• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধানসভাৰ নিৰ্বাচন-২০২১: হাওৰাঘাটত এইবাৰ বিজেপিৰ প্ৰাৰ্থিত্বৰ নতুন দাবীদাৰ লংকি ফাংছ’

এন ই নাও নিউজ by এন ই নাও নিউজ
January 31, 2021 2:16 pm
লংকি ফাংছ'

হাওৰাঘাটত বিজেপিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ লংকি ফাংছ'। ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ ১৮ নং হাওৰাঘাট বিধানসভা সমষ্টিটো হৈছে অসম বিধানসভাৰ এক গুৰুত্বপূৰ্ণ সমষ্টি । বিধানসভাৰ নিৰ্বাচনী দিন চমু চাপি অহাৰ লগে লগে ১৮নং হাওৰাঘাট বিধানসভা সমষ্টিত বিজেপি, কংগ্ৰেছ, এ এছ ডি চি, চি পি আই (এম এল) আদি বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

সমান্তৰালকৈ শাসকীয় বিজেপি দলৰ মাজতো প্ৰাৰ্থিত্বকেন্দ্ৰিক যুঁজৰ তৎপৰতাই হাওৰাঘাট সমষ্টিৰ ৰাজনৈতিক বাতাবৰণ গৰম কৰি তুলিছে। ৰাজ্যখনৰ লগতে কাৰ্বি আংলঙতো দহ-পোন্ধৰবছৰীয়া কংগ্ৰেছৰ শাসন কাল চলি থকাৰ সময়ছোৱাত কাৰ্বি আংলং জিলাত বিজেপিৰ নাম গোন্ধই নোহোৱাৰ দৰে অৱস্থা আছিল ।

Apply Now

ঠিক সেই সময়ছোৱাৰ আগৰ পৰাই আৰ এছ এছ অৰ্থাৎ সংঘ পৰিয়ালৰ পৰা জন্ম আৰু প্ৰশিক্ষণ লৈ আৰ এছ এছ আৰু বিজেপিৰ নীতি আদৰ্শৰে পৰিচালিত হৈ বৰ্তমানলৈকে দলৰ নীতি আদৰ্শত অটল হৈ থকা অৰ্থাৎ যাক কোৱা হয় পুৰণি বিশুদ্ধ বিজেপি আৰু কংগ্ৰেছ দলৰ পৰা বিজেপিলৈ অহাসকলক নতুন বিজেপি বুলি কোৱা হয়।

হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত অককেৰেং কুলাই গাঁৱত জন্ম গ্ৰহণ কৰা বিজেপিৰ দাবীদাৰ প্ৰাৰ্থীগৰাকীয়ে হৈছে অৱসৰপ্ৰাপ্ত উচ্চপদস্থ প্ৰশাসনিক আই এছ বিষয়া, ৰাজ্যিক বিজেপিৰ প্ৰাক্তন উপ সভাপতি তথা নেশ্যনেল কাউন্সিলৰ সদস্য লংকি ফাংছ’ ।

প্ৰথম অৱস্থাত কাৰ্বি আংলং জিলাত বিজেপিৰ প্ৰভাৱ মুঠেই নাছিল। যেতিয়া হাওৰাঘাট বিধানসভা সমষ্টিত কংগ্ৰেছৰ শাসনকালত কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী খৰছিং ইংতিয়ে দহ বছৰ মন্ত্ৰিত্বৰ দায়িত্ব পালন কৰিছিল।

লংকি ফাংছ’ সেই সময়ত অবিভক্ত কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি পদত অধিষ্ঠিত হৈ দলীয় কাম কাজ নিষ্ঠাৰে দলৰ ভূমিকা পালন কৰি আহিছিল।

সেইসময়ত সভাপতিৰ দায়িত্ব লৈয়ে তেওঁৰ কাৰ্যকালত তেওঁৰ নেতৃত্বত বিধানসভা নিৰ্বাচনত কাৰ্বি আংলং জিলাখনত প্ৰথমবাৰৰ বাবে ইতিহাস সৃষ্টি কৰি ডিফু, বোকাজান আৰু হাওৰাঘাট বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীক জয়ী কৰাই আনিবলৈ সক্ষম হৈছিল।

নিৰ্বাচিত বিধায়ক তথা জনপ্ৰতিনিধি এগৰাকীৰ বাবে নিজৰ সমষ্টিত গৈ যেনেদৰে গঞা ৰাইজৰ লগত মত বিনিময় কৰি সমষ্টিটোৰ জনসাধাৰণৰ অভাৱ অভিযোগ সমূহৰ খবৰ লৈ পূৰণ কৰিব লাগে সেই দায়িত্ব আৰু কৰ্ম কৰি গৈছিল বিধায়ক নিৰ্বাচিত নোহোৱাকৈয়ে এগৰাকী বিজেপিৰ কৰ্মী হিচাপে লংকি ফাংছ’ই ।

অৱশ্যে তেওঁ ৰাজনীতিত অহাৰ পূৰ্বে আই এছ প্ৰশাসনিক বিষয়া ৰূপে দায়িত্ব পালন কৰি সমাজ সেৱাৰ কৰ্মত নিয়োজিত হৈছিল। এজন প্ৰশাসনিক বিষয়াৰ দায়িত্ব পালন কৰি তেওঁ সৃষ্টিশীল আৰু গঠনমূলক কামত নিজকে জড়িত কৰি ভাল পাইছিল।

আনহাতে, সৰুকালত নিবনুৱা সমস্যা আৰু পৰিশ্ৰমৰ মৰ্যদা দিবলৈ গৈ হাওৰাঘাটৰ নিজ জন্মভূমি অককেৰেং কুলাই গাঁৱত থকা নিজ ঘৰৰ বাৰীৰ নেমু, আনাৰস, তামোল আদি বিক্ৰী কৰি নিজ উপাৰ্জনৰ পথ মুকলি কৰি লৈছিল ।

সৰুকালতেই  মহৰ পিঠিত বহি তেওঁ এলজাব্ৰা, ফিজিক্স, মেথমেথিক্সৰ ষ্টাডি কৰিছিল। বিজেপি দলত বহুলভাৱে চৰ্চিত হৈ থকা এটা বিষয়ে ইয়াত ঊল্লেখ কৰিব পাৰি যে যি সকলে কংগ্ৰেছৰ পৰা বিজেপিলৈ আহিছে তেওঁলোকৰহে বেছি দপদপনি বৃদ্ধি পাইছে।

কিন্তু যিসকল পুৰণি বিশুদ্ধ বিজেপি সেইসকল বিজেপি কৰ্মীক দলীয় নেতৃত্বই এলাগী কৰি ৰাখিছে। হাওৰাঘাট সমষ্টিটোৰ দাবীদাৰ লংকি ফাংছ’ই নিজৰ মত ব্যক্ত কৰি সংবাদ মাধ্যমৰ আগত কয় যে হাওৰাঘাট সমষ্টি ধানৰ বাবে উপযোগী। বাহো আছে,পাথৰো আছে পাৰখোৱাত । ইপিনে যমুনা নদীৰ বালি সঠিক কামত ব্যৱহাৰ কৰিলে চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিব পাৰিব । ইয়াৰ উপৰিও যমুনা নদীৰ পানী সঠিক কামত প্ৰয়োগ কৰিলে খেতিয়কৰ বহু উপকাৰ হ’ব । চামেলাংছ’ত আকৌ ঝাড়ুৰ বাবে বজাৰ আগবঢ়াব পাৰিলে শ্ৰমিক কৃষকৰ বাবে বহু উন্নয়ন হ’ব । সেয়ে বিজেপিৰ দলীয় নেতৃত্বই লংকি ফাংছ’ক যদি ২০২১ ৰ নিৰ্বাচনী টিকট প্ৰদান কৰে তেন্তে হাওৰাঘাট সমষ্টিৰ পৰা তেওঁ জয়ী হোৱাটো খাটাং বুলি তেওঁ আৰু তেওঁৰ সমৰ্থকসকলে দাবী কৰে ।

ইপিনে হাওৰাঘাট সমষ্টিত শাসকীয় বিজেপি দলৰ বিধায়ক হিচাবে বৰ্তমান কাৰ্যনিৰ্বাহ কৰি আছে পশ্চিম কাৰ্বি আংলঙৰ এগৰাকী প্ৰাক্তন কংগ্ৰেছীয়ে। বিগত চাৰে চাৰি বছৰ ধৰি হাওৰাঘাটৰ বিধায়কৰূপে কাৰ্যনিৰ্বাহ কৰি থকা বিধায়ক জয়ৰাম ইংলেঙক লগ পাব বিচাৰিলে তেওঁক লগ পোৱাটো দূৰৰে কথা তেওঁক বেছি সংখ্যকে চিনিয়েই নাপায় বুলি কোৱাৰ লগতে আনকি তেওঁৰ ছাঁটোকে দেখিবলৈ পোৱা নাযায় বুলি একাংশ ৰাইজে অভিযোগ কৰে।

আনহাতে, ধুমকেতুৰ‌ দৰে হাওৰাঘাটত আহি দেখা দিয়া আৰু দলীয় নেতৃত্বই স্থানীয় প্ৰাৰ্থীক বঞ্চিত কৰি অন্য এখন ঠাইৰ পৰা আনি হাওৰাঘাটত টিকট দিয়া এনে এজন বিধায়কক পুনৰ এইবাৰৰ ২০২১ ৰ নিৰ্বাচনত দলীয় নেতৃত্বই প্ৰাৰ্থিত্ব দিলে কেৱল তীব্ৰ প্ৰতিবাদেই নহয় ভোট বৰ্জনো কৰা হ’ব বুলি স্থানীয় একাংশ লোকে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰে ।

বৰ্তমানৰ বিধায়কজনে বুথ কমিটী, মণ্ডল কমিটি আৰু তৃণমূল পৰ্য্যায়ৰ কৰ্মকৰ্তাৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাৰাখে বুলি বুথ লেভেল কাৰ্যকৰ্তাই অসন্তুষ্ট প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

September 10, 2026 11:47 am
বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

September 10, 2026 10:18 am
কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

September 10, 2026 8:47 am
গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

September 10, 2026 7:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

September 10, 2026 11:47 am
বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

September 10, 2026 10:18 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd