• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাহেকীয়া ‘বাৰ্তাপখিলী’ৰ বঁটা প্ৰদান অনুষ্ঠান : পুষ্পাদেৱী জালান সোঁৱৰণি সাহিত্য বঁটা ড॰ ৰাজশ্ৰী বৰালৈ

নতুন প্ৰজন্মৰ সৃষ্টিশীল কৰ্ম আঁচনিক শলাগ শিক্ষাবিদ ডঃ অমৰজ্যোতি চৌধুৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 4, 2020 1:15 pm
index.jpgll
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাহিত্যানুৰাগী তথা সৰবৰহী মহিলা পুষ্পাদেৱী জালানৰ সোঁৱৰণত নৱমবাৰৰ বাবে সাহিত্য বঁটা প্ৰদান কৰা হয়।

গুৱাহাটী প্ৰেছ ক্লাবত মংগলবাৰে দিনৰ ১১.৩০ বজাত অনুষ্ঠিত এখন গাম্ভীৰ্যপূৰ্ণ সভাত এই বঁটা প্ৰদান কৰা হয় বিশিষ্ট লেখিকা ডঃ ৰাজশ্ৰী বৰাক।

Apply Now

উল্লেখ্য যে গুৱাহাটীস্থিত বিশাল প্ৰকাশনৰপৰা প্ৰকাশিত ভাষা-সাহিত্য-সংস্কৃতিৰ পূৰ্ণাংগ আলোচনী ‘মাহেকীয়া বাৰ্তাপখিলী’য়ে ২০১২ চনৰপৰা চল্লিশোধৰ্ৰ লেখিকাক সৰবৰহী মহিলা পুষ্পাদেৱী জালানৰ সোঁৱৰণত সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰি অহা হৈছে। এই প্ৰতিযোগিতাত চল্লিশোৰ্ধৰ লেখিকা এগৰাকীৰ শ্ৰেষ্ঠ প্ৰবন্ধ সংকলনখন নিৰ্বাচকমণ্ডলীৰ দ্বাৰা বাছনি কৰি ‘পুষ্পাদেৱী জালান সোঁৱৰণি বঁটা’ প্ৰদান কৰা হয়৷

‘বাৰ্তাপখিলী’ৰ ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰমি ষষ্ঠবিংশ বৰ্ষত পদাৰ্পণ আৰু সৰবৰহী মহিলা পুষ্পাদেৱী জালানৰ নৱম মৃত্যু বাৰ্ষিকী উপলক্ষে ২০২০ বৰ্ষৰ বঁটাৰ বাবে নিৰ্বাচকমণ্ডলীয়ে ‘ৰহা মহাবিদ্যালয়’ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা তথা বিভাগীয় মুৰব্বী অধ্যাপিকা ড॰ ৰাজশ্ৰী বৰাক নিৰ্বাচিত কৰি আজি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।

মাহেকীয়া আলোচনী ‘বাৰ্তাপখিলী’ৰ উদ্যোগত আৰু সৰবৰহী মহিলা পুষ্পাদেৱী জালান পৰিয়ালবৰ্গৰ সহযোগত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অৱসৰপ্ৰাপ্ত উপাচাৰ্য, সাহিত্যিক, আবৃত্তিকাৰ তথা শিক্ষাবিদ ড॰ অমৰজ্যোতি চৌধুৰী আৰু অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব, সাহিত্যিক থানেশ্বৰ মালাকাৰ উপস্থিত থাকে।

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিষয়া ইন্দ্ৰজিৎ দাসে আঁতধৰা সভাত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ‘বাৰ্তাপখিলী’ৰ সম্পাদক ব্ৰজেন্দ্ৰনাথ ডেকাই। তেওঁ বক্তব্যৰ মাজতে ‘বাৰ্তাপখিলী’ আলোচনীৰ জন্মলগ্নৰ তিতা-মিঠা অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰাৰ লগতে মহীয়সী নাৰী, সৰবৰহী মহিলা পুষ্পাদেৱী জালান পৰিয়ালক ধন্যবাদ জনায়।

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়াই থানেশ্বৰ মালাকাৰে। তেওঁ কয় যে পিতৃ-মাতৃৰ প্ৰতি শ্ৰদ্ধা জনাব নজনা লোকে ধৰ্মৰ মূল্যই বুজি নাপায়। তাত্ত্বিক কথাৰে পিতৃ-মাতৃক শ্ৰদ্ধা জনোৱা কাৰ্যৰ মহত্ব উপলব্ধিহে কৰিব পাৰি বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। মহিলাৰ সোঁৱৰণত মহিলাক সন্মান জনোৱা কাৰ্য সঁচাকৈয়ে আদৰণীয় বুলি বক্তব্যৰ মাজত উল্লেখ্য কৰে।

ডঃ অমৰজ্যোতি চৌধুৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কয় যে নৱ-প্ৰজন্মই এনে সভাত অংশগ্ৰহণ কৰা দৰকাৰ। ভাষা-সাহিত্য-সংস্কৃতিৰ চৰ্চা ক্ষেত্ৰত তেওঁলোকে ভৱিষ্যতে আগভাগ ল’ব।বাৰ্তাপখিলীত নৱ-প্ৰজন্মৰ লেখক-লেখিকা লেখা-মেলাক গুৰুত্ব দিয়া হয়। নৱ-প্ৰজন্মৰ লেখা, তেওঁৰ চিন্তা-চৰ্চাক প্ৰাধান্য দিয়া দেখি আহিছো বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

‘বাৰ্তাপখিলী’য়ে উদ্যোগ লোৱা আৰু সৰবৰহী মহিলা পুষ্পাদেৱী জালানৰ স্মৃতিত পৰিয়ালে সহযোগ কৰা এই বঁটা প্ৰদান অনুষ্ঠানৰ জৰিয়তে অসমীয়া ভাষা-সাহিত্যৰ সেৱা কৰিবলৈ আগবাঢ়ি অহাৰ বাবে বাৰ্তাপখিলী আৰু গোপাল জালান পৰিয়ালক আনুষ্ঠানিকভাৱে শলাগ জনাই ডঃ অমৰজ্যোতি চৌধুৰীয়ে।

সভাত বঁটাপ্ৰাপক ডঃ ৰূপশ্ৰী বৰাই ভাষণ প্ৰসংগত কয় যে গভীৰ অন্তৰাত্মাৰ জৰিয়তে লেখাখিনি লিখিবলৈ চেষ্টা কৰোঁ। এই সন্মান প্ৰদানে মোৰ দায়িত্ব বঢ়ালে বুলিও মন্তব্য কৰে।

সভাতে আলোচনীখনিক বিশেষভাৱে সহযোগ আগবঢ়াই অহা দীপজ্যোতি বৰুৱা আৰু তপন দত্তক বাৰ্তাপখিলীৰ তৰফৰ পৰা ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। উল্লেখ্য যে ‘পুষ্পাদেৱী জালান সোঁৱৰণি সাহিত্য বঁটা’ৰ লগত ২১,০০০ (একৈশ হাজাৰ) টকা, স্মাৰক, গ্ৰন্থৰ টোপোলা আৰু মানপত্ৰ প্ৰদান কৰা হয়৷

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd