কালি এটা ব্যক্তিগত টেলিভিছন চেনেলত আছুতীয়া সাক্ষাৎকাৰত বিজেপিৰ পৃষ্ঠপোষকতাত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ জন্ম হোৱা বুলি দাবী কৰাৰ পাছতে তেওঁক উভতি ধৰিছে ৰাইজৰ দলৰ নেতৃত্বই।
এই সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলৰ উপদেষ্টা সীতানাথ লহকৰে হিমন্তক কটাক্ষ কৰি কয় “হিমন্ত বিশ্ব শৰ্মা বহুত হতাশ হৈছে।নিৰ্বাচনৰ পাছত তেওঁৰ অৱস্থা বহু বেয়া হব সেইবাবে তেওঁ বলিয়াৰ দৰে যিটি বকিবলৈ আৰম্ভ কৰিছে।‘
যদি ৰাইজৰ দল বিজেপিৰ B Team আছিল তেনেহলে আগতেই ৰাইজৰ আগত প্ৰকাশ কৰিব লাগিছিল বুলি দাবী কৰে লহকৰে।
তেওঁ কয় ‘এনেকৈ লুকাই থোৱাৰ কি প্ৰয়োজন আছিল? হিমন্ত বিশ্ব শৰ্মাই মানুহক বিভ্ৰান্ত কৰাৰ চেষ্টা চলাইছে। তেওঁ যিকেইখন ঠাইত নিৰ্বাচনী প্ৰচাৰ চলাইছে তেওঁৰ এই প্ৰচাৰে বিজেপি দলৰ বাবে ক্ষতিহে কৰিছে।‘
‘মহিলাক ফ্লায়িং কিছ দি হিমন্ত বিশ্ব শৰ্মাই যি নিৰ্লজ্জ কাণ্ড কৰিছে সেয়া কোনো কাৰণতেই গ্রহণযোগ্য নহয়। আমাৰ সমাজ বা সভ্যতাত এইবোৰ সংস্কৃতিৰ প্ৰচলন নাই। অসমৰ মানুহ শালীন, ভদ্ৰ আৰু সভ্যতা কি বস্তু বুজি পায়। তেওঁ যিহেতু ৰাইজৰ দলৰ প্ৰগতি দেখিছে সেইবাবে তেওঁ এইবোৰ কাম কৰিবলৈ আৰম্ভ কৰিছে।‘ লহকৰে হিমন্তক কটাক্ষ কৰি এইদৰে কয়।
ইয়াৰ লগতে হিমন্ত বিশ্ব শৰ্মাক ৰাইজৰ দলত যোগদান কৰিবলৈ মুকলি আহ্বান জনায় ৰাইজৰ দলৰ উপদেষ্টা ঘনশ্যাম নাথে।
উক্ত সংবাদমেলতে মন্ত্ৰী পিযুষ হাজৰিকাই সাংবাদিকক কৰা অশালীন ব্যৱহাৰক ৰাইজৰ দলে তীব্ৰ গৰিহণা দিয়ে আৰু নিৰ্বাচনী বিষয়াক পীযুষ হাজৰিকাৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায় সীতানাথ লহকৰে।
আনহাতে, একেখন সংবাদমেলতে বিজেপিক উৎখাতৰ স্বাৰ্থত কংগ্ৰেছ মহাজোঁটৰ দুগৰাকী প্ৰাৰ্থীক মুকলি সমৰ্থন জনাব বুলিও তেওঁলোকে সদৰী কৰে।
বিজেপিক দিছপুৰৰ পৰা উৎখাত কৰিবলৈ দিছপুৰ সমষ্টি আৰু সৰভোগ সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী মনজিত মহন্ত আৰু মনোৰঞ্জন তাকলুদাৰক সমৰ্থন জনাইছে বুলিও ৰাইজৰ দলৰ নেতাগাকীয়ে মন্তব্য কৰে।