• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সবল ৰাজনৈতিক সদিচ্ছাৰে শিশু সৰবৰাহৰ যন্ত্ৰণাৰ অৱসান ঘটাওক

ডঃ ৰশ্মি শৰ্মা by ডঃ ৰশ্মি শৰ্মা
July 30, 2020 12:14 am
End scourge of child trafficking by stronger political will

ছবি সৌজন্য-- Pexels

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মানৱ বিশেষকৈ শিশু সৰবৰাহ ভাৰতৰ সমাজ-অৰ্থনৈতিক আধাৰটোত ইমান গভীৰভাৱে প্ৰোথিত হৈ আছে যে ক’ভিড-১৯ৰ বিশ্বৰ ভিতৰতে কঠোৰতম দেশজোৰা লকডাউনৰ সময়তো এই অপৰাধটো প্ৰায় পূৰ্ণ গতিত অব্যাহত আছে। ভাৰতৰ বেছিভাগ অংশতে মানুহৰ চলাচল লকডাউনৰ সময়ত অতি সীমাবদ্ধ হৈ থকা অৱস্থাত লকডাউনত শিশু সৰবৰাহৰ আটাইতকৈ লক্ষণীয় বৈশিষ্ট্য আছিল শিশু শ্ৰমিকসকলক মুকলি কৰি দিবলৈ নিয়োগকৰ্তাসকলে অস্বীকাৰ কৰাটো।

আশাৰ কিৰণটো অৱশ্যে আছিল এই শিশুসকলৰ স্বাধীনতা সুনিশ্চিত কৰাত ৰাজ্যিক আৰক্ষী বাহিনী আৰু অন্যান্য চৰকাৰী বিভাগ আৰু সংস্থাসমূহক সমৰ্থন আগবঢ়াই অহা বেচৰকাৰী সংস্থা বচপন বচাও আন্দোলন (BBA)এ ৩৫০টিতকৈয়ো অধিক শিশু শ্ৰমিকক উদ্ধাৰ কৰিছে।

‘দাসত্বৰ আধুনিক ৰূপ’ আৰু ইয়াৰ সৈতে সংযুক্ত অপব্যৱহাৰ আৰু শোষণৰ পৰা শিশুসকলক উদ্ধাৰৰ সৈতে জৰিত বিশেষকৈ নীতি নিৰ্ধাৰক আৰু বেচৰকাৰী সংস্থাসমূহৰ আচল ভয় হৈছে বেছিতকৈ বেছি মানুহক সংক্ৰমিত কৰি অহা আৰু অধিকতকৈ অধিক মৃত্যুৰ কাৰণ হৈ অহা কৰ’নাভাইৰাছৰ তীব্ৰতা হ্ৰাস পোৱাৰ সময়ত বিভিন্ন ৰাজ্য চৰকাৰসমূহে পৰ্য্যায়ক্ৰমে নিষিদ্ধতা উঠাই ল’লেও আনকি শিশু সৰবৰাহ বৃদ্ধি পায়ে থাকিব।

সৰবৰাহ চাহিদা আৰু যোগানৰ নীতিৰ ওপৰত ভিত্তি কৰা এটা বজাৰ চালিত উদ্যোগ। ই এটা চাহিদা চালিত অপৰাধ য’ত জৰিত আছে ‘উৎস’ ৰাজ্যৰ পৰা ‘গন্তব্য’ নগৰলৈ সৰবৰাহকাৰীয়ে  শিশুসকলক শাৰীৰিকভাৱে আঁতৰ কৰা, যি তাৰ পিছত সস্তীয়া শ্ৰমৰ সন্ধানত থকা নিয়োগকৰ্তাক শিশুসকলক বিক্ৰী কৰে। শিশুৰ এই স্পষ্ট অবৈধ বেহাৰ উদ্বেগজনক উপাদানটো হৈছে এইটোৱেই একমাত্ৰ ‘অৰ্থনৈতিক’ কাৰ্য্যকলাপ য’ত যোগানে সদায় চাহিদা মিতাব পাৰে। সৰবৰাহৰ ‘চাহিদা’ আৰু ‘যোগান’ৰ দিশৰ গতি-প্ৰকৃতি বুজাটো অত্যন্ত প্ৰয়োজন।

সৰবৰাহকাৰীৰ সংগঠিত গোটে এলেকা আৰু বিপদসাধ্য মানুহক লক্ষ্য কৰি এনে চাহিদা মিতাব পাৰে, যিটোৱে সহজে আৰু কোনো ক্ষতিশংকা অবিহনে যোগান ধৰিব পাৰে। নগণ্য আৰ্থিক বিকাশৰ এলেকা, উচ্চ হাৰৰ লিংগ অসমতা, ৰাজনৈতিক অস্থিৰতা আৰু নিয়োগৰ সুবিধাৰ অভাৱ আদি কিছুমান উদাহৰণ যিয়ে যোগান সৃষ্টি কৰে। কিহৰ বাবে এই চাহিদা? কাৰণবোৰ অগণন—সস্তীয়া শ্ৰমৰ পৰা ভিক্ষাবৃত্তিলৈকে, বেশ্যাবৃত্তি, ছেক্স টুৰিজম, পৰ্ন’গ্ৰাফি, বলপূৰ্বক বেশ্যালি, অবৈধ অংগৰ বেহাৰ পৰা অবৈধ দত্তক গ্ৰহণলৈকে শিশুৰ ব্যৱহাৰ, ইত্যাদি।

ভুক্তভোগীয়ে তেওঁৰ চলাচলক লৈ সন্মতি দিব বা নিদিব পাৰে, কিন্তু তেওঁ কেতিয়াও ‘শোষণ’ৰ বাবে তেওঁৰ ‘সন্মতি’ নিদিয়ে। কেতিয়াবা শিশুসকলৰ চলাচল স্বেচ্ছামূলক হ’ব পাৰে য’ত ভুক্তভোগীগৰাকীক সৰবৰাহকাৰীয়ে প্ৰলোভিত বা প্ৰতাৰিত কৰে বা যেতিয়া ই বহু প্ৰজন্মজোৰা তেতিয়া বন্ধা শ্ৰমলৈ ঠেলি দিয়ে। আন ক্ষেত্ৰত ই অস্বেচ্ছামূলক য’ত শিশু সৰবৰাহৰ বাবে বল, ঠগবাজি বা জোৰ জবৰদস্তি ব্যৱহাৰ কৰা হয়।

যিকোনো ব্যক্তিয়েই, এটা জন্ম নোপোৱা শিশু বা আনকি প্ৰাপ্তবয়স্কও মানৱ সৰবৰাহৰ ভুক্তভোগী হ’ব পাৰে। অবৈধ দত্তক গ্ৰহণৰ ব্যৱসায়ত সহায় কৰাৰ বাবে কেঁচুৱা সৰবৰাহ কৰা হয়। ইয়াক বহুলভাৱে ‘চাইল্ড লণ্ডাৰিং’ৰূপে জনা যায় যাৰ জৰিয়তে দত্তক গ্ৰহণৰ বাবে শিশু এটা লোৱাৰ বাবে এখন দেশৰ প্ৰচলিত দত্তক গ্ৰহণৰ ব্যৱস্থাটোক ব্যৱহাৰ কৰা হয়। শিশু এটা তাৰ অভিভাৱকৰ পৰা অবৈধভাৱে লোৱা হয় আৰু সিহঁতক বৈধভাৱে দত্তক লোৱা শিশুৰ ৰূপ দিয়াৰ বাবে দত্তক গ্ৰহণৰ বৈধ ব্যৱস্থাটোক ব্যৱহাৰ কৰা হয়।

এবছৰতকৈ কিছুদিন আগতে নেচনেল কমিছন ফৰ প্ৰটেক্সন অৱ চাইল্ড ৰাইটছে চলোৱা এক তদন্তত ৰাঁচীৰ মিছনেৰিজ অৱ চেৰিটিৰদ্বাৰা অবৈধ দত্তক গ্ৰহণৰ কথা পোহৰলৈ আহিছিল। ‘নিৰ্মল হৃদয়’ নামৰ সেই গৃহটো অবিবাহিত মাতৃসকলৰ বাবে প্ৰতিষ্ঠা কৰা হৈছিল। এইটো পোৱা গৈছিল যে তাত অবৈধ দত্তক গ্ৰহণৰ কাৰ্য্যকলাপ বহু বছৰ ধৰি চলি আহিছিল। গৃহটোৱে দত্তক গ্ৰহণৰ বাবে বিক্ৰী কৰা চাৰিটা শিশু আৰক্ষীয়ে বিচাৰি উলিওৱাৰ বিপৰীতে ৫৮টা আন ঘটনাও নজৰলৈ আহিল। এইটো স্পষ্ট যে বহুক্ষেত্ৰত দত্তক গ্ৰহণ ব্যৱস্থাটোৱে এটা শিশুক ব্যৱহাৰ কৰে ক’লা ধন বগা কৰাত জৰিত অপৰাধী সংগঠনৰ অনুৰূপ ধৰণেৰে, যি অবৈধভাৱে ধন সংগ্ৰহ কৰে, কিন্তু তাৰপিছত, ডেভিদ এম স্ম’লিনে এটা প্ৰবন্ধত আঙুলিয়াই দিয়াৰ দৰে, ইয়াক এক বৈধ ব্যৱসায়ৰ জৰিয়তে ‘ছফা’ কৰে।

সৰবৰাহৰ আন এটা ভয়লগা দিশ হ’ল মানুহৰ বিশেষকৈ মানৱীয় সংকটৰ বলি শিশুসকলৰ শোষণ। বিবিচি-ৰ এটা প্ৰতিবেদন মতে, ১৪ বছৰীয়া চামিম (নাম সলনি কৰা হৈছে)ক জাতি, ধৰ্ম, নৃগোষ্ঠী আদি কাৰণৰ বাবে নিপীড়ণৰ ভয়ত তাইৰ স্বদেশৰ পৰা পলাবলৈ বাধ্য কৰোৱা হৈছিল। বিবিচি-এ এইটোও কৈছিল যে তাইৰ পৰিয়ালক হত্যা কৰাৰ পিছত তাই ম্যানমাৰৰ পৰা পলাই আহিছিল। বাংলাদেশলৈ অহাৰ বাটত তাই সহায়ৰ সন্ধান কৰিছিল।

তাই বৰ্ণনা কৰিছিল “কেইগৰাকীমান মহিলা এখন ভেনত আহিছিল। তেওঁলোকে মোক তেওঁলোকৰ লগত যাম নেকি সুধিছিল। তেওঁলোকৰ সহায় লোৱাৰ পিছত, মোক এখন গাড়ীত লৰালৰিকৈ ঠেলি ভৰাই লৈছিল, এক নতুন জীৱনলৈ সুৰক্ষিত পথৰ প্ৰতিশ্ৰুতিৰে। পৰিৱৰ্তে মোক লৈ যোৱা হৈছিল নিকটতম নগৰ কক্স বজাৰলৈ। তাৰ পৰা বেছি সময় নহওঁতেই সিহঁতে মোৰ ওচৰলৈ দুটা ল’ৰা লৈ আহিছিল। সিহঁতে মোক চুৰী দেখুৱাইছিল আৰু মোৰ পেটত ঘুঁচিয়াইছিল আৰু পিটিছিল কাৰণ মই সহযোগিতা কৰা নাছিলো। তাৰ পিছত সেই ল’ৰাকেইটাই মোক ধৰ্ষণ কৰিছিল। মোৰ ছেক্স কৰিবলৈ ইচ্ছা কৰা নাছিলো কিন্তু সিহঁতে সেয়াই কৰি গৈছিল।”

এইটো দুৰ্ভাগ্যজনক যে সৰবৰাহৰ গুৰিৰ কাৰণটোৰ ঠিকনা লগোৱাৰ বাবে পৰ্য্যাপ্ত মনোযোগ দিয়া হোৱা নাই। উদাহৰণস্বৰূপে, বলপূৰ্বক শ্ৰমৰ বাবে সৰবৰাহেই আটাইতকৈ সুলভ। সৰবৰাহকাৰীসকলে প্ৰাথমিকভাৱে লক্ষ্য হিচাপে লয় দৰিদ্ৰ অৰ্থনৈতিক অৱস্থাৰ আৰু হতাশাজনকভাৱে কামৰ সন্ধানত থকা জনসংখ্যাৰ বিপদসাধ্য অংশক। ই অসুৰক্ষিত প্ৰব্ৰজনলৈ লৈ যায় যি তাৰপিছত লৈ যায় সৰবৰাহলৈ। আজি শিশুসকল সৰবৰাহৰ গতি-প্ৰকৃতি আৰু অসুৰক্ষিত প্ৰব্ৰজনৰ অন্ধকাৰ দিশ সম্পৰ্কে সজাগ কৰিবলৈ কোনো প্ৰতিৰোধমূলক ব্যৱস্থা নায়েই। তাৰোপৰি, শিশুৰ বাণিজ্যিক শোষণৰ বিৰুদ্ধে ভাৰতৰ ন্যায় ব্যৱস্থাটোৱে পৰ্য্যাপ্ত আৰু কাৰ্য্যকৰী অৱৰোধ সৃষ্টি কৰা নাই। এনে অৱৰোধ কেৱল তেতিয়াহে সম্ভৱ যেতিয়া শিশুসকলৰ পৰা যৌনতা কিনা গ্ৰাহকসকলক কঠোৰ শাস্তিমূলক ব্যৱস্থাৰে মোকাবিলা কৰা হয়।

সৰবৰাহৰ ভয় ৰোধৰ বাবে প্ৰচলিত বলৱৎকাৰী ব্যৱস্থাসমূহ শাস্তিমূলক ব্যৱস্থা আৰু কিছুসংখ্যক আঁচনিৰ মাজতে সীমাবদ্ধ। সৰবৰাহে থিয় কৰোৱা বহুদিশীয়া সমস্যাসমূহৰ ঠিকনা লগোৱাৰ বাবে সেইসমূহ একেবাৰেই অপৰ্য্যাপ্ত। সৰবৰাহৰ ভুক্তভোগীসকলৰ পুনৰ্বাসনৰ প্ৰয়োজনীয়তা পূৰোৱাৰ বাবে বৰ্তমান ব্যৱস্থাটোও একেবাৰেই অপৰ্য্যাপ্ত। ব্যৱস্থাটোৱে প্ৰতিৰোধমূলক পদ্ধতিৰ প্ৰয়োজনীয়তাৰো ঠিকনা লগোৱা নাই বা সময় নিৰ্ধাৰিত পুনৰ্বাসন আৰু পুনৰ একত্ৰীকৰণ পদ্ধতিৰো প্ৰসাৰ কৰা নাই।

সৰবৰাহৰ ব্যাপকতালৈ বিশেষকৈ ইয়াৰ বহুদেশীয় প্ৰকৃতিলৈ চাই এক সুসজ্জিত অপৰাধ ন্যায় ব্যৱস্থা আৰু সৰবৰাহ প্ৰতিৰোধ, সময় নিৰ্ধাৰিত তদন্ত, ট্ৰায়েল, পুনৰ্বাসন আৰু পুনৰ একত্ৰীকৰণ নিশ্চিত কৰাৰ বাবে জিলাৰ পৰা ৰাষ্ট্ৰীয় পৰ্য্যায়লৈকে এক পুনৰ্বাসনৰ ব্যৱস্থা সামৰি সৰবৰাহৰ সকলো দিশৰ মোকাবিলা কৰাৰ বাবে এক সামগ্ৰিক আইনৰ জৰুৰী প্ৰয়োজন আছে। অপৰাধ সংঘটিত কৰাসকলক শাস্তি দিয়াৰ কাৰণে ভুক্তভোগী আৰু সাক্ষী দুয়োকে সুৰক্ষা দিয়াৰ বাবে ‘ভুক্তভোগী-সাক্ষী সুৰক্ষা প্ৰ’টকল’ৰো এক প্ৰয়োজন আছে।

(৩০ জুলাইৰ বিশ্ব মানৱ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে)

লেখিকা বচপন বচাও আন্দোলনৰ ৰাজ্যিক সমন্বয়ক

ডঃ ৰশ্মি শৰ্মা

ডঃ ৰশ্মি শৰ্মা

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰী হিমন্তৰ প্ৰচণ্ড হুংকাৰ: বাংলাদেশলৈ পঠিয়াব জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মাহমুদ মাদানীক

মুখ্যমন্ত্ৰী হিমন্তৰ প্ৰচণ্ড হুংকাৰ: বাংলাদেশলৈ পঠিয়াব জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মাহমুদ মাদানীক

August 23, 2025 10:00 pm
দেশৰ ৪০ শতাংশ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ! বিস্ফোৰক তথ্য কেন্দ্ৰৰ  প্ৰতিবেদনত

দেশৰ ৪০ শতাংশ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ! বিস্ফোৰক তথ্য কেন্দ্ৰৰ  প্ৰতিবেদনত

August 23, 2025 9:30 pm
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

August 23, 2025 8:00 pm
ট্ৰাম্পৰ শুল্ক যুদ্ধৰ প্ৰত্যুত্তৰ ভাৰতৰ! আমেৰিকালৈ পাৰ্চেল পঠোৱা বন্ধ কৰাৰ সিদ্ধান্ত ডাক বিভাগৰ

ট্ৰাম্পৰ শুল্ক যুদ্ধৰ প্ৰত্যুত্তৰ ভাৰতৰ! আমেৰিকালৈ পাৰ্চেল পঠোৱা বন্ধ কৰাৰ সিদ্ধান্ত ডাক বিভাগৰ

August 23, 2025 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰী হিমন্তৰ প্ৰচণ্ড হুংকাৰ: বাংলাদেশলৈ পঠিয়াব জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মাহমুদ মাদানীক

মুখ্যমন্ত্ৰী হিমন্তৰ প্ৰচণ্ড হুংকাৰ: বাংলাদেশলৈ পঠিয়াব জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মাহমুদ মাদানীক

August 23, 2025 10:00 pm
দেশৰ ৪০ শতাংশ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ! বিস্ফোৰক তথ্য কেন্দ্ৰৰ  প্ৰতিবেদনত

দেশৰ ৪০ শতাংশ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ! বিস্ফোৰক তথ্য কেন্দ্ৰৰ  প্ৰতিবেদনত

August 23, 2025 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd