• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নগাঁৱৰ মিকিৰ বামুণী গ্ৰান্টত কৃষকৰ অবিৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন

দিল্লী লাইকা-দধিয়াৰ দৰে মিকিৰ বামুণী গ্ৰান্টতো তীব্ৰতৰ হ'ব প্ৰতিবাদ

মুৰলী বৰুৱা by মুৰলী বৰুৱা
February 1, 2021 12:28 pm
nagaon

ফটো: নৰ্থইষ্ট নাও।

154
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত আৰু চামগুৰি ৰাজহ চক্ৰৰ অধীনস্থ মিকিৰ বামুণী গ্ৰান্টৰ ৰায়তি খতিয়ান প্ৰাপ্ত কৃষক সকলক উচ্ছেদ কৰি আজুৰ নামৰ এটা বহু জাতিক প্ৰতিষ্ঠানক সৌৰ প্ৰকল্প স্থাপন কৰিবলৈ অনুমতি প্ৰদান কৰাৰ প্ৰতিবাদত কৃষক সকলে আজি পাঁচ দিন ধৰি অবিৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰি আছে।

৫দিন অবিৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰি থকাৰ পিছতো চৰকাৰ-প্ৰশাসনে কোনো ধৰণৰ খবৰ নোলোৱাত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে মিকিৰ বামুণী গ্ৰান্টৰ ৰায়তি খতিয়ান প্ৰাপ্ত কৃষক সকলৰ লগতে বহু কেইটা দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

ৰাজনৈতিক পৃষ্ঠপোষকতাত নগাঁও জিলা প্ৰশাসন, চামগুৰি ৰাজহ চক্ৰৰ বিষয়া কাৰ্যালয়, কৃষি বিভাগ, বন বিভাগ আদিয়ে মিকিৰ বামুণী গ্ৰান্টত প্ৰায় ১০ বছৰ ধৰি কৃষকে খেতি কৰা নাই আৰু হাতী কৰিডৰ নহয় বুলি প্ৰতিবেদন দি ৰায়তি কৃষক সকলক উচ্ছেদৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল।

তদুপৰি, যুগ যুগ ধৰি কৃষি কৰ্মৰ জৰিয়তে জীবিকা নিৰ্বাহ কৰা কৃষক সকলৰ কৃষি ভূমি উচ্ছেদ কৰি আজুৰ নামৰ বহু জাতিক কোম্পানীটো গটাই দিয়াৰ লগতে ইয়াৰ প্ৰতিবাদ কৰা কৃষক মহিলা‌ সকলৰ ওপৰত জিলা প্ৰশাসনৰ নিৰ্দেশত আৰক্ষীয়ে বৰ্বৰ ভাৱে অত্যাচাৰ চলাইছিল।

আনকি আৰক্ষীৰ নিৰ্যাতনৰ পৰা গৰ্ভৱতী মহিলাও সাৰি যাব পৰা নাছিল। দমন নীতিৰে চৰকাৰে মিকিৰ বামুণী গ্ৰান্টৰ কৃষক সকলৰ আন্দোলন মষিমূৰ কৰিব বিচৰাৰ লগতে খিলঞ্জীয়া এই লোকসকলৰ কৃষি ভূমি উচ্ছেদ কৰি বৰ্তমানৰ চৰকাৰখনে খিলঞ্জীয়া বিৰোধী স্থিতি গ্ৰহণ কৰিছে।

চৰকাৰে এই কৃষক সকলৰ প্ৰাপ্য অধিকাৰ কাঢ়ি নি তেওঁলোকৰ কৃষি ভূমি বহু জাতিক কোম্পানীক গটাই দিয়াৰ প্ৰতিবাদত দেশৰ ৭২ সংখ্যক গণৰাজ্য দিৱসৰ দিনা অৰ্থাৎ ২৬ জানুৱাৰীৰ পুৱা ১০ বজাৰ পৰা এতিয়ালৈকে অবিৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰিছে।

দিনে নিশাই পুৰুষ মহিলা সমন্বিতে কৃষক সকলে এই বিক্ষোভ কাৰ্যসূচী অব্যাহত ৰাখিছে। কোলাত কণ কণ শিশুক লৈ মহিলা সকলে এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰিছে। কৃষক সকলৰ দাবী তেওঁলোকৰ ভূমি চৰকাৰে ঘূৰাই দিব লাগিব। উচ্ছেদিত ভূমি কৃষক সকলক ঘূৰাই নিদিয়া পৰ্যন্ত আন্দোলন অব্যাহত থাকিব।

বিক্ষোভ কাৰ্যসূচী ৰূপায়নৰ লগতে জাতিৰ পিতা মহাত্মা গান্ধীৰ শ্বহীদ দিৱসৰ দিনটোত কৃষক সকলে জাতিৰ পিতাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই অনশন কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদকাৰী সকলে কৃষক বিৰোধী কৃষি আইন বাতিলৰ দাবীত দিল্লীত চলি থকা কৃষক আন্দোলনৰ প্ৰতিও সমৰ্থন জনায়।

ইপিনে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা মনোজ সিংহ ৰাজা, সাংবাদিক চন্দনজ্যোতি বৰা সহ এটা প্ৰতিনিধি দলে মিকিৰ বামুণী গ্ৰান্টত চলি থকা বিক্ষোভ স্থলিত উপস্থিত হৈ বিক্ষোভকাৰী সকলৰ প্ৰতি সমমৰ্মিতা প্ৰকাশ কৰে।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিনিধি দলটোত নগাঁও জিলা সমিতিৰ নেতা ৰাজশেখৰ কলিতা,ৰূপম বৰা,অনুৰম বৰাৰ লগতে সাংবাদিক ৰকিবুল ৱাহিদো আছিল।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা মনোজ সিংহ ৰাজাই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰক কঠোৰ সমালোচনা কৰি কয়-জাতি, মাটি, ভেটি শ্ল’গানেৰে ক্ষমতা দখল কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে এতিয়া খিলঞ্জীয়া বিৰোধী স্থিতি গ্ৰহণ কৰিছে। কৃষকৰ ভূমি উচ্ছেদ কৰি পুঁজিপতিক ৰঙা দলিচা পাৰি দিছে। সোণোৱাল চৰকাৰ এখন খিলঞ্জীয়া বিৰোধী চৰকাৰ।

এই চৰকাৰৰ খিলঞ্জীয়া বিৰোধী নীতিৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তুলিবলৈ সকলোকে তেওঁ আহ্বান জনায়।

কৃষক বিক্ষোভকাৰী সকলে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে দিল্লী আৰু লাইকা-দধিয়াৰ দৰে মিকিৰ বামুণী গ্ৰান্টতো ব্যাপক আন্দোলন গঢ়ি তোলা হ’ব।

মিকিৰ বামুণী গ্ৰান্টৰ এই কৃষক সকলৰ বিক্ষোভ কাৰ্যসূচীৰ প্ৰতি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, নিখিল ভাৰত কৃষক সভা, চি পি আই, চি পি আই (এম এল), অসম জাতীয়তাবাদী যুৱ পৰিষদ আদি বিভিন্ন দল-সংগঠনে সমৰ্থন আগবঢ়োৱাৰ লগতে কৃষকৰ উচ্ছেদিত ভূমি তৎকালীনভাৱে কৃষকক ঘূৰাই দিবলৈ দাবী জনাইছে।

Recent News

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd