কালি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিস্ব শৰ্মাই অহা ২৮ জুনৰ নিশা ১২ বজাৰ পৰা সমগ্ৰ কামৰূপ মহানগৰ জিলাত লকডাউন ঘোষণা কৰাৰ পাছতে আজি মহানগৰ আৰক্ষী আয়ুক্তই আৰক্ষী চাউনীত এক সংবাদমেল সম্বোধন কৰি এই লকডাউন কেনেধৰণৰ হ’ব সেই বিষয়ে অৱগত কৰে।
লকডাউনৰ সময়ছোৱাত মহানগৰীত কেৱল ১০ শতাংশ বেংকহে খোলা ৰাখিব পাৰিব বুলি তেওঁ জানিবলৈ দি লগতে কয়, ‘এই সম্পৰ্কত কি কি শাখা খোলা থাকিব সেয়া বেংক কৰ্তৃপক্ষই নিজে সিদ্ধান্ত ল’ব।‘
ইপিনে, কৰ্তৃপৰ্ক্ষই বেংক কৰ্মচাৰীৰ বাবে বিশেষ পাছৰ ব্যৱস্থা কৰিব লাগিব বুলি বেংকৰ কৰ্তৃপক্ষ সমূহলৈ তেওঁ নিৰ্দেশ দিয়ে।
আনহাতে, মহানগৰীলৈ প্ৰৱেশ বা বাহিৰ ওলোৱাৰ ক্ষেত্ৰত তথা মহানগৰীৰ ভিতৰত আহ-যাহ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।
অৱশ্যে,কেৱল ৰে’ল আৰু বিমান যাত্ৰী সকলে নিজৰ টিকট দেখুৱাইহে গুৱাহাটীত প্ৰবেশ কৰিব পাৰিব বুলি আৰক্ষী আয়ুক্তই উল্লেখ কৰে।
ইয়াৰ লগতে চিকিৎসাৰ বাবে আহিলেও চিকিৎসকৰ সম্পুৰ্ণ অনুমতি লৈ চিকিৎসাৰ প্ৰমাণ পত্ৰ লৈহে গুৱাহাটীলৈ আহিব পাৰিব বুলি তেওঁ সদৰী কৰে।
অৱশ্যে চিকিৎসা সেৱাৰ সৈতে জড়িত সকলো লোকে বাহনৰে আহ যাহ কৰিব বুলি তেওঁ কয়।
ফাৰ্মাছী খোলা থাকিব আৰু ৰন্ধন গেছ, পানী যোগান,ৰন্ধন গেছৰ ঘৰে ঘৰে যোগান ধৰা হ’ব।
এই লকডাউনত প্ৰথমবাৰৰ বাবে শাক-পাছলি, মাছ-মাংসৰ দোকান, গেলামালৰ দোকানো খোলা নাথাকিব।
কোনোধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী-ব্যক্তিগত কাৰ্য্যালয়, ঔদ্যোগিক প্ৰতিষ্ঠান, মঠ-মন্দিৰ, সাংস্কৃতিক অনুষ্ঠান সকলোৰে ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
তদুপৰি কামৰূপ মহানগৰ জিলাৰ অন্তৰ্ভুক্ত সকলো তেল ডিপো একেলগে খুলিব নোৱাৰিব বুলি উল্লেখ কৰি তেওঁ কয়, ‘প্ৰশাসনে ইয়াৰ বাবে তালিকা প্ৰকাশ কৰিব। সেই তালিকা অনুসৰিহে গুৱাহাটীৰ কিছু কিছু ঠাইত খুলিব পাৰিব তেলৰ ডিপো।‘
মহানগৰবাসী ৰাইজলৈ আহ্বান জনাই মুন্না প্ৰসাদ গুপ্তাই কয়, ‘এইবাৰৰ লকডাউন কঠোৰ হব, লগতে লকডাউন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা লোৱা হ’ব।‘