ে ৰাইজক আংতকিত নহ’বলৈ আহ্বান জনায় যদিও এই পৰিস্থিতিত চৰকাৰৰ নিৰ্দেশ তথা লকডাউন কঠোৰভাৱে মানি চলিবলৈ কয়।
ৰাজ্যখনক সংক্ৰমণমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগে সৰ্বাত্মক প্ৰচেষ্টা চলাইছে বুলিও তেওঁ কয়।
তেওঁ লগতে কয় যে এই সংক্ৰমণৰ পৰা হাত সাৰি থাকিবলৈ সামাজিক দূৰত্ব বজাই ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ।
তেওঁ ব্যক্ত কৰে যে এই সংক্ৰমণৰ পৰা ছিকিমৰ জনসাধাৰণক সুৰক্ষিত কৰি ৰাখিবলৈ চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মী আৰু কৰ্মচাৰীসকলে দিনে নিশাই কাম কৰি আছে।