বিটিচিৰ হৃদপিণ্ড কোকৰঝাৰত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি মংগলবাৰে সন্ধিয়া গোপন সূত্ৰৰ পম খেদি জিলাখনৰ গোসাঁইবাৰী থানাৰ অন্তৰ্গত নাছৰাইবাৰী গাঁৱত থানাখনৰ উপ-পৰিদৰ্শক মিথুন টায়েৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে অভিযান চলাই এখন স্ক’প্ৰিয় বাহনৰ পৰা গুলী-বাৰুদসহ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰখিনি উদ্ধাৰ কৰে।
আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে নাছৰাইবাৰী গাঁৱত চলন্ত অৱস্থাত থকা এএছ১৬-এ ৪১৬৫ নম্বৰৰ স্ক’প্ৰিয় বাহনখন ৰখাই তালাচী চলায় ৫ টা একে ৫৬, ৮ টা একে ৫৬ৰ মেগজিন, এইচ কে ৩৩ ই এটা, এই কে ই ৩৩ৰ মেগজিন এটা, ইউবিজিএল এটা, ইউজিবিএল চেল ১১টা, চীনত নিৰ্মিত হেণ্ড গ্ৰেণেড ৮ টা আৰু ৩০০ টাসহ একে চিৰিজৰ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ইফালে অবৈধ মাৰণাস্ত্ৰ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ৬ জন লোকক গ্ৰেপ্তাৰ কৰা কৰাৰ লগতে বাহনখনসহ বিপি পুচ, ৫টা মোবাইল ফোন, কম্বল, টুথব্ৰাছ আদিও জব্দ কৰিছে।
গ্ৰেপ্তাৰ কৰা লোককেইজন হৈছে ক্ৰমে পশ্চিম বিছমুৰী গাঁৱৰ বিজেন বসুমতাৰীৰ পুত্ৰ স্নমাঞ্জয় বসুমতাৰী ওৰফে বুগলা(৩৫), কচুগাঁও থানাৰ অন্তৰ্গত এক নং মহেন্দ্ৰপুৰৰ টবিন নাৰ্জাৰীৰ পুত্ৰ ৰবিনাথ নাৰ্জাৰী ওৰফে গণ্ডা(২৫), জাওলিয়াপাৰাৰ চেৰ্গা বসুমতাৰীৰ পুত্ৰ পুঙ্কা বসুমতাৰী ওৰফে লাংখু, দুই নং পাখ্ৰীগুৰিৰ নগেন্দ্ৰ বসুমতাৰীৰ পুত্ৰ মৌকটাং বসুমতাৰী ওৰফে মামু, দ’তমাৰ গোপালগাঁৱৰ মহেশ্বৰ মুছাহাৰীৰ পুত্ৰ মণিপাল মুছাহাৰী(৩৪) আৰু শোণিতপুৰ জিলাৰ তৰাইবাৰীৰ ধাৰেণ বসুমতাৰীৰ পুত্ৰ চৌমকোৰ বসুমতাৰী(২৬)।