• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৩০ বছৰ পূৰ্বে মৃত্যুবৰণ কৰা লোকৰ নামতো আত্মসাৎ প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ ধন; সোণোৱাল চৰকাৰক তীব্ৰ কটাক্ষ মনজিৎ মহন্তৰ

দীপজ্যেতি শৰ্মা দীপজ্যোতি শৰ্মা
গুৱাহাটী , May 19, 2020 4:33 pm

2 min read

৩০ বছৰ পূৰ্বে মৃত্যুবৰণ কৰা লোকৰ নামতো আত্মসাৎ প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ ধন; সোণোৱাল চৰকাৰক তীব্ৰ কটাক্ষ মনজিৎ মহন্তৰ

সংবাদমেলত মনজ্যিৎ মহন্ত

5.9k
VIEWS
Share on FacebookShare on Twitter

‘‘প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ নামত চলা ব্যাপক দুৰ্নীতিয়ে সোণোৱাল চৰকাৰৰ শূণ্য সহনশীল নীতিক এক প্ৰহসনত পৰিণত কৰিছে ৷ ৰাজ্যৰ প্ৰতিখন পঞ্চয়তত প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধি আচনিত হোৱা মুকলি দূৰ্নীতি আৰু চূড়ান্ত অনিয়মে শাসক দলটোৰ তৃণমূল পৰ্যায়ত চলা দূৰ্নীতিৰ তালিকাখনত এক নতুন নজিৰ সৃষ্টি কৰিলে,’’ মনজিৎ মহন্তই এখন সংবাদমেল সম্বোধন কৰি আজি এইদৰে কয়।

নৱ নিৰ্বাচিত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত কেইগৰাকী মান সক্ৰিয় ৰাজহুৱা কৰ্মীয়ে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এই সম্পৰ্কত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বুলি মহন্তই সংবাদমেলত উল্লেখ কৰে।

‘‘কৃষি মন্ত্ৰীজনৰ গৃহ সমষ্টি বোকাখাটত হাজাৰৰো অধিক ভুৱা কৃষকে এই আচনিৰ নামত ইতিমধ্যে ৰাজহুৱা ধন সৰকাই নিছে ৷ ইফালে খুমটাই সমষ্টিতো ব্যপক অনিয়ম সংঘটিত হৈছে ৷ ৩০ বছৰ পূৰ্বে মৃত্যুবৰণ কৰা ব্যক্তিয়েও প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ ধন লাভ কৰিছে ৷ ২৫ বছৰ আগেয়ে মৃত্যুবৰণ কৰা গৌৰী শংকৰ চাহু, ১৫ বছৰ আগেয়ে মৃত্যুবৰণ কৰা তুলসী কৰ্মকাৰৰ নামটো কিষাণ সন্মান নিধিৰ ধন দুষ্ট চক্ৰই মুকলি কৰিছে ৷ পাটাছাৰকুছি সমষ্টিটো কেইবাখনো পঞ্চায়তত চৰকাৰী কৰ্মচাৰী তথা অঢ্যবন্ত পৰিয়ালৰ লোকৰ নাম সাহায্য তালিকাত ওলাইছে,’’ সংবাদমেলত এইদৰে অভিযোগ দাঙি ধৰে মহন্তই।

অধিবক্তা শান্তনু বৰঠাকুৰে প্ৰধান মন্ত্ৰী সন্মান নিধি আচনি সন্দৰ্ভত ন্যায়িক তদন্তৰ দাবী জনাই ৷

ইপিনে, অসমৰ ৮ খন তৈলক্ষেত্ৰক  ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়া কাৰ্যক তীব্ৰ ভাষাৰে গৰিহা দি মনজিৎ মহন্তই নৰেন্দ্ৰ মোডীৰ চৰকাৰখন বনিয়াৰ স্বাৰ্থত উৎসৰ্গিত এখন চৰকাৰ বুলি বাৰে বাৰে প্ৰমাণ হৈছে বুলি কয়।

‘’সকলো ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, সেৱা সমূহ এটা এটা কৈ আদানী, আম্বানীৰ দৰে বৃহৎ ব্যক্তিগত খণ্ডৰ হাতত তুলি দি চৰকাৰে দেশখনকে ব্যক্তিগত খণ্ডৰ হাতত বিক্ৰী কৰাৰ দিশে আগবাঢ়ি গৈছে ৷ অমি অসমৰ ৰাইজক তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিবলৈ আহ্বান জনাইছো,’’ মনজিৎ মহন্তই লগতে কয়।

আনহাতে, জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে শ্ৰম আইনৰ সংশোধনী প্ৰত্যাহাৰ কৰা আৰু বিদ্যুৎ আইন সংশোধন কৰি শক্তিখণ্ডত থকা ৰাজ্যৰ সকলো ক্ষমতা দিল্লীয়ে কুক্ষিগত কৰিবলৈ কৰা চক্ৰান্ত শীঘ্ৰে বন্ধ নকৰিলে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলা হ’ব বুলি চৰকাৰক সতৰ্ক কৰি দিয়ে ৷

সংবাদমেলত অধিবক্তা শান্তনু বৰঠাকুৰ আৰু প্ৰাক্তন বিজেপিৰ নেত্ৰী তথা সমাজকৰ্মী মীৰা বৰঠাকুৰো উপস্থিত আছিল ৷

Recent News

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

a bbbjjj

পুনৰ এবাৰ গতানুগতিক নিৰ্বাচনী ইস্তাহাৰৰে নিৰ্বাচনলৈ সাজু হ’ব নেকি বিজেপি?

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd