• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুখবৰ! ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ গুৰুত্বপূৰ্ণ সংবাদমেল মন্ত্ৰী হিমন্তৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 1, 2020 2:17 pm
Guwahati's COVID19 patients to get pulse oximeter, medicine for free in home isolation
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ শিক্ষা ব্যৱস্থাক কেন্দ্ৰ কৰি আজি জনতা ভৱনত এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

উক্ত সংবাদমেলতে ৰাজ্যৰ বিদ্যালয়-মহাবিদ্যালয়ৰ নিযুক্তি আৰু প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।

Apply Now

মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি ৰাজ্যৰ ১৬ খন মহাবিদ্যালয়ত বিজ্ঞান শাখা প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৰাজ্য চৰকাৰৰ কেবিনেটত।

মহাবিদ্যালয়কেইখন ক্ৰমে ‘জি.এল.চি কলেজ, বিহালী কলেজ, চিলাপথাৰ কলেজ, ডিডিআৰ কলেজ, জয়া কলেজ, এছ.বি দেওৰা কলেজ, সুৰেণ দাস কলেজ, পূব কাৰ্বি আংলং কলেজ, মাইবং কলেজ, পাথাৰকান্দি কলেজ, জেংৰাইমুখ কলেজ, নগাওঁ কলেজ, বৰক্ষেত্ৰী কলেজ, ৰঙাপাৰা কলেজ, শদিয়া কলেজ, পণ্ডিত দীনদয়াল উপাধ্যায় কলেজ।‘

এই মহাবিদ্যালয়কেইখনত ২৪০ টা অধ্যাপক-অধ্যাপিকাৰ পদৰ লগতে ৮০ টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদ নতুনকৈ সৃষ্টি কৰা হৈছে বুলি তেওঁ সংবাদমেলত জনায়।

মন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে ‘৪৫ দিনৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ অনুৰোধ জনোৱা হৈছে মহাবিদ্যালয় কর্তৃপক্ষক। এইবৰ্ষতে বিজ্ঞান শাখাত যাতে নামভৰ্তি কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য কৰি এসপ্তাহৰ ভিতৰত বিজ্ঞাপন দিবলৈ অনুৰোধ জনোৱা হৈছে।‘

অহা ১৫ আগষ্টৰ ভিতৰত বিদ্যালয়-মহাবিদ্যালয় প্ৰাদেশিকীকৰণ কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘প্ৰথমখন তালিকা ১৫ আগষ্টৰ পূৰ্বে বিত্ত বিভাগে অনুমোদন দিব কিন্তু কাৰ্য্যকৰী হ’ব ২০২০ ৰ ১ জানুৱাৰিৰ পৰা।‘

‘১৫ আগষ্টৰ ভিতৰত ১৯৭ খন হাইস্কুল, ৯ খন হায়াৰ চেকেণ্ডেৰী, ১৪৯ খন জুনিয়ৰ কলেজ বা চিনিয়ৰ চেকেণ্ডেৰী স্কুল প্ৰাদেশিকীকৰণ কৰা হ’ব। ৪১৪ গৰাকী শিক্ষক আৰু জুনিয়ৰ কলেজৰ ৯৭ গৰাকী শিক্ষকৰ পদ নতুনকৈ প্ৰাদেশিকৃত হ’ব। অৰ্থ্যাৎ মুঠ ৩,৩৫৯ মাধ্যমিক শিক্ষাত শিক্ষক-শিক্ষয়িত্ৰীৰ পদ প্ৰাদেশিকীকৰণ হ’ব। প্ৰাদেশিকীকৰণৰ অৰ্হতা আহৰণ কৰা ৬৯০ গৰাকী মহাবিদ্যালয়ৰ শিক্ষকৰ পদ প্ৰাদেশিকৃত হ’ব।‘ মন্ত্ৰীগৰাকীয়ে লগতে কয়।

ইপিনে, ৰাজ্যৰ নতুনকৈ ৩০ খন মহাবিদ্যালয় প্ৰাদেশীকৃত কৰাৰ লগতে ২৩১ টা পদ নতুনকৈ প্ৰাদেশীকৃত হ’ব বুলি তেওঁ লগতে জনায়।

ইয়াৰোপৰি ৰাজ্যৰ ১১৯ খন চাহ বাগিছাত প্ৰথমবাৰৰ বাবে হাইস্কুলৰ কাম আৰম্ভ হ’ব বুলি সদৰী কৰি মন্ত্ৰীগৰাকীয়ে লগতে জনাই কয়, ‘অহা ২ অক্টোবৰৰ দিনা এইকেইখন চাহবাগিছাত হাইস্কুল নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব। প্ৰতিখন বিদ্যালয় নিৰ্মাণৰ বাবদ ১ কোটি ১৫ লাখ টকা ধাৰ্য কৰা হৈছে।‘

মন্ত্ৰীগৰাকীয়ে লগতে নতুন শিক্ষা নীতিৰ বাবে ৪০ জনীয়া কমিটি গঠন, চাব গ্ৰুপ গঠনৰ কথাও সদৰী কৰে।

কেনেকৈ অসমত নতুন শিক্ষানীতি প্ৰয়োগ কৰিব তাৰ বাবে জানুৱাৰি মাহত ব্লু প্ৰিন্ট অনা হ’ব।

তেওঁ কয় যে পঞ্চম শ্ৰেণীলৈকে মাতৃভাষাৰ প্ৰয়োগ হ’লে বহু লোকে শিক্ষা বিভাগৰ লগত জৰিত হৈ পৰাৰ সুযোগ লাভ কৰিব।

তদুপৰি, উচ্চ মাধ্যমিক সাৰ্বজননীন হোৱাৰ বাবে শিক্ষাৰ মানদণ্ড উন্নত হ’ব আৰু  পূৰ্ণ মানৱ সম্পদলৈ ৰূপান্তৰিত হ’বলৈ ছাত্ৰ-ছাত্ৰীয়ে সুযোগ পাব বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd