চৰকাৰে কৃষকৰ ওপৰত কৰা অচ্যাতাৰ বন্ধ নকৰা পৰ্যন্ত চৰকাৰেৰে আলোচনাত নহবে কৃষক সংগঠনসমূহে। এই কথা স্পষ্ট কৰি দিছে সংযুক্ত কিষাণ মৰ্চাই।
মংগলবাৰে সংযুক্ত কিষাণ মৰ্চাই কয় যে চৰকাৰে আন্দোলনকাৰী কৃষকৰ ওপৰত চলাই অহা অত্যাচাৰ বন্ধ কৰিলেহে তেওঁলোকে চৰকাৰৰ সৈতে পৰৱৰ্তী লানি আলোচনাত বহিব পাৰিব।
মৰ্চাই লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ আৰু আটক কৰি ৰখা সকলো কৃষককে বিনা চৰ্তে অতি শীঘ্ৰে মুকলি কৰি দিবলৈ দাবী জনাইছে। দিল্লী সীমান্তত কৃষক আন্দোলনৰ বাতৰি পৰিৱেশন কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা সাংবাদিককেইজনকো মুকলি কৰিবলৈ দাবী কৰিছে সংযুক্ত কিষাণ মৰ্চাই।
কৃষক আন্দোলনক মষিমূৰ কৰিবলৈ চৰকাৰ তথা দিল্লীয়ে আৰক্ষীয়ে দিল্লী সীমান্তৱৰ্তী অঞ্চলসমূহৰ ৰাজপথত বহুতৰপীয়া বেৰিকেড, ফেন্সিং স্থাপন আৰু ৰ’ড চিমেন্টেৰ পকী বেৰা নিৰ্মাণ কৰা কাণ্ডকো নিন্দা কৰিছে মৰ্চাই।
মৰ্চাৰ মতে চৰকাৰ তথা দিল্লী আৰক্ষীয়ে কৃষকৰ আগমণ ৰোধ তথা কৃষক আন্দোলনক মষিমূৰ কৰিবলৈ যিমানেই প্ৰচেষ্টা নকৰক কিয় প্ৰতি দিনে কৃষক আন্দোলনৰ শক্তি বৃদ্ধিহে হৈ আহিছে।
উল্লেখ্য যে কেন্দ্ৰৰ তিনি বিতৰ্কিত কৃষি আইনৰ বাতিলৰ দাবীত দুটা মাহতকৈও অধিক দিন কৃষকসকলে দিল্লী সীমান্তৱৰ্তী অঞ্চলসমূহত আন্দোলন কৰি আছে।
ইতিমধ্যে চৰকাৰ আৰু কৃষক সংগঠনসমূহৰ মাজত ১০ লানি আলোচনা অনুষ্ঠিত হৈছে যদিও কোনো সমাধান সূত্ৰ নোলোৱাত প্ৰতিবাৰেই আলোচনা ব্যৰ্থ হৈছে।
যোৱা ২৬ জানুৱাৰীৰ কৃষকৰ ট্ৰেক্টৰ ৰেলীত দিল্লীৰ বিভিন্ন প্ৰান্তত সংঘটিত বিক্ষিপ্ত হিংসাত্মক ঘটনাৰ পিছতে আৰক্ষীয়ে আন্দোলনৰত কৃষকৰ প্ৰতি কঠোৰ হোৱা দেখা গৈছে। ঠাই ঠাইয়ে কৃষক আন্দোলনকৰাৰীৰ ওপৰত লাঠি চালনা কৰিছে আৰক্ষীয়ে।
ইফালে কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ দিনা সংঘটিত বিক্ষিপ্ত হিংসাত্মক ঘটনাত জড়িত থকাৰ অভিযোগত ১২২ জনৰো অধিক কৃষকক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
সংযুক্ত কিষাণ মৰ্চাই কৃষকৰ ওপৰত চলোৱা এই পুলিচী অত্যাচাৰ বন্ধ কৰাৰ লগতে কাৰাৰুদ্ধ কৃষকসকলক বিনা চৰ্তে মুক্তি দিলেহে পৰৱৰ্তী আলোচনাত বহিব বুলি স্পষ্টভাৱে ঘোষণা কৰিছে।