• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩০ বছৰ পূৰ্বে মৃত্যুবৰণ কৰা লোকৰ নামতো আত্মসাৎ প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ ধন; সোণোৱাল চৰকাৰক তীব্ৰ কটাক্ষ মনজিৎ মহন্তৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 19, 2020 4:30 pm
সংবাদমেলত মনজ্যিৎ মহন্ত

সংবাদমেলত মনজ্যিৎ মহন্ত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘‘প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ নামত চলা ব্যাপক দুৰ্নীতিয়ে সোণোৱাল চৰকাৰৰ শূণ্য সহনশীল নীতিক এক প্ৰহসনত পৰিণত কৰিছে ৷ ৰাজ্যৰ প্ৰতিখন পঞ্চয়তত প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধি আচনিত হোৱা মুকলি দূৰ্নীতি আৰু চূড়ান্ত অনিয়মে শাসক দলটোৰ তৃণমূল পৰ্যায়ত চলা দূৰ্নীতিৰ তালিকাখনত এক নতুন নজিৰ সৃষ্টি কৰিলে,’’ মনজিৎ মহন্তই এখন সংবাদমেল সম্বোধন কৰি আজি এইদৰে কয়।

নৱ নিৰ্বাচিত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত কেইগৰাকী মান সক্ৰিয় ৰাজহুৱা কৰ্মীয়ে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এই সম্পৰ্কত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বুলি মহন্তই সংবাদমেলত উল্লেখ কৰে।

Apply Now

‘‘কৃষি মন্ত্ৰীজনৰ গৃহ সমষ্টি বোকাখাটত হাজাৰৰো অধিক ভুৱা কৃষকে এই আচনিৰ নামত ইতিমধ্যে ৰাজহুৱা ধন সৰকাই নিছে ৷ ইফালে খুমটাই সমষ্টিতো ব্যপক অনিয়ম সংঘটিত হৈছে ৷ ৩০ বছৰ পূৰ্বে মৃত্যুবৰণ কৰা ব্যক্তিয়েও প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ ধন লাভ কৰিছে ৷ ২৫ বছৰ আগেয়ে মৃত্যুবৰণ কৰা গৌৰী শংকৰ চাহু, ১৫ বছৰ আগেয়ে মৃত্যুবৰণ কৰা তুলসী কৰ্মকাৰৰ নামটো কিষাণ সন্মান নিধিৰ ধন দুষ্ট চক্ৰই মুকলি কৰিছে ৷ পাটাছাৰকুছি সমষ্টিটো কেইবাখনো পঞ্চায়তত চৰকাৰী কৰ্মচাৰী তথা অঢ্যবন্ত পৰিয়ালৰ লোকৰ নাম সাহায্য তালিকাত ওলাইছে,’’ সংবাদমেলত এইদৰে অভিযোগ দাঙি ধৰে মহন্তই।

অধিবক্তা শান্তনু বৰঠাকুৰে প্ৰধান মন্ত্ৰী সন্মান নিধি আচনি সন্দৰ্ভত ন্যায়িক তদন্তৰ দাবী জনাই ৷

ইপিনে, অসমৰ ৮ খন তৈলক্ষেত্ৰক  ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়া কাৰ্যক তীব্ৰ ভাষাৰে গৰিহা দি মনজিৎ মহন্তই নৰেন্দ্ৰ মোডীৰ চৰকাৰখন বনিয়াৰ স্বাৰ্থত উৎসৰ্গিত এখন চৰকাৰ বুলি বাৰে বাৰে প্ৰমাণ হৈছে বুলি কয়।

‘’সকলো ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, সেৱা সমূহ এটা এটা কৈ আদানী, আম্বানীৰ দৰে বৃহৎ ব্যক্তিগত খণ্ডৰ হাতত তুলি দি চৰকাৰে দেশখনকে ব্যক্তিগত খণ্ডৰ হাতত বিক্ৰী কৰাৰ দিশে আগবাঢ়ি গৈছে ৷ অমি অসমৰ ৰাইজক তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিবলৈ আহ্বান জনাইছো,’’ মনজিৎ মহন্তই লগতে কয়।

আনহাতে, জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে শ্ৰম আইনৰ সংশোধনী প্ৰত্যাহাৰ কৰা আৰু বিদ্যুৎ আইন সংশোধন কৰি শক্তিখণ্ডত থকা ৰাজ্যৰ সকলো ক্ষমতা দিল্লীয়ে কুক্ষিগত কৰিবলৈ কৰা চক্ৰান্ত শীঘ্ৰে বন্ধ নকৰিলে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলা হ’ব বুলি চৰকাৰক সতৰ্ক কৰি দিয়ে ৷

সংবাদমেলত অধিবক্তা শান্তনু বৰঠাকুৰ আৰু প্ৰাক্তন বিজেপিৰ নেত্ৰী তথা সমাজকৰ্মী মীৰা বৰঠাকুৰো উপস্থিত আছিল ৷

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd