২৫৮গৰাকী ব্যক্তি শনিবাৰে অসমত ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ বিপৰীতে ২৯৪৮গৰাকীয়ে আৰোগ্য লাভ কৰিছে।
১২,২৬৩টা টেষ্টত এইসকলক ক’ভিড পজিটিভ পোৱা গৈছে।
পজিটিভৰ হাৰ হৈছে ২.১০ শতাংশ।
আৰোগ্যৰ হাৰ হৈছে ৮৯.৬১ শতাংশ।
১,৮২,৭৯১গৰাকী ব্যক্তিয়ে অসমত এতিয়ালৈকে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।
অসমত বৰ্তমান সক্ৰিয় ৰোগী ২০,২৭১ (।)
মুঠ ২,০৩,৯৬৭গৰাকী ব্যক্তি এতিয়ালৈকে অসমত ক’ভিড পজিটিভ চিনাক্ত হৈছে।
ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।
আৰু দুগৰাকী ক’ভিড১৯ ৰোগীয়ে শনিবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৯০২লৈ বৃদ্ধি পাইছে।
শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— কামৰূপ মহানগৰৰ বিনন চন্দ্ৰ দাস (৬৪) আৰু গোৱালপাৰাৰ ধনঞ্জয় ৰয় (৬১)।
স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।
? 2⃣5⃣8⃣ Cases detected out of 12263 tests conducted, with a positivity rate of 2.10%
Kamrup M- 66
? 2⃣9⃣4⃣8⃣ patients discharged.
↗️Total cases- 203967
▶️ Recovered- 89.61%
▶️ Active cases- 9.94%
▶️ Deaths- 0.44%8:30 PM/ Oct 24#StayHomeStaySafe pic.twitter.com/hrv1j60Yat
— Himanta Biswa Sarma (@himantabiswa) October 24, 2020
শুকুৰবাৰলৈকে অসমত ৯০০গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।