• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰকাৰ তথা জলসম্পদ বিভাগৰ প্ৰতি ভৰসা নাই মৰিগাঁও জিলাৰ লাহৰীঘাটবাসীৰ

বৰ লুইতক ভেটিবলৈ ব্যতিক্ৰমী প্ৰয়াস গাঁওবাসীৰ

চানু গগৈ by চানু গগৈ
December 4, 2020 2:25 pm
a morigaon-flood
176
VIEWS
Share on FacebookShare on Twitter

চৰকাৰ তথা জলসম্পদ বিভাগৰ প্ৰতি ভৰসা নাই মৰিগাঁও জিলাৰ লাহৰীঘাটবাসীৰ। বৰ লুইতক ভেটিবলৈ ব্যতিক্ৰমী পদক্ষেপ হাতত লৈছে বান-গৰাখহনীয়াত বিধ্বস্ত গাঁওবাসীয়ে ।শুনিবলৈ আচহুৱা যেন লাগিলেও এয়া সত্যত পৰিণত কৰিবলৈ ওলাইছে বান-গড়াখহনীয়াত বিধস্ত লাহৰীঘাটবাসী ৰাইজে।

পৰিৱৰ্তনকামী চৰকাৰ তথা প্ৰশাসনৰ প্ৰতি অলপো ভৰসা নকৰি এইবাৰ বৰলুইতক ভেটিবলৈ প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৰাইজে।

মৰিগাঁও জিলাৰ লাহৰীঘাটত লুইতৰ বিধ্বংসী খহনীয়া অস্থায়ী ভাৱে ৰোধ কৰিবলৈ ওলাই অহাৰ সংকল্প লৈছে জনতাই ।

১৩ ডিচেম্বৰত খহনীয়া অস্থায়ী ভাৱে ৰোধ কৰাৰ উদ্দেশ্যে হাজাৰ হাজাৰ জনতা সাজু হৈছে ।

উল্লেখ্য যে ১৯৬৯ চনৰ পৰা জিলাখনৰ লাহৰীঘাটত লুইতৰ গৰাখহনীয়া অব্যাহত আছে ।

এই গৰাখহনীয়াত লাহৰীঘাট বিধান সভা সমষ্টিৰ প্ৰায় ৭০ খন ৰাজহ গাঁও সম্পূৰ্ণণৰূপে লুইতত বিলীন হৈছে । হাজাৰ হাজাৰ হেক্টৰ কৃষি ভূমি জাহ গৈছে। ইয়াৰ উপৰি বহু চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান লুইতত জাহ গৈছে।

আনহাতে  গৰাখহনীয়াত হাজাৰ হাজাৰ পৰিয়াল গৃহহীন হোৱাৰ লগতে মাটি,ভেটি, সা-সম্পতি সকলো হেৰুৱাবলগীয়া হৈছে।পৰিয়ালসমূহৰ বৰ্তমান ঠিকনা হৈছে মথাউৰি আৰু চৰকাৰী পথ ।অদ্যপি থমকি ৰোৱা নাই বৰ লুইত ।

সম্প্ৰতি অব্যাহত আছে লুইতৰ ধাৰাবাহিক গৰাখহনীয়া ।ইমানৰ পিছতো চৰকাৰ তথা প্ৰশাসনে গৰাখহনীয়াৰ স্হায়ী প্ৰতিৰোধৰ ব্যৱস্হা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই ।

দিল্লী -দিছপুৰত চৰকাৰ আহিল ,গ’ল, কিন্তু লাহৰীঘাটবাসীৰ গৰাখহনীয়াৰ সমস্যা সমস্যাই হৈ থাকিল ।

প্ৰতিটো সাধাৰণ নিৰ্বাচনৰ সময়ত নেতা সকলে গৰাখহনীয়াৰ সমস্যা সমাধান কৰি দিয়াৰ প্ৰতিশ্ৰুতি দি ঘৰিঁয়ালৰ চকুলো টুকি আহিছে ।

ইফালে জলসম্পদ বিভাগেও গৰাখহনীয়া প্ৰতিৰোধী কোনো ধৰণৰ ফলপ্ৰসূ আচঁনি ৰূপায়ন কৰা পৰিলক্ষিত নহল ।

২৫ বছৰে বিধায়ক হৈ থকা ডা: নজৰুল ইছলামেও গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত কোনোো ব্যৱস্হা গ্ৰহন নকৰিলে !অৱশেষত চৰকাৰ তথা জলসম্পদ বিভাগৰ ওপৰত আস্হা হেৰুৱাই নিজেই খহনীয়া ৰোধত নামিব লাহৰীঘাটবাসী ।

ইতিমধ্যে গৰাখহনীয়া প্ৰতিৰোধ সমিতি নামেৰে এখন সমিতি গঠন কৰিছে । স্থানীয় ৰাইজৰ সহযোগত সমিতিখনে বাঁহ আৰু বস্তা সংগ্ৰহ কৰিছে ।

বাহঁ আৰু বস্তাৰে কেবাটাও বান্ধ নিৰ্মাণ কৰিব !অহা দেওবাৰে হাজাৰ হাজাৰ জনতা বিনামূলীয়া কৰিবলৈ ওলাই আহিব বুলি সমিতিৰ কৰ্ম কৰ্তা সকলে জানিব দিয়ে ।

ৰাইজে কাঠনিৰ পৰা টেঙাগুৰিলৈকে কেবাটাও বান্ধ নিৰ্মাণ কৰিব ।

এই বান্ধ কেইটা নিৰ্মাণ কৰিলে কাঠনিৰ পৰা টেঙাগুৰি কছাৰীগাঁওলৈকে খহনীয়া কিছু পৰিমাণে হ্ৰাস পাব বুলি অনুমান কৰা হৈছে ।

গৰাখহনীয়া প্ৰতিৰোধ সমিতিয়ে সকলো স্তৰৰ লোকৰ সহায় সহযোগিতা কামনা কৰিছে ।

Recent News

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd