যোৰহাট জিলাৰ টীয়কৰ হাঁহচৰাত কালি সন্ধিয়া গাড়ীৰ ভিতৰতে এজন যুৱকৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে হাঁহচৰা কোঁৱৰ শেনছোৱা গাঁৱৰ প্ৰণৱ বৰুৱাৰ পুত্ৰ উৎপল বৰুৱা (২৩)নামৰ যুৱকজনৰ সন্ধিয়া বামুণপুখুৰীত এখন গাড়ীৰ ভিতৰতে ৰহস্যজনক ভাবে মৃত্যু ঘটে।
এ-এছ ০৩,এ-এ ৮২৮৬ নম্বৰৰ চুইফট গাড়ীখনৰ ভিতৰত বামুণপুখুৰী তিনিআলিত উৎপল বৰুৱাক অচেতন অৱস্থাত একাংশ লোকে দেখা পাই আৰু সতীৰ্থসকলক চিকিৎসকৰ ওচৰলৈ নিবলৈ পৰামৰ্শ দিয়ে বুলি জানিব পৰা গৈছে।
সতীৰ্থসকলে যুৱকজনক টীয়ক এফ আৰ ইউ চিকিৎসালয়ত থৈ দুজনে পলায়ন কৰে আৰু জন্তি শৰ্মা নামৰ গাড়ীৰ গৰাকীজন চিকিৎসালয়তে ৰৈ দিয়ে যদিও চিকিৎসকে যুৱকজনক মৃত ঘোষণা কৰে।
ইতিমধ্যে টীয়ক আৰক্ষীয়ে বামুণপুখুৰী কমাৰ গাঁৱৰ জন্তি শৰ্মা নামৰ যুৱক জনক চুইফট গাড়ীখনৰ সৈতে আটক কৰে আৰু জন্তিক সোধ পোচ আৰম্ভ কৰে।
আৰক্ষীৰ আগত তেওঁলোকে ড্ৰাগছ সেৱন কৰা বুলি স্বীকাৰ কৰে। সেয়ে অত্যধিক মাত্ৰাত ড্ৰাগছ সেৱনৰ ফলতে যুৱকজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে।
উল্লেখযোগ্য যে মৃত উৎপলৰ শৰীৰৰ বিভিন্ন অংগত বেজীৰ খোচৰ চিহ্ন স্পষ্ট হৈ আছে।
ঘটনাৰ খবৰ গম পাই উৎপলৰ পৰিয়ালৰ লোকৰ সমান্তৰালকৈ বৃহত্তৰ টীয়ক অঞ্চলৰ কেইবাটাও দল সংগঠনৰ প্ৰতিনিধি নিশাই টীয়ক আৰক্ষী থানাত উপস্থিত হৈ ড্ৰাগছৰ এই চক্ৰটো উৎখাত কৰিবলৈ দাবী জনায়।
ইতিমধ্যে লাচিত সেনা অসমৰ সেনাধ্যক্ষ অমৰ বৰুৱাই এই সন্দৰ্ভত টীয়ক আৰক্ষী থানাচ এখন এজাহাৰ দাখিল কৰিছে।
উল্লেখযোগ্য যে আজিৰ পৰা কিছু দিনৰ পূৰ্বে টীয়ক আৰক্ষীয়ে ড্ৰাগছ চক্ৰৰ লগত জড়িত টীয়কৰে ৪ জনকৈ যুৱকক আটক কৰিছিল যদিও পৰৱৰ্ত্তী সময়ত ৰহস্যজনকভাৱে এৰি দিছিল.
সেয়ে আৰক্ষীৰ ভূমিকাৰ ওপৰতো সন্দেহ প্ৰকাশ কৰিছে একাংশ সচেতন ৰাইজে।
তেওঁলোকৰ মতে আৰক্ষীৰ এনে সোপাধিলা স্থিৰি বাবেআজি এই ঘটনাটো সংঘটিত হ’বলৈ পালে বুলি অভিযোগ কৰিছে।