মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতি আৰু এই ক্ষেত্ৰত জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৱলী ভিডিঅ’ কনফাৰেন্সিংযোগে বুজ লয়।
ধেমাজি, লখিমপুৰ, যোৰহাট, মাজুলী,শিৱসাগৰ, ডিব্ৰুগড়,তিনিচুকীয়া,বৰপেটা, চিৰাং আৰু বাক্সা জিলাৰ উপায়ুক্তসকলৰ লগতে আৰক্ষী অধীক্ষক, জলসম্পদ বিভাগ, খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু এপিডিচিএলৰ জিলা পৰ্যায়ৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বিভাগসমূহে গ্ৰহণ কৰা পদক্ষেপসমূহৰো বুজ লয়।
মুখ্য মন্ত্ৰীয়ে সাহায্য শিৱিৰসমূহত থকা লোকসকলক প্ৰয়োজনীয় খাদ্য যোগান ধৰাৰ উপৰি গুণগত খাদ্য লাভ কৰাটো সুনিশ্চিত কৰিবলৈও উপায়ুক্ত সকলক নিৰ্দেশ দিয়ে।
কোভিড-১৯ প্ৰট’কলসমূহ যাতে সাহায্য শিৱিৰসমূহত কঠোৰভাৱে মানি চলে সেইটো নিশ্চিত কৰাৰ পদক্ষেপ ল’বলৈও মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।
মুখ্য মন্ত্ৰীয়ে লগতে শিৱিৰসমূহত পৰ্যাপ্ত চিকিৎসা ব্যৱস্থা ৰখাৰ বাবেও নিৰ্দেশ দিয়ে।
মুখ্য মন্ত্ৰীয়ে তিনিচুকীয়া জিলাৰ উপায়ুক্তগৰাকীৰ পৰা বাঘজান সংযোগী ৰূপাই দলং ভঙা বিষয়টোৰ বুজ লয়।
মুখ্য মন্ত্ৰীয়ে বাঘজানৰ অগ্নিনিৰ্বাপনৰ বাবে অহা-যোৱা গাড়ীৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যাৰ মুখামুখি হ’বলগীয়া নহয়, তাক সুনিশ্চিত কৰাৰ বাবেও উপায়ুক্তগৰাকীক নিৰ্দেশ দিয়ে।
আনহাতে, লখিমপুৰ জিলাৰ উপায়ুক্ত গৰাকীক ৰঙানদীৰ পানী নীপকোৱে এৰি দিয়া সম্পৰ্কত আগজাননী প্ৰদান ব্যৱস্থাৰো বুজ লয়।
ভূটানে এৰি দিয়া পানীৰ ফলত বৰপেটা, চিৰাং আৰু বাক্সা জিলাত হ’বলগীয়া বানপানী আৰু এই সম্পৰ্কত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উপয়ুক্ত কেইগৰাকীৰ পৰা বুজ লয়।