পবিতৰা অভয়াৰণ্যত ২০২১ বৰ্ষৰ জলচৰ পক্ষীৰ গণনাত বিগত বৰ্ষৰ তুলনাত ৯০০০ অধিক জলচৰ পক্ষীৰ উপস্থিতি দেখা যায়।
‘‘২০২০ বৰ্ষৰ বাৰ্ষিক জলচৰ পক্ষীৰ গণনাত পবিতৰা অভয়াৰণ্যত ৬৪ টা প্ৰজাতি আৰু ১৫০০০ পক্ষীৰ উপস্থিতি দেখা গৈছিল,’’ স্বেচ্ছাসেৱী সংগঠন অৰণ্যকে কয়।
ইপিনে, চলিত বৰ্ষত জলচৰ পক্ষীৰ ৫৮ টা প্ৰজাতি আৰু ২৪০০০ জলচৰ পক্ষীৰ উপস্থিতি ধৰা পৰে বুলিও স্বেচ্ছাসেৱী সংগঠনটোৱে লগতে কয়।
পবিতৰা অভয়াৰণ্যত অসম চৰকাৰৰ বন বিভাগ আৰু অৰণ্যকে যুটীয়াভাৱে জলচৰ পক্ষীৰ গণনা কৰিছিল।
পবিতৰা অভয়াৰণ্যত জলচৰ পক্ষীৰ বিভিন্ন প্ৰজাতিৰ সংৰক্ষণ আৰু ইয়াৰ বংশবিস্তাৰৰ বাবে জলচৰ পক্ষীৰ গণনা কৰা হয়।
চলিত বৰ্ষত অৰণ্যক, অসম চৰকাৰৰ বন বিভাগ আৰু টাটা ইষ্টিটিউট অফ ছ’চিয়েল চায়েন্সৰ মুঠ ৩০ জনীয় দল এটাই জলচৰ পক্ষী গণনা অভিযানত অংশগ্ৰহণ কৰিছিল।
জেষ্ঠ বিজ্ঞানী উদয়ন বৰঠাকুৰে সমগ্ৰ জলচৰ পক্ষী গণনা প্ৰক্ৰিয়াটোৰ নেতৃত্ব প্ৰদান কৰে।