• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 24, 2021 7:27 am
WhatsApp Image 2021-01-24 at 6.59.34 AM
243
VIEWS
Share on FacebookShare on Twitter

জনবসতি অঞ্চলত সোমাই অহা এটা পূৰ্ণবয়স্ক দঁতাল হাতীৰ কাণত জুঁই লগাই দিয়াৰ পাছত হাতীটোৰ মৃত্যু হয়। তামিলনাডুৰ নীলগিৰিত সংঘটিত হোৱা এই নৃংশস ঘটনাক সকলোৱে একেমুখে নিন্দা কৰিছে। ঘটনাৰ সৈতে জড়িত দুজনক গ্ৰেপ্তাৰ কৰা হৈছে।

নৃশংস এই ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে য’ত দেখা গৈছে হাতীটোক লক্ষ্য কৰি জলন্ত কাপোৰ মেৰিয়াই এডাল কাঠ লগাই দিয়া হৈছে।

মূৰত তেতিয়াও জুঁই জ্বলি আছে আৰু যন্ত্ৰণাত চিৎকাৰ কৰি হাতীটোৱে দৌৰিছে। বাতৰি অনুসৰি, যোৱা ১৯ জানুৱাৰিত হাতীটোৰ মৃত্যু হয়।

যোৱা নৱেম্বৰ মাহৰ পৰাই বন বিভাগে ৪০ বছৰীয়া হাতীটোক অনুসৰণ কৰি আছিল। হাতীটোৰ পিঠিত আঘাত লাগিছিল আৰু হাতীটোৱে জনবসতি অঞ্চলত বিচৰণ কৰি ফুৰিছিল।

বনাঞ্চললৈ ঘুৰি নোযোৱা হাতীটোক ডিচেম্বৰত চেতনানাশক প্ৰয়োগ কৰা হৈছিল। তাৰপাছত হাতীটো দুৰ্বল হৈ পৰিছিল আৰু তাৰ চলাচলৰ গতি মন্থৰ হৈ পৰিছিল।

ইয়াৰ মাজতে জানুৱাৰিৰ প্ৰথম সপ্তাহত হাতীটোৰ কাণত গুৰুতৰ আঘাতৰ চিন লক্ষ্য কৰে বন বিষয়াসকলে। ১৯ জানুৱাৰিত চেতনানাশক প্ৰয়োগ কৰি হাতীটোক বশ কৰা হয় আৰু চিকিৎসাৰ বাবে কেম্পলৈ লৈ যোৱাৰ সময়তে হাতীটোৰ মৃত্যু হয়।

বন বিভাগে হাতীটোৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ বাবে অপেক্ষা কৰিছে।

বন্যপ্ৰাণী (সংৰক্ষণ) আইন,১৯৭২ৰ অধীনত প্ৰসাদ আৰু ৰেমণ্ড নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। লোক দুজনে যিখন ৰিছ’ৰ্ট চলাই আছিল সেইখনো বন বিভাগে বন্ধ কৰি দিছে।

বিষয়টোক লৈ বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু সকলোৱে অপৰাধীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী কৰিছে।

Recent News

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd