• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজ্যৰ বানপানীত যাতে বিদ্যুৎস্পৃষ্টৰ দৰে ঘটনা সংঘটিত নহয় তাক নিশ্চিত কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 27, 2020 9:01 pm
Power Meeting 2(1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বানপানীৰ সময়ছোৱাত বিদ্যুৎস্পৃষ্ট হৈ কোনো লোকে যাতে মৃত্যুমুখত পৰিবলগীয়া নহয়, তাৰ বাবে শক্তি বিভাগক আগতীয়া সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নিৰ্দেশ দিয়ে।

বিপদসংকুল ট্ৰেন্সফৰ্মাৰ, বৈদ্যুতিক খুটা, তাঁৰ ইত্যাদিৰ উপযুক্ত নিৰীক্ষণ কৰি শীঘ্ৰে যথোচিত পদক্ষেপ গ্ৰহণ কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

আজি মহানগৰীৰ পল্টনবজাৰস্থিত বিজুলী ভৱনত ৰাজ্যখনৰ সাম্প্ৰতিক বানপানী আৰু ধুমুহাৰ পৰিপ্ৰেক্ষিতত শক্তি বিভাগৰ কাম-কাজ পৰ্যালোচনা কৰাৰ উদ্দেশ্যৰে এপিডিচিএল, এইজিচিএল আৰু এপিজিচিএলৰ শীৰ্ষ বিষয়াসকলৰ সৈতে হোৱা এক বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে এতিয়াও যিবোৰ গাঁও বিদ্যুৎ সংযোগৰ পৰা বঞ্চিত হৈ আছে, সেই গাঁওসমূহৰ জনসাধাৰণে যাতে এপিডিচিএলক অৱগত কৰিব পাৰে তাৰ বাবে অতিশীঘ্ৰে ৰাজহুৱা জাননী প্ৰকাশ কৰাৰ বাবেও নিৰ্দেশ দিয়ে।

বৈঠকত শক্তি বিভাগৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীক অৱগত কৰে যে বৰ্তমানলৈকে ৪৭ হাজাৰ বাঁহৰ খুটা আঁতৰ কৰি তাৰ ঠাইত পকী খুটা দি বিদ্যুৎ সংযোগ প্ৰদান কৰা হৈছে।

বিভাগে মুখ্যমন্ত্ৰীক লগতে অৱগত কৰে যে জনসাধাৰণে যাতে নিজৰ অভিযোগসমূহ অৱগত কৰিব পাৰে তাৰ বাবে কল চেণ্টাৰত অভিযোগ, ‘মাই বিজুলী এপ’, কাষ্টমাৰ কেয়াৰ, ই মেইল, হোৱাটছ্‌ এপ ইত্যাদি সন্নিৱিষ্টকৰণেৰে গ্ৰাহক সম্পৰ্কৰক্ষী বিভাগ এটা মুকলি কৰিছে।

মুখ্যমন্ত্ৰীয়ে ৰাজ্যত নতুনকৈ স্থাপন কৰিবলগীয়া উদ্যোগে যাতে প্ৰয়োজনীয় বিদ্যুৎ লাভ কৰাটো সুনিশ্চিত কৰিব পৰা যায় তাৰ বাবে উদ্যোগ বিভাগৰ লগত আলোচনাত মিলিত হ’বলৈ এপিডিচিএলৰ শীৰ্ষ বিষয়াসকলক নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনত শীতল ভঁৰাল স্থাপনৰ জৰিয়তে কৃষিখণ্ডৰ উন্নয়ন সাধন আৰু কৃষিজাত সামগ্ৰীৰ প্ৰকৃত মূল্য লাভ কৰাৰ ক্ষেত্ৰত সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে অগ্ৰাধিকাৰ দিছে।

সেইবাবে শীতল ভঁৰাললৈ অবিৰত বিদ্যুৎ যোগান সুনিশ্চিত কৰিবলৈ পদক্ষেপ ল’বলৈও এপিডিচিএলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে বানপানী তথা ধুমুহাৰ লেখীয়া প্ৰাকৃতিক দুৰ্যোগৰ সময়ত যদিহে কোনো অঞ্চলৰ বিদ্যুৎ যোগান ব্যাহত কৰিবলগীয়া পৰিস্থিতি সংশ্লিষ্ট অঞ্চলৰ জনসাধাৰণক যথাসম্ভৱ আগতে জাননী দিয়াৰ পদক্ষেপ লোৱাৰ উপৰি বিদ্যুৎ মাচুল যাতে উপভোক্তাসকলে নিয়মীয়াকৈ পৰিশোধ কৰে সেই সন্দৰ্ভত জনসচেতনতা সৃষ্টিৰ পদক্ষেপ ল’বলৈও এপিডিচিএলক নিৰ্দেশ দিয়ে।

জনসাধাৰণক অবিৰত বিদ্যুৎ যোগানৰ দিশত যাতে এপিডিচিএলে সম্পূৰ্ণ পেছাদাৰী মানসিকতাৰে কৰ্মত অৱতীৰ্ণ হয় সেই সন্দৰ্ভত উপযুক্ত পদক্ষেপ ল’বলৈও এপিডিচিএল কৰ্তৃপক্ষক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে উপ-সংমণ্ডল পৰ্যায়ত নিৰীক্ষণ আৰু তদাৰকী সমিতিৰ বৈঠক নিয়মিতভাৱে অনুষ্ঠিত কৰা আৰু এই ক্ষেত্ৰত স্থানীয় বিধায়কসকলক লগত লৈ যথোপযুক্ত পদক্ষেপ গ্ৰহণ কৰাৰ বাবেও নিৰ্দেশ দিয়ে। ক’ভিড-১৯ ৰ সময়ছোৱাত শক্তি বিভাগে আগবঢ়োৱা সেৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে বিভাগটোক ধন্যবাদ জ্ঞাপন কৰে।

ইয়াৰ পিছতে বিজুলী ভৱন চৌহদত উপস্থিত থকা সংবাদিকসকলৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমান ৰাজ্যখনৰ কেইবাখনো জিলা বানপানীৰ কৱলত পৰাৰ উপৰি ‘আম্ফান’ ঘূৰ্ণী বতাহৰ প্ৰভাৱত নামনি অসমৰ কেইবাখনো জিলা বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে।

তদুপৰি এই দুৰ্যোগৰ ফলত বিদ্যুৎ যোগান ব্যৱস্থাৰো যথেষ্ট ক্ষতি হৈছে। বৰ্তমান ৰাজ্য চৰকাৰে উপৰ্যুপৰি কেইবাটাও সমস্যাৰ বিৰুদ্ধে যুঁজ দিবলগীয়া হৈছে। এই মূহূৰ্তত বানপানী, ধুমুহা, ক’ভিড-১৯ আৰু চোৱাইন ফ্লুৰ বিৰুদ্ধে শক্তিশালীভাৱে যুঁজ দিয়াৰ বাবে মনোবল অটুট ৰাখিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে ইতিমধ্যে এই ক্ষেত্ৰত জনসাধাৰণৰ সহযোগত ব্যৱস্থা গ্ৰহণ কৰিছে।

আজিৰ এই বৈঠকত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, বিধায়ক ডাঃ নোমল মোমিন, এপিডিচিএল, এপজিচিএল, এইজিচিএলৰ অধ্যক্ষ বিনোদ কুমাৰ পিপাৰচেনীয়া, বিদ্যুৎ বিভাগৰ আটাইকেইটা কোম্পানীৰ পৰিচালন সঞ্চালক প্ৰমুখ্যে শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd