তিনিচুকীয়া জিলাৰ লিডুৰ সমীপত মঙলবাৰে অসম আৰক্ষী আৰু ভাৰতীয় সেনাই এক যুটীয়া অভিযান চলাই আলফা (স্বাঃ)ৰ এগৰাকী অভাৰ গ্ৰাউণ্ড কৰ্মীক আটক কৰে।
সেনাৰ সূত্ৰই জনোৱা মতে এক বিশেষ সূত্ৰৰ পম খেদি অভিযানকাৰী দলে অঞ্চলটোত অভিযান চলাই শচীন ওৰফে সোণটো বৰগোহাঁই নামৰ যুৱজনক আটক কৰিবলৈ সক্ষম হয়।
ধৃত যুৱকজনে জিলাখনত আলফাৰ হৈ ধন দাবী চলাই অহা বুলি সন্দেহ কৰা হৈছে।
যুৱকজনৰ পৰা সেনা-আৰক্ষীয়ে এটা .২২ এম এম পিষ্টল এটা মেগাজিন আৰু তিনি জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰে।
অভাৰ গ্ৰাউণ্ড কৰ্মীজনৰ আটক নিষিদ্ধ ঘোষিত সংগঠনটোৰ ওপৰত এক মোক্ষম আঘাট বুলি সেনাই দাবী কৰিছে।
জব্দ কৰা মাৰণাস্ত্ৰসহ ধৃত সদস্যজনক পৰৱৰ্তী তদন্তৰ খাতিৰত লিডু আৰক্ষী থানাত গতাই দিয়া হয়।