• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অইলৰ গৌৰৱময় ৬০ বছৰীয়া উদযাপন অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দৰ অংশ গ্ৰহণ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 19, 2018 8:33 pm
মুখ্য মন্ত্ৰী
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘নাহৰকটীয়াৰ ১ নং তৈল খাদৰ পৰাই অইলে ৬০ বছৰৰ পূৰ্বে যাত্ৰা অৰম্ভ কৰিছিল। সেই সময়ৰ পৰাই অইলে ৰাজ্যখনৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। গাঁৱে-ভূঞে নিয়োজনৰ সুবিধা কৰি জনসাধাৰণ অৰ্থনৈতিক স্বাৱলম্বিতা আৰু স্ব-নিৰ্ভশীলতাত অইলে বিশেষভাৱে অৰিহণা আগবঢ়াই আহিছে। দক্ষতা উন্নয়নৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে আৰু যুৱক-যুৱতী সকলৰ দক্ষতা উন্নয়নৰ ক্ষেত্ৰত অইলে আৰু অধিক পদক্ষেপ ল’ব লাগিব।’ সোমবাৰে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত অইল ইণ্ডিয়া লিমিটেডৰ চাউথ বেংক ১ নং তৈল খাদৰ তেল উদঘাটন আৰু উৎপাদনৰ ৬০ বছৰীয়া উদযাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত এইদৰে কয়।

লগতে ‘এডভাণ্টেজ আছাম’ শীৰ্ষক বিশ্ব বিনিয়োগ সন্মিলনত অইলে ৰাজ্য চৰকাৰৰ সৈতে স্বাক্ষৰ কৰা ১০ হাজাৰ কোটি টকাৰ বুজাবুজিৰ চুক্তিয়ে ৰাজ্যখনৰ অৰ্থনীতিলৈ বৃহৎ বৰঙণি যোগাব বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে কয়।

Apply Now

আজি অনুষ্ঠানৰ লগত সংগতি ৰাখি মুখ্য মন্ত্ৰীয়ে অইলৰ বিষয়া-কৰ্মচাৰী সকললৈ ৭ টা শিতানত বিভক্ত উৎকৰ্ষতাৰ বঁটা সমূহো প্ৰদান কৰে।লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে অইলৰ নাহৰকটীয়া ১ নং খাদৰ ৬০ বছৰীয়া স্মাৰক তোৰণৰো আধাৰশিলা আনুষ্ঠানিকভাৱে স্থাপন কৰে।

ইফালে অইলৰ ৬০ বছৰীয়া উদযাপনৰ লগত সংগতি ৰাখি দুলীয়াজানত অইলে ‘ৰূপান্তৰ প্ৰকল্প’ নামৰ ‘কোম্পানী সামাজিক দায়বদ্ধতা’ আঁচনিৰ অধীনত যুটীয়া দায়বদ্ধ গোট সমূহলৈ বিত্তীয় সাহায্য আৰু সা-সামগ্ৰী প্ৰদান কৰে। এই অনুষ্ঠানতে মুখ্য মন্ত্ৰীয়ে ২০০ টা যুটীয়া দায়বদ্ধ গোটলৈ ১৫০ খন পাৱাৰটিলাৰ, ৫০ খন পিকআপ ভান আৰু বিত্তীয় সাহায্য প্ৰদান কৰে।

তাৰোপৰি ‘মুখ্য মন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা’ৰ জৰিয়তে ৰাজ্যখনৰ কৃষি খণ্ডত বিজ্ঞান আৰু প্ৰযুক্তি ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ৰাজ্যৰ ২৬ হাজাৰ গাঁৱলৈ ট্ৰেক্টৰ বিতৰণৰ লক্ষ্য লোৱা হৈছে বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে কয়।

মুখ্য মন্ত্ৰী গৰাকীয়ে ৰাজ্য চৰাকাৰে মহিলা সৱলীকৰণৰ দিশতো বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে বুলি কয়।যুৱক-যুৱতী সকলৰ দক্ষতা বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে বহু সংখ্যক পদক্ষেপ গ্ৰহণ কৰাৰ লগতে ২০১৮-১৯ বৰ্ষৰ বাজেটত নিয়োগ সৃষ্টিৰ ওপৰত বহু সংখ্যক ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে কয়।

অইলৰ মুখ্য পৰিচালন সঞ্চালক উৎপল বৰাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী,স্থানীয় বিধায়ক নৰেশ সোণোৱালো, বিধায়ক তেৰচ গোৱালা, ডিব্ৰুগড় জিলা উপায়ুক্ত লয়া মাদুৰী, এছ আই পি আৰ ডিৰ পূৰ্বৰ সঞ্চালক ড০ জাকিৰেও বক্তব্য প্ৰদান কৰে।

উক্ত অনুষ্ঠানত বিধায়দ্বয় ক্ৰমে ঋতুপৰ্ণ বৰুৱা, সঞ্জয় কি,আণ, সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দিপু ৰঞ্জন মাৰ্কাৰী, আছাম হাইড্ৰ’কাৰ্বন এণ্ড এনাৰ্জী কোম্পানি লিমিটেডৰ অধ্যক্ষ তথা সঞ্চালক পোণাকন বৰুৱা, আছাম পেট্ৰ’কেমিকেলছ লিমিটেডৰ উপাধ্যক্ষ বিকুল ডেকা, অইলৰ বিত্ত সঞ্চালক ৰূপশিখা বৰা, অইলৰ অপাৰেশ্যন সঞ্চালক প্ৰমোদ কুমাৰ শৰ্মাৰ লগতে বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

July 2, 2026 11:57 am
৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

July 2, 2026 10:23 am
আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

July 2, 2026 9:49 am
স্পেইনত ভয়াৱহ তাপপ্ৰবাহ: এমাহত প্ৰাণ গ’ল এহেজাৰৰো অধিক লোকৰ

স্পেইনত ভয়াৱহ তাপপ্ৰবাহ: এমাহত প্ৰাণ গ’ল এহেজাৰৰো অধিক লোকৰ

July 2, 2026 9:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

July 2, 2026 11:57 am
৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

July 2, 2026 10:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd