• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ বাজেটত থাকিব ২০১৬-১৭ আৰু ২০১৭-১৮ বৰ্ষৰ বাজেটৰ ৰূপায়ণ-অৰূপায়ণৰ খতিয়ান : হিমন্ত বিশ্ব শৰ্মা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 11, 2018 8:50 pm
Himanta

বাজেট দাখিলৰ আগদিনা সংবাদমেলত ড০ হিমন্ত বিশ্ব শৰ্মা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন বিত্তীয় বৰ্ষৰ বাবে বাজেট দাখিলৰ আগে আগে পূৰ্বৰ বাজেটৰ সৰহভাগ কাম আৰম্ভই কৰিব নোৱাৰিলে বুলি বিভিন্ন পক্ষৰ পৰা সমালোচনাৰ সন্মুখীন হোৱা বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেল সম্বোধন কৰে। বিধানসভাৰ মজিয়াত কাইলৈ বাজেট দাখিলৰ পূৰ্বে বিত্ত মন্ত্ৰীজনে আজি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ বিগত বাজেটৰ কাম নাই হোৱা বুলি কোৱাটোৰ আঁৰত ৰাইজক বিপথে পৰিচালিত কৰাৰ উদ্দেশ্য থকা বুলি কয়।

‘’২০১৭-১৮ বৰ্ষৰ বাজেটৰ সৈতে আমি এটা কথা ঘোষণা কৰিছিলো যে এই বৰ্ষৰ বাজেটৰ লগত পূৰ্বৰ বাজেটৰ কিমান শতাংশ কাম ৰূপায়ণ হ’ল আৰু কিমান নহ’ল সেই বিষয়ে এখন খাতিয়ান দাঙি ধৰিম। লগতে ২০১৬-১৭ বাজেটত আমি কিমান সফল তথা বিফল তাৰো এক খাতিয়ান ৰখাৰ ব্যৱস্থা কৰিছো।‘’

Apply Now

বিত্তমন্ত্ৰীগৰাকীয়ে কয়, ‘’প্ৰথম বাৰৰ বাবে শিশুৰ বাবে বিশেষ আঁচনি বাজেটত উত্থাপন কৰা হ’ব। পূৰ্বৰ  দৰেই জেণ্ডাৰ বাজেট, ফলশ্ৰুতি বাজেট (আউটকাম বাজেট)ৰ লগতে বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত কিমানখিনি আমি ৰূপায়ণ কৰিব পাৰিছোঁ তাৰ এখন পুস্তিকা বেলেগকৈ সংলগ্ন হৈ থাকিব।‘’

তদুপৰি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে, ‘’বাজেট প্ৰস্তুতকৰণৰ পূৰ্বে ১৭খন জিলাৰ ৪০খন শিক্ষানুষ্ঠানত আমি নিজে গৈ শিক্ষক-ছাত্ৰ ছাত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হৈছিলো। ইয়াৰ পিছতে আমালৈ ১০০০ গৰাকী নাগৰিকৰ পৰা পৰামৰ্শ আহিছিল। সেই সমূহৰ ভিতৰত প্ৰধানকৈ গ্ৰাম্য উন্নয়ন, কৃত্ৰিম বানপানী, শিক্ষা ক্ষেত্ৰৰ সমস্যা, জি এছ টি, বিদ্যুতৰ সমস্যা ইত্যাদি বিষয়ৰ পৰামৰ্শ আমাৰ হাতত আহি পৰিছে। এই পৰামৰ্শসমূহৰো বাজেটত যথাযোগ্য স্থান দিয়া হৈছে।‘’

এই ক্ষেত্ৰত বাজেটখন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত মুখ্য মন্ত্ৰীৰ লগতে নাগৰিকসকলৰো সিংহভাগ অৰিহণা থাকিব বুলি তেওঁ তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে।

লক্ষণীয় যে মন্ত্ৰীগৰাকীয়ে ই-বাজেট উত্থাপন কৰা হ’ব বুলি মন্তব্য কৰি কয়, ‘’আমি সকলো বিধায়ককে এটা এটা ম’বাইল টেবলেট দিম আৰু সেই টেবলেটতে সমগ্ৰ বাজেটখন অন্তৰ্ভুক্ত হৈ থাকিব। বাজেটত সোমাই থকা কথাবোৰ বিধায়কসকলে সুন্দৰভাৱে অধ্যয়ন কৰিবৰ বাবে এই ব্যৱস্থা আমি হাতত লৈছো। তেতিয়া বিধায়কসকলেও প্ৰশ্ন উত্থাপন কৰাৰ ক্ষেত্ৰত সুবিধা হ’ব।‘’

তদুপৰি ই-বাজেট প্ৰস্তুত কৰাৰ ক্ষেত্ৰত অসম দ্বিতীয় স্থানত বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এই ক্ষেত্ৰত অন্ধ্ৰপ্ৰদেশ ভাৰতৰ ভিতৰতে প্ৰথমখন ৰাজ্য বুলি তেওঁ সদৰী কৰে।

লক্ষণীয় যে এইবাৰৰ বাজেটখন জনসাধাৰণে মোবাইলৰ গ’গল এপত পাব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

এই সন্দৰ্ভত তেওঁ কয়, ‘’অন্ধ্ৰপ্ৰদেশ প্ৰথম ৰাজ্য যদিও তাত কেৱল বিধায়কসকলেহে এই বাজেট লাভ কৰিছিল। কিন্তু অসমত প্ৰথমবাৰৰ বাবে এই সুবিধা প্ৰদান কৰা হৈছে যে তাৎক্ষণিকভাৱে বাজেটখন জনসাধাৰণে সহজতে মোবাইল এপৰ জৰিয়তে লাভ কৰিব পাৰিব।‘’

ইয়াৰোপৰি বাজেট ভাষণ চলি থকা সময়ত ফেচবুক আৰু টুইটাৰতো এই বাজেটখনৰ পোনপটীয়া সম্প্ৰচাৰ চলি থাকিব বুলি মন্ত্ৰীজনে ঘোষণা কৰে। অসমৰ বাহিৰত থকাসকলৰ বাবে এই পদক্ষেপ হাতত লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।  লগতে এয়া বিধানসভাৰ প্ৰথম প্ৰচেষ্টা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

আনহাতে অসমৰ আগশাৰীৰ পেপাৰসমূহৰ মাজতো বাজেটৰ কপিসমূহ ভৰাই দিয়া হ’ব যাতে গাঁৱে-ভূঞে পেপাৰ লোৱা মানুহসকলে বাজেটখন লাভ কৰিব পাৰে বুলি বিত্ত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। সংবাদ মাধ্যমৰ সৈতে জড়িত সকলোকে এটা পেনড্ৰাইভৰ জৰিয়তে বাজেটখন দিয়াৰ কথা মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। লগতে ছপা আকাৰতো এই বাজেটখন থাকিব বুলি তেওঁ জানিবলৈ দিয়ে।

আনহাতে মন্ত্ৰীগৰাকীয়ে বিভিন্ন পক্ষই পূৰ্বৰ বাজেটখনক সমালোচনা কৰা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয়, ‘’তেওঁলোকে অসমৰ জনসাধাৰণক বিপথে পৰিচালনা কৰাৰ প্ৰচেষ্টা কৰিছে। ৪৪ শতাংশ খৰচ হোৱাটো ২০১৮ চনৰ জানুৱাৰী মাহলৈকেহে সত্য আছিল। মাৰ্চ মাহতে আমাৰ ৭০০০ কোটি টকা খৰচ হৈছে। মই জনসাধাৰণক আশ্বাস দিছো যে বিগত বৰ্ষৰ দৰে ৬৫ শতাংশতকৈও অধিক টকা বিভিন্ন আঁচনিৰ নামত খৰচ কৰা হৈছে। কংগ্ৰেছ চৰকাৰৰ দহবছৰত খৰচ হোৱাৰ তুলনাত আমি ৫ বছৰতে তাতকৈ অধিক খৰচ কৰিম।‘’

তদুপৰি তেওঁ ২০১৭-১৮ বৰ্ষৰ বাজেটত সপ্তম দৰমহা আয়োগৰ অধীনত বকেয়া ধন মুকলি কৰাৰ ক্ষেত্ৰত বেছিকৈ ধন আবণ্টন কৰা হ’ল বুলি মন্তব্য কৰে।

তেওঁ কয়, ‘’চৰকাৰী কৰ্মচাৰীসকলক বকেয়া ধন দিয়াটো আমাৰ দ্বায়িত্ব আৰু কৰ্তব্য। আমি এবছৰতে এই আঁচনিৰ সফল ৰূপায়ণ কৰিছো।‘’

তদুপৰি সমালোচনা কৰাসকলে মন্ত্ৰীজনৰ নিজৰ বিভাগ স্বাস্থ্য আৰু শিক্ষা বিভাগত বেছিকৈ ধন আবণ্টন কৰা হয় বুলি কৰা মন্তব্য সন্দৰ্ভত তেওঁ কয় ‘’স্বাস্থ্য-শিক্ষা আৰু গৃহ এই তিনিটাই এখন চৰকাৰৰ প্ৰধান বিভাগ। শিক্ষাখণ্ডৰ সৈতে ৰাজ্যৰ ৫০ শতাংশ কৰ্মচাৰী, স্বাস্থ্যখণ্ডৰ সৈতে ২০ শতাংশ আৰু গৃহ বিভাগত ২০ শতাংশ কৰ্মচাৰী আছে। তাৰ পিছতহে পৰিবহণ, গড়কাপ্তানি বিভাগসমূহ আহি পৰে। গতিকে এই বিভাগসমূহত বেছিকৈ ধন আবণ্টন কৰাটো স্বাভাৱিক কথা।‘’

তদুপৰি মন্ত্ৰীজনে দাম্ভিকতাৰে কয়, ‘‘বিত্ত বিভাগৰ দ্বায়িত্বত মই আছো, প্ৰশ্ন কৰা বিধায়কজন নাই’’। লগতে তেওঁ এই তিনিটা বিভাগত ধন বেছিকৈ কিয় আবণ্টিত হয় বুলি প্ৰশ্ন কৰাসকল বিকৃত মানসিকতাৰ ব্যক্তি বুলি তুলুঙা মন্তব্য কৰে।

লক্ষণীয় যে মন্ত্ৰীগৰাকীয়ে এইবাৰৰ বাজেটখনৰ বিষয়বস্তু একত্ৰীকৰণ, সম্প্ৰসাৰণ আৰু উত্তৰণ বুলি মন্তব্য কৰে। লগতে অসমৰ ঘৰুৱা উৎপাদন ১৫ শতাংশলৈ বৃদ্ধি পাইছে সেই কথা কাইলৈৰ বাজেটত সকলোৱে গম পাব বুলি তেওঁ মন্তব্য কৰে।

আনহাতে উচ্চতৰ মাধ্যমিকৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাতৰি সন্দৰ্ভত তেওঁ কয়, ‘মই দয়ানন্দ বুঢ়াগোহাঁইৰ সৈতে ফোনযোগে আজি ৰাতিপুৱা কথা পাতিছিলোঁ। তেতিয়া তেওঁ ক’লে যে ৫০ শতাংশ প্ৰশ্ন আমি পাঠ্যপুথিৰ তলত থকা আৰ্হি প্ৰশ্নকাকতৰ পৰা প্ৰস্তুত কৰিছিলো। তেতিয়া মই অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এগৰাকীৰ সৈতে বিষয়টো আলোচনা কৰি ৭ দিনৰ ভিতৰত এক তদন্ত কৰিবৰ বাবে তেখেতক আহ্বান জনাইছো।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

June 30, 2026 12:13 pm
গুৱাহাটীত ভূমিস্খলনৰ ভয়াৱহ শংকা! কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানত বিশেষ সতৰ্কতা জাৰি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই

গুৱাহাটীত ভূমিস্খলনৰ ভয়াৱহ শংকা! কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানত বিশেষ সতৰ্কতা জাৰি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই

June 30, 2026 12:05 pm
উচ্চতম ন্যায়ালয়ত পৰাজিত ট্ৰাম্প; মহিলা সাংবাদিকক দিব লাগিব ৫০ লাখ ডলাৰ ক্ষতিপূৰণ

উচ্চতম ন্যায়ালয়ত পৰাজিত ট্ৰাম্প; মহিলা সাংবাদিকক দিব লাগিব ৫০ লাখ ডলাৰ ক্ষতিপূৰণ

June 30, 2026 11:27 am
পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

June 30, 2026 10:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

June 30, 2026 12:13 pm
গুৱাহাটীত ভূমিস্খলনৰ ভয়াৱহ শংকা! কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানত বিশেষ সতৰ্কতা জাৰি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই

গুৱাহাটীত ভূমিস্খলনৰ ভয়াৱহ শংকা! কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানত বিশেষ সতৰ্কতা জাৰি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই

June 30, 2026 12:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd