• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঘৰলৈ উভতি অহা প্ৰব্ৰজিত শ্ৰমিকে লাভ কৰিব তিনি মাহৰ খাদ্যবস্তু, পদপথৰ ব্যৱসায়ীক ১০,০০০ টকালৈ ঋণ; সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 18, 2020 5:19 pm
হিমন্ত বিশ্ব শৰ্মা

হিমন্ত বিশ্ব শৰ্মা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কোভিড-১৯-ৰ সংক্ৰমণৰ ফলত সৃষ্টি হোৱা ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত জনতা ভৱনত এখন গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে।

সংবাদমেলত মন্ত্ৰী শৰ্মাই ৰাজ্যত কোভিড-১৯-ৰ বৰ্ধিত সংক্ৰমণ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি কোৱাৰেণ্টাইন সফলত কৰাত ৰাজ্যৰ ভবিষ্যত নিৰ্ভৰ কৰিছে বুলি মত প্ৰকাশ কৰে।

Apply Now

হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰ চৰকাৰে ঘোষণা কৰা অৰ্থনৈতিক পেকেজৰ ফলত অসমে বিশেষকৈ প্ৰব্ৰজিত শ্ৰমিক সকলে কিদৰে লাভৱান হ’ব সেই সম্পৰ্কতো মন্তব্য কৰে।

মন্ত্ৰী শৰ্মাই উল্লেখ কৰা অনুসৰি কেন্দ্ৰীয় চৰকাৰে দিয়া অৰ্থনৈতিক পেকেজৰ সহায়ত অসম চৰকাৰে বহিঃৰাজ্যৰ পৰা নিজ গৃহলৈ উভতি অহা প্ৰব্ৰজিত শ্ৰমিক সকলক ৩ মাহলৈ খাদ্য বস্তুৰ যোগান ধৰিব বুলি জানিবলৈ দিয়ে।

প্ৰব্ৰজিত শ্ৰমিক আগন্তুত তিনিমাহ পৰ্যন্ত খাদ্যবস্তুৰ লগতে অতিৰিক্ত ৫ কেজিকৈ চাউল লাভ কৰিব।

আনহাতে, কেন্দ্ৰ চৰকাৰে প্ৰব্ৰজিত শ্ৰমিক সকল ঘৰলৈ উভতি অহাৰ পাছত যাতে হতাশাত ভূগিব নালাগে তাৰবাবে তেওঁলোকক এনৰেগাৰ জৰিয়তে কৰ্মসংস্থাপন দিয়াৰ বাবেও ৰাজ্য চৰকাৰক আহ্বান জনাইছে বুলি কয়।

তদুপৰি, এনৰেগাত কৰ্মৰত শ্ৰমিক সকলে পূৰ্বে লাভ কৰা ১৮২ টকাৰ পৰিৱৰ্তে নতুনকৈ ২০২ টকা অৰ্থাৎ ২০ টকা বেছিকৈ লাভ কৰিব বুলিও হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত উল্লেখ কৰে।

অসমৰ মুঠ ১ কোটি মহিলাই ল’কডাউনৰ সময়ত তিনিমাহৰ বাবে প্ৰতিমাহে ৫০০ টকাকৈ মুঠ ১৫০০ টকা নিজৰ জন ধন যোজনাৰ একাউণ্টত লাভ কৰিব বুলিও বিত্ত মন্ত্ৰী গৰাকীয়ে লগতে কয়।

ইয়াৰ ফলত চৰকাৰৰ ৰাজকোষৰ পৰা তিনিমাহত মুঠ ১৫০০ কোটি টকাৰ খৰচ হ’ব বুলিও মন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে।

পদপথৰ ব্যৱসায়ী সকলক নিজৰ ব্যৱসায় পুনৰ আৰম্ভ কৰাৰ বাবে বেংকে ১০,০০০ টকাকৈ ঋণ প্ৰদান কৰিব বুলিও তেওঁ সংবাদমেলত কয়।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd