আজি আমিনগাঁৱত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উন্মোচন কৰা ‘অসম দৰ্শন আঁচনি’ উন্মোচনী সভাত ৰাজ্যৰ স্বাস্থ্য, শিক্ষা তথা বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ‘মুক্তিত নিস্পৃহ যিটো’ ঘোষাৰে ভাষণ আৰম্ভ কৰি উপস্থিত বিশাল জনতাক মাৰ্গ দৰ্শন প্ৰদানৰ চেষ্টা কৰা দেখা যায়।
মন্ত্ৰী শৰ্মাই উপস্থিত জনতাক উদ্দেশ্যি কয় ‘আজিৰ দিনটোৰ নিচিনা একেলগে গোটেই অসমৰ ভকত বৃন্দ কেতিয়াও লগ হোৱা নাছিল। এইটো অসমবাসীৰ বাবে গৌৰৱৰ দিন।’
ইফালে সত্ৰৰ মাটি বেদখলমুক্ত কৰা বুলিও দাবী কৰি মন্ত্ৰী গৰাকীয়ে অসমত বিজেপি চৰকাৰ হোৱাৰ পাছতে সৰ্বানন্দ সোণোৱাল আৰু ৰঞ্জিত দাসৰ নেতৃত্বত বটদ্ৰৱা সত্ৰৰ পৰা বাংলাদেশীক উৎখাত কৰা হৈছে।
উল্লেখ্য যে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৰদোৱা সত্ৰৰ পৰিচালনা কমিটিৰ উপস্থিতিত সত্ৰৰ উন্নয়ন ৰ বাবে ১৮০ কোটি টকাৰ এক আঁচনি মুকলি কৰিব।
এই আঁচনিৰ অধীনত পৰৱৰ্তী সময়ত পঞ্জাৱৰ স্বৰ্ণ মন্দিৰৰ দৰে জিলিকিব বটদ্ৰৱা সত্ৰকো নিৰ্মাণ কৰি জিলিকাই তোলা হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে উত্তৰ গুৱাহাটী নিৰ্মীয়মাণ AIIMSৰ অসম শাখাৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ২০২১ চনৰ জুলাইত AIIMS এ প্ৰাণ পাব।
ইফালে ২০০০ তকৈ অধিক বিচনাৰে ৮০০ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটীৰ পাণবজাৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতালক ৰূসংবৰ্ধন কৰা হ’ব বুলিও মন্তব্য কৰিছে অসমৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।
‘এই মুহূৰ্ত জাতিটোৰ বাবে গৌৰৱৰ মুহূৰ্ত। মহাপুৰুষ শংকৰদেৱ, মা কামাখ্যাক লৈ বিশ্বই গৌৰৱ কৰে, বিহুক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ বিজেপি চৰকাৰে কাম কৰিছে।’ উপস্থিত জনতাক উদ্দেশ্যি এইদৰে কয় মন্ত্ৰীগাৰাকীয়ে।
উল্লেখ্য যে অসম দৰ্শন আঁচনিৰ জৰিয়তে ৮০,০০০ নামঘৰলৈ আঢ়ৈ লাখ টকাকৈ প্ৰথম পৰ্যায়ত প্ৰদান কৰা হৈছে। পৰৱৰ্তী সময়ত অসমৰ চুকে কোণে থকা সকলো নামঘৰক সামৰি ল’ব এই আচনিয়ে।
‘অমিত শ্বাহক অসমৰ ৰাইজে পবিত্ৰ অন্তৰৰে তথা অধিক উৎসাহৰে উষ্ম আদৰণি জনাইছিল।’ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়।