অসমত আকৌ এবাৰ ক’ৰনাৰ সংক্ৰমণে উদ্বেগৰ সৃষ্টি কৰিছে। কৰ’নাৰ দ্বিতীয়টো ঢৌ আৰম্ভ হোৱা ৰাজ্যখনত শুকুৰবাৰে নতুনকৈ ২৮১ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছে।
আনহাতে, ৰাজ্যখনত কৰ’নাত ৩গৰাকী লোকৰ মৃত্যু হৈছে। ইয়াৰে ২গৰাকী কাছাৰৰ আৰু এগৰাকী যোৰহাটৰ।
শুকুৰবাৰৰ দিনটোত অকল কামৰূপ মহানগৰ জিলাতে কৰ’নাত আক্ৰান্ত হৈছে ১৫৩ গৰাকী লোক। সেইদৰে, নগাওঁ জিলাত ১২ গৰাকী, যোৰহাট জিলাত১১গৰাকী আৰু শোণিতপুৰত ১০ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছে।
ৰাজ্যখনত এই দিনটোত মুঠ ২৫,১১৯গৰাকী লোকৰ কৰ’না টেষ্ট কৰা হৈছিল। সেইদৰে, এই দিনটোত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছে ৩৮গৰাকী।
ৰাজ্যখনত এতিয়া সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা হৈছে ১,২৬৩গৰাকী।
আনহাতে, বৃহস্পতিবাৰে ৰাজ্যখনত ২৪৫ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছিল আৰু এগৰাকী লোকৰ মৃত্যু হৈছিল।
বৃহস্পতিবাৰৰ দিনটোত অকল কামৰূপ মহানগৰ জিলাত কৰ’নাত আক্ৰান্ত হৈছিল ১২৮ গৰাকী লোক। সেইদৰে, কামৰূপ গ্ৰাম্য জিলাত ২৮ গৰাকী লোক আক্ৰান্ত হৈছিল ।
সেই দিনটোত ডিব্ৰুগড়ত ২৬ গৰাকী তিনিচুকীয়াত ১০ গৰাকী; হোজাই জিলাত ৯ গৰকী; শিৱসাগৰ, গোলাঘাট, কৰিমগঞ্জ, বঙাইগাঁৱত ৬ গৰাকীকৈ লোক কৰ’না ভাইৰাছত আক্ৰান্ত হৈছিল।
সেইদৰে, কাছাৰ, শোণিতপুৰ, নগাঁও আৰু যোৰহাটত ৫ গৰাকীকৈ লোক আক্ৰান্ত হোৱাৰ লগতে বজালী জিলাত আক্ৰান্ত হৈছিল ২গৰাকী লোক।
ৰাজ্যখনত আৰম্ভণিৰে পৰা এতিয়ালৈকে মুঠ কৰ’নাত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা হৈছে ২,১৯,৫৫৩গৰাকী লোক। সেইদৰে কৰ’নাত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা হৈছে ১,১১৫গৰাকী। এতিয়ালৈকে কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে মুঠ ২,১৫,৮২৮গৰাকী লোকে।
ইপিনে, প্ৰধানমন্ত্ৰী মোডীয়ে বৃহস্পতিবাৰে দেশত সম্পূৰ্ণ লকডাউন নহয় বুলি স্পষ্ট কৰিছে।
ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও লকডাউন নহয় বুলি ঘোষণা কৰাৰ লগতে ৰঙালী বিহু উদযাপন কৰাৰ ক্ষেত্ৰত সামাজিক দূৰত্ব বিধি মানি চলিবলৈ আহ্বান জনাইছে।