• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত শিশুসহ তিনি

ইয়াছিন আলি by ইয়াছিন আলি
September 29, 2020 7:02 pm
Unidentified woman's body found in Margherita

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি আবেলি আনুমানিক ২.১৫ বজাত বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ মানাহ নদীৰ ওপৰত থকা দলংত ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাত শিশু, মহিলাসহ তিনিজন বাইক আৰোহী থিতাতে নিহত হয়।

Apply Now

জানিব পৰা মতে নিহতত্ৰয় বঙাইগাওঁ জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৩নং ছালাবিলা গাঁৱৰ আক্কাচ আলী (৬৫), পত্নী হাওৱা বিবি (৫০) আৰু নাতিনী ৰোচলিনা আহমেদ(৮) একেলগে AS 19 B 7361নং মটৰ চাইকেলৰে হাপাচাৰা (গৰৈমাৰী)লৈ গৈ থকা অৱস্থাত দলঙৰ  মাজত ভয়াবহ দুৰ্ঘটনাটো সংঘটিত হয়।

প্ৰত্যক্ষদৰ্শীৰ মতে একে দিশত তীব্ৰ গতিত গৈ থকা তেলৰ টেংকাৰে পিছৰ পৰা মহতিয়াই নিয়াৰ ফলত তিনিগৰাকী বাইক আৰোহী থিতাতে নিহত হয়।

দুৰ্ঘটনা সংঘটিত কৰা গাড়ী পলায়নৰ চেষ্টা কৰিবলৈ চেষ্টা কৰে যদিও গেৰুকাবাৰী আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা টেংকাৰখন জব্দ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে।

স্থানীয় ব্যক্তি সকলোৰ মতে ৰাষ্ট্ৰীয় ঘাইপথটোৰ মাজে মাজে উপপথ আছে আৰু মাজে মাজে নাই সেই বাবে প্ৰায়ে সংঘটিত হয় ভয়াবহ দুৰ্ঘটনা।

ঘটনাস্থলীত মাণিকপুৰ আৰক্ষী থানাৰ আৰক্ষীৰ এটা দল উপস্থিত হোৱাৰ লগতে উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়াৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ তিনিটা চমজি লয়।

ঘটনাটোত মাণিকপুৰ, ছালাবিলা অঞ্চলত শোকৰ ছাঁ পৰিছে। স্থানীয় ৰাইজে পৰিয়াটোক দহ লাখকৈ টকা সাহায্য দিবলৈ দাবী জনাইছে।

ইয়াছিন আলি

ইয়াছিন আলি

Stay Connected

  • 117k Fans

Recent News

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

October 5, 2026 10:40 am
ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

October 5, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd