• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটী প্ৰেছ ক্লাৱত তৰালী শৰ্মাই মুকলি কৰিলে চি এছ শিৱাৰ ‘মাজুলীলৈ যাওঁ’ শীৰ্ষক গীত

এন ই নাও নিউজ by এন ই নাও নিউজ
November 24, 2020 9:27 pm
296
VIEWS
Share on FacebookShare on Twitter

মাজুলীৰ অপূৰ্ব সুন্দৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক পৰিৱেশক সমল কৰি নিৰ্মাণ হোৱা এটি গীত “মাজুলীলৈ যাওঁ” দৃশ্য-শ্ৰাৱ্য ৰূপত আজি গুৱাহাটী প্ৰেছ ক্লাৱত শুভ মুক্তি দিয়া হয়।

দিপাংক শইকীয়াৰ ভিডি’অ পৰিচালনা কৰা দৃশ্য-শ্ৰাৱ্য গীতটি আনুষ্ঠানিক ভাৱে মুকলি কৰে বিশিষ্ট সংগীত সংগীত-কণ্ঠশিল্পী শিল্পী তৰালি শৰ্মাই।

উক্ত অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন প্ৰশাসনিক বিষয়া ডিম্বনাথ মৰাঙৰ লগতে ভালেকেইগৰাকী বিশিষ্ট লোক।

ইতিমধ্যে “তৰা অ’ তৰা”, “সোণাৰু হালধীয়া হাঁহি” আদি কৰি বহু কেইটা জনপ্ৰিয় গীতেৰে নিজৰ পৰিচয় দাঙি ধৰা চি.এছ.শিৱাই উক্ত গীতটি কথা আৰু সুৰেৰে সজোৱাৰ লগতে কণ্ঠদান কৰিছে।

উজ্বল আৰঙৰ সংগীত সমৃদ্ধ  শীৰ্ষক গীতটি শব্দ সংমিশ্ৰণ ইবচন লাল বৰুৱাৰ৷ মাজুলীৰ বিভিন্ন সত্ৰ তথা মনোমোহা লোকেচনত বিতুল দাসে চিত্ৰগ্ৰহণ কৰা ভিডিঅ’টি সম্পাদনা সম্পন্ন কৰিছে মানস কাশ্যপে।

কোভিড নিৰ্দেশনা পলন কৰি গুৱাহাটী প্ৰেছ ক্লাৱত অন্তুষ্টুপীয়াকৈ আয়োজন কৰা মুকলি অনুষ্ঠানটিৰ পাছত বিয়লি ৪ বজাত গীতটি  “ধ্বনি ৰেকৰ্ডছ”ৰ ইউটিউব প্লেটফৰ্মৰ জৰিয়তে ৰাইজৰ বাবে মুকলি কৰি দিয়া হয়।

গীতটিক লৈ ইতিমধ্যে আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ড: পীতাম্বৰ দেৱগোস্বামীয়ে ৰাইজলৈ বুলি আহ্বান জনাইছে।

গীতটি মুখ্য সহকাৰী পৰিচালক নয়নজ্যোতি বৰাই আঁত ধৰা অনুষ্ঠানটিৰ শেষত চি এছ শিৱাই মাজুলী প্ৰীতি, ইয়াৰ ঐতিহ্যশালী সম্পদৰ সংৰক্ষণ তথা আধ্যাত্মিকতাক স্মৰণ কৰি বক্তব্য আগবঢ়োৱাৰ লগতে পৰিচালক দিপাংক শইকীয়াই দৃশ্যগ্ৰহণ কালত পোৱা অভিজ্ঞতাৰে মাজুলীবাসীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

ইয়াৰ লগতে সামাজিক মাধ্যমত “মাজুলীলৈ_যাওঁ” পেজত আয়োজন কৰা “মাজুলী: আপোনাৰ অনুভৱ” শীৰ্ষক মাজুলী বিষয়ক অনুভৱী লেখা প্ৰতিযোগিতাৰ ফলাফলো ঘোষণা কৰা হয়।

এই প্ৰতিযোগিতাত নগাঁৱৰ দিন্তি বৰাই প্ৰথম, যোৰহাটৰ দৰ্শনা বৰঠাকুৰে দ্বিতীয় তথা শিৱসাগৰৰ অস্মিতা দৰথী চেতিয়াই তৃতীয় স্থান লাভ কৰি দুদিনীয়া মাজুলী ভ্ৰমণৰ সুবিধা পুৰস্কাৰ হিচাপে লাভ কৰে।

ইয়াৰোপৰি বিচাৰকৰ বিশেষ বঁটাৰ বিবেচিত কৰা হয় ৰক্তিম জে শইকীয়া, বি পি বিপিন বাছা, জুৰি সন্দিকৈক।

Recent News

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd