• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁৱৰ মিকিৰ বামুণী গ্ৰান্টত কৃষকৰ অবিৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন

দিল্লী লাইকা-দধিয়াৰ দৰে মিকিৰ বামুণী গ্ৰান্টতো তীব্ৰতৰ হ'ব প্ৰতিবাদ

মুৰলী বৰুৱা by মুৰলী বৰুৱা
February 1, 2021 12:28 pm
nagaon

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত আৰু চামগুৰি ৰাজহ চক্ৰৰ অধীনস্থ মিকিৰ বামুণী গ্ৰান্টৰ ৰায়তি খতিয়ান প্ৰাপ্ত কৃষক সকলক উচ্ছেদ কৰি আজুৰ নামৰ এটা বহু জাতিক প্ৰতিষ্ঠানক সৌৰ প্ৰকল্প স্থাপন কৰিবলৈ অনুমতি প্ৰদান কৰাৰ প্ৰতিবাদত কৃষক সকলে আজি পাঁচ দিন ধৰি অবিৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰি আছে।

৫দিন অবিৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰি থকাৰ পিছতো চৰকাৰ-প্ৰশাসনে কোনো ধৰণৰ খবৰ নোলোৱাত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Apply Now

উল্লেখ্য যে মিকিৰ বামুণী গ্ৰান্টৰ ৰায়তি খতিয়ান প্ৰাপ্ত কৃষক সকলৰ লগতে বহু কেইটা দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

ৰাজনৈতিক পৃষ্ঠপোষকতাত নগাঁও জিলা প্ৰশাসন, চামগুৰি ৰাজহ চক্ৰৰ বিষয়া কাৰ্যালয়, কৃষি বিভাগ, বন বিভাগ আদিয়ে মিকিৰ বামুণী গ্ৰান্টত প্ৰায় ১০ বছৰ ধৰি কৃষকে খেতি কৰা নাই আৰু হাতী কৰিডৰ নহয় বুলি প্ৰতিবেদন দি ৰায়তি কৃষক সকলক উচ্ছেদৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল।

তদুপৰি, যুগ যুগ ধৰি কৃষি কৰ্মৰ জৰিয়তে জীবিকা নিৰ্বাহ কৰা কৃষক সকলৰ কৃষি ভূমি উচ্ছেদ কৰি আজুৰ নামৰ বহু জাতিক কোম্পানীটো গটাই দিয়াৰ লগতে ইয়াৰ প্ৰতিবাদ কৰা কৃষক মহিলা‌ সকলৰ ওপৰত জিলা প্ৰশাসনৰ নিৰ্দেশত আৰক্ষীয়ে বৰ্বৰ ভাৱে অত্যাচাৰ চলাইছিল।

আনকি আৰক্ষীৰ নিৰ্যাতনৰ পৰা গৰ্ভৱতী মহিলাও সাৰি যাব পৰা নাছিল। দমন নীতিৰে চৰকাৰে মিকিৰ বামুণী গ্ৰান্টৰ কৃষক সকলৰ আন্দোলন মষিমূৰ কৰিব বিচৰাৰ লগতে খিলঞ্জীয়া এই লোকসকলৰ কৃষি ভূমি উচ্ছেদ কৰি বৰ্তমানৰ চৰকাৰখনে খিলঞ্জীয়া বিৰোধী স্থিতি গ্ৰহণ কৰিছে।

চৰকাৰে এই কৃষক সকলৰ প্ৰাপ্য অধিকাৰ কাঢ়ি নি তেওঁলোকৰ কৃষি ভূমি বহু জাতিক কোম্পানীক গটাই দিয়াৰ প্ৰতিবাদত দেশৰ ৭২ সংখ্যক গণৰাজ্য দিৱসৰ দিনা অৰ্থাৎ ২৬ জানুৱাৰীৰ পুৱা ১০ বজাৰ পৰা এতিয়ালৈকে অবিৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰিছে।

দিনে নিশাই পুৰুষ মহিলা সমন্বিতে কৃষক সকলে এই বিক্ষোভ কাৰ্যসূচী অব্যাহত ৰাখিছে। কোলাত কণ কণ শিশুক লৈ মহিলা সকলে এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰিছে। কৃষক সকলৰ দাবী তেওঁলোকৰ ভূমি চৰকাৰে ঘূৰাই দিব লাগিব। উচ্ছেদিত ভূমি কৃষক সকলক ঘূৰাই নিদিয়া পৰ্যন্ত আন্দোলন অব্যাহত থাকিব।

বিক্ষোভ কাৰ্যসূচী ৰূপায়নৰ লগতে জাতিৰ পিতা মহাত্মা গান্ধীৰ শ্বহীদ দিৱসৰ দিনটোত কৃষক সকলে জাতিৰ পিতাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই অনশন কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদকাৰী সকলে কৃষক বিৰোধী কৃষি আইন বাতিলৰ দাবীত দিল্লীত চলি থকা কৃষক আন্দোলনৰ প্ৰতিও সমৰ্থন জনায়।

ইপিনে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা মনোজ সিংহ ৰাজা, সাংবাদিক চন্দনজ্যোতি বৰা সহ এটা প্ৰতিনিধি দলে মিকিৰ বামুণী গ্ৰান্টত চলি থকা বিক্ষোভ স্থলিত উপস্থিত হৈ বিক্ষোভকাৰী সকলৰ প্ৰতি সমমৰ্মিতা প্ৰকাশ কৰে।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিনিধি দলটোত নগাঁও জিলা সমিতিৰ নেতা ৰাজশেখৰ কলিতা,ৰূপম বৰা,অনুৰম বৰাৰ লগতে সাংবাদিক ৰকিবুল ৱাহিদো আছিল।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা মনোজ সিংহ ৰাজাই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰক কঠোৰ সমালোচনা কৰি কয়-জাতি, মাটি, ভেটি শ্ল’গানেৰে ক্ষমতা দখল কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে এতিয়া খিলঞ্জীয়া বিৰোধী স্থিতি গ্ৰহণ কৰিছে। কৃষকৰ ভূমি উচ্ছেদ কৰি পুঁজিপতিক ৰঙা দলিচা পাৰি দিছে। সোণোৱাল চৰকাৰ এখন খিলঞ্জীয়া বিৰোধী চৰকাৰ।

এই চৰকাৰৰ খিলঞ্জীয়া বিৰোধী নীতিৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তুলিবলৈ সকলোকে তেওঁ আহ্বান জনায়।

কৃষক বিক্ষোভকাৰী সকলে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে দিল্লী আৰু লাইকা-দধিয়াৰ দৰে মিকিৰ বামুণী গ্ৰান্টতো ব্যাপক আন্দোলন গঢ়ি তোলা হ’ব।

মিকিৰ বামুণী গ্ৰান্টৰ এই কৃষক সকলৰ বিক্ষোভ কাৰ্যসূচীৰ প্ৰতি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, নিখিল ভাৰত কৃষক সভা, চি পি আই, চি পি আই (এম এল), অসম জাতীয়তাবাদী যুৱ পৰিষদ আদি বিভিন্ন দল-সংগঠনে সমৰ্থন আগবঢ়োৱাৰ লগতে কৃষকৰ উচ্ছেদিত ভূমি তৎকালীনভাৱে কৃষকক ঘূৰাই দিবলৈ দাবী জনাইছে।

মুৰলী বৰুৱা

মুৰলী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd