আৰু ১৭গৰাকী ক’ভিড১৯ ৰোগীয়ে দেওবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৬৫৫লৈ বৃদ্ধি পাইছে।
অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।
My condolences to the bereaved families and friends.
Om Shanti ? pic.twitter.com/EUIh0Oh22t
— Himanta Biswa Sarma (@himantabiswa) September 27, 2020
স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।
অসমত শনিবাৰলৈকে ৬৩৮গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।
বিপৰীতে ১,৩৮,৩০৭গৰাকী ব্যক্তিয়ে শনিবাৰলৈকে অসমত ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।
অসমত শনিবাৰে সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ৩০,১৬২ (।)
মুঠ ১,৬৯,১১০গৰাকী ব্যক্তি অসমত শনিবাৰলৈকে ক’ভিড পজিটিভ চিনাক্ত হৈছে।
ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।