• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হ’ৰ্ছ ট্ৰেডিঙৰ ভয়ত মহাজোঁটৰ প্ৰাৰ্থীৰ অজ্ঞাতবাস! : এআইয়ুডিএফৰ পিছত এইবাৰ কংগ্ৰেছ-বিপিএফ!

প্ৰাঞ্জল দেউৰী by প্ৰাঞ্জল দেউৰী
April 9, 2021 3:55 pm
155796-ynblwoouyz-1614953889
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত ২০২১ৰ বিধানসভা নিৰ্বাচনৰ তিনিওটা পৰ্যায় সমাপ্ত হোৱাৰ পিছত ৰাজ্যৰ ৰাজনৈতিক বিশ্লেষকসকলৰ মতে কোনো দল তথা জোঁটেই এইবাৰ অসমত চৰকাৰ গঠন কৰিব পৰাকৈ মেজিক সংখ্যাগৰিষ্ঠতা লাভ নকৰাটো প্ৰায় নিশ্চিত।

বিজেপিৰ নেতৃত্বাধীন মিত্ৰজোঁটে নিৰ্বাচনৰ পূৰ্বৱৰ্তী সময়ত ১০০+ আসন লাভ কৰি ৰাজ্যত পুনৰ চৰকাৰ গঠন কৰাৰ দম্ভালি মাৰি আহিলেও নিৰ্বাচনৰ পৰৱৰ্তী সময়ত শাসকীয় মিত্ৰজোঁটে যে চৰকাৰ গঠন কৰিব নোৱাৰে সেয়া প্ৰায় স্পষ্ট হৈ পৰিছে। আনকি বিজেপিৰ ৰাজ্যিক নেতৃত্বও সেই কথা স্বীকাৰ কৰিছে।

অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ আবিৰ্ভাৱ আৰু দুই আঞ্চলিক ৰাজনৈতিক দলে কংগ্ৰেছ মহাজোঁটৰ সৈতে চামিল নোহোৱাৰ পিছতে বিজেপি তথা ‘কা’ বিৰোধী ভোট বিভাজন হৈ কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ চৰকাৰ গঠনৰ অংকত মহাজঁট লাগিছে।

ইয়াৰ পিছতে শসকীয় বিজেপি দলে চলে বলে কৌশলে ৰাজ্যত পুনৰ চৰকাৰ গঠন কৰিবলৈ সমস্ত শক্তি প্ৰয়োগ কৰিব বুলি বিশষে সূত্ৰে জানিব পৰা গৈছে।

সূত্ৰটোৰ মতে অসমত ওলোমা বিধানসভা হ’লেই শাসকীয় বিজেপিয়ে হ’ৰ্ছ ট্ৰেডিঙ কৰাটো প্ৰায় নিশ্চিত! বিজেপিৰ হ’ৰ্ছ ট্ৰেডিঙৰ মূল লক্ষ্য হ’ব মহাজোঁটৰ বিধায়ক! অৰ্থাৎ বিজেপিয়ে মহাজোঁটৰ বিধায়কক ক্ৰয় কৰি চৰকাৰৰ গঠনৰ চেষ্টা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে!

উল্লেখ্য যে ইতিমধ্যে বিজেপিয়ে বিধায়ক ক্ৰয়েৰে দেশৰ কেবাখনো ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ ওফৰাই বিজেপিৰ চৰকাৰ গঠন কৰিছে। দেশৰ ৰাজনীতিত বিগত কেবাটাও বছৰত বিজেপিয়ে ধনবলেৰে ৰাজনৈতিক চিত্ৰপট উলম্বভাৱে সলাই দিয়াৰ জলন্ত উদাহৰণ আছে, তাৰ ভিতৰত ৰাজস্থান আৰু মধ্যপ্ৰদেশ প্ৰধান।

এনে অৱস্থাত অতি ধনবান বিজেপিয়ে আগন্তুক সময়ত অসমত ওলোমা বিধানসভা হ’লে যে ক্ষমতাৰ লালসাত মহাজোঁটৰ নিৰ্বাচিত বিধায়কক ক্ৰয় কৰি চৰকাৰ গঠন কৰিবলৈ পুৰ্ণ শক্তি প্ৰয়োগ কৰিব সেয়া সহজে অনুমেয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আশীৰ্বাদপুষ্ট এনে কমাত অতি সিদ্ধহস্ত ৰাজ্যৰ ৰাজনীতিক ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত হাত সাৱতি বহি থাকিব বুলি ভবাটোও মিত্ৰজোঁটৰ বাবে হ’ব প্ৰকাণ্ড বাতুলতা।

সূত্ৰটোৰ মতে মিত্ৰজোঁটে এই বাতুলতাৰে নিজৰ ভৰিত কুঠাৰ মৰাৰ বিপৰীতে এই দিশত সষ্টম হৈ বিজেপিৰ তেনে যিকোনো প্ৰচেষ্টাক ব্যৰ্থ কৰিবলৈ কৌশল প্ৰস্তুত কৰিছে।

বিজেপিৰ এই সম্ভাৱ্য কৌশলৰ আশংকা কৰিয়েই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পূৰ্বেই কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে এই ক্ষেত্ৰত অতি সতৰ্কতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে; যাতে কোনো কাৰণতে মহাজোঁটৰ এজনো নিৰ্বাচিত বিধায়ক ক্ৰয় কৰি বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব নোৱাৰে।

বিজেপিৰ সম্ভাৱ্য ঘোঁৰা ক্ৰয়ৰ অভিযানক বানচাল কৰাৰ স্বাৰ্থত কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে কি কি সতৰ্কতা অৱলম্বন কৰিছে?

নৰ্থইষ্ট নাওক বিশেষ সূত্ৰটোৱে জনোৱা অনুসৰি মহাজোঁটৰ তিনি প্ৰধান দল ক্ৰমে কংগ্ৰেছ, এআইয়ুডিএফ আৰু বিপিএফে বিজেপিৰ এই কৌশলক বুমেৰাং কৰাৰ বাবে নিজ নিজ দলৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলক অজ্ঞাতবাসলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

সূত্ৰটোৰ মতে ইতিমধ্যে এআইযুডিএফে দলটোৰ প্ৰাৰ্থীসকলক আজি পুৱা ৮ বজাত বিশেষ চাৰ্টাৰ্ড বিমানেৰে দেশৰ বাহিৰলৈ প্ৰেৰণ কৰা হৈছে। আজি সন্ধিয়া ৰাজস্থানৰ কোনো হোটেলত বাহৰ পাতিলেও ধাৰণা কৰা হৈছে যে এআইয়ুডিএফ দলে দলটোৰ সকলো প্ৰাৰ্থীকে ডুবাইলৈ প্ৰেৰণ কৰিব।

ঠিক একেদৰে মহাজোঁটৰ প্ৰধান দল কংগ্ৰেছেও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা দলটোৰ প্ৰাৰ্থীসকলক দেশৰ বাহিৰলৈ প্ৰৰণ কৰাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। দলটোৱে দুই এদিনতে সকলো প্ৰাৰ্থীকে নিৰ্বাচনৰ ফলাফল নোলোৱা পৰ্যন্ত দেশৰ বাহিৰলৈ অজ্ঞাতবাস(জনসাধাৰণৰ বাবে!)ৰ বাবে প্ৰেৰণ কৰিব।

ইফালে সূত্ৰটোৱে জনোৱা অনুসৰি মহাজোঁটৰ অন্যতম প্ৰধান দল বিপিএফেও দলটোৰ নিজৰ প্ৰাৰ্থীসকলক বিজেপিৰ হাতোৰাৰ পৰা ৰক্ষা কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। বিপিএফে দলটোৰ সকলো প্ৰাৰ্থীকে বিটিচিৰ হেডকোৱাৰ্টাৰ অৰ্থাৎ কোকৰাঝাৰলৈ তলৱ কৰি তাতে দলৰ শীৰ্ষ নেতৃত্বৰ তীক্ষ্ম নজৰত ৰাখি বৰ্হিবিশ্বৰ সৈতে সম্পৰ্ক চ্ছিন্ন কৰাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।

বিজেপিৰ সম্ভাৱ্য হাতোৰাৰ পৰা নিজৰ দলৰ প্ৰাৰ্থী তথা ভৱিষ্যতৰ বিধায়কসকলক ৰক্ষা কৰিবলৈ মহাজোঁটৰ দলসমূহৰ নেতৃত্বই এইদৰে পদক্ষেপ গ্ৰহণ কৰি কিমান ফলপ্ৰসূ হ’ব সেয়া নিৰ্বাচনৰ ফলাফলৰ পিছতহে স্পষ্ট হ’ব।

Tags: Assam Election
প্ৰাঞ্জল দেউৰী

প্ৰাঞ্জল দেউৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd