সমগ্ৰ বিশ্বৰ মুছলমান সম্প্ৰদায়ৰ বছৰৰ ১২ মাহৰ ভিতৰত অতিকৈ গুৰুত্বপূৰ্ণ এটা মাহ হ’ল ৰমজান মাহ। এই মাহতে বিশ্বৰ মুছলমানসকলে সম্পূৰ্ণ এটা মাহ ৰোজা ৰাখে। এই মাহক ত্যাগ, সংযম আৰু পাপ মোচনৰ মাহ হিচাপেও ইছলামৰ দৃষ্টিত ধৰা হয়।
এই ৰমজান মাহত মুছলমান সকলে প্ৰতি নিশা তিনি বজাত আহাৰ খাই গোটেই দিন সম্পুৰ্ণ লঘোণে থাকে আনকি কিঞ্চিত পৰিমাণে পানীও পান নকৰি সন্ধিয়া মছজিদত আজান দিয়াৰ লগে লগে সামৰ্থ অনুযায়ী বিভিন্ন ধৰণৰ আহাৰ গ্ৰহণ কৰি দিনটোৰ বাবে এটা ৰোজা পালন কৰে।
তাৰ পিছত সন্ধিয়া ৭-৩০ বজাত স্থান ভেদে দুই চাৰি মিনিট ইফাল সিফালকৈ ২০ ৰাকাত তাৰাবি নামাজ আদায় কৰে। অৱশ্যে ৰোজা ৰাখি দিনটোত ৰোজাদাৰ ব্যক্তি সকলে পাঁচ ওয়াক্ত নামাজেই আদায় কৰে।
তাৰাবিৰ নামাজৰ পিছত পুনৰ ৰাতি তিনি মান বজাত আহাৰ খাই ৰোজা ৰাখে। এনেদৰে এটা মাহ ১৫ ঘন্টা কেতিয়াবা ১৫ ঘন্টৈতকৈয়ো অধিক সময় একো নোখোৱা কৈ থাকি ৰোজা পালন কৰে।
মাহৰ অন্তিমটো দিনত পুৱা সমূহীয়া ভাৱে ফজৰৰ নামাজ পঢ়ি সমগ্ৰ বিশ্বৰ মানৱ জাতিৰ মংগল কামনাৰ্থে নেদেখা জনৰ ওচৰত সমূহীয়া প্ৰাৰ্থনা জনায়। কিন্তু এই বছৰ কৰ’না মহামাৰীৰ বাবে চৰকাৰে দিয়া নিৰ্দেশনা অনুসৰি সমূহীয়া নামাজ ও সমূহীয়া মোনাজাত বন্ধ ৰখা পৰিলক্ষিত হয়।
ঘৰত থকা গৰু ছাগলীক গা পা ধুৱাই পৰিয়ালৰ সকলোৱে পৰিস্কাৰ পৰিছন্ন কাপোৰ পিন্ধি ঘৰতে তৈয়াৰ কৰা মিষ্টান্ন আহাৰ গ্ৰহণ কৰি পিতৃ-মাতৃৰ লগতে গুৰুজনাৰ চৰণত সেৱা জনাই ঈদগাহলৈ যোৱা হয় যদিও এইবাৰ সম্পুৰ্ণ জনশূন্য দেখা গ’ল শৌলমাৰী, নাম্বাৰপাৰা, চাকলা, কোকিলাৰ সকলো ঈদগাহ ময়দান। সকলোৱে সমূহীয়া নামাজ বাতিল কৰি ঘৰে ঘৰে ২ ৰাকাত ঈদৰ নামাজ আদায় কৰি থকা দেখা গ’ল। নামাজৰ শেষত সকলোৱে বিশ্ব শান্তিৰ বাবে কৰি নামাজ সমাপ্ত কৰে।
এইবাৰ দেখা নগ’ল ইজনে সিজনক আলিংগন কৰা, ইজনে সিজনৰ ঘৰত গৈ মিষ্টান্ন আহাৰ অলপ অলপ হলেও গ্ৰহণ কৰা আদি কিছুমান দৃশ্য। অৰ্থাৎ ঈদৰ দিনা এক আনন্দময় পৰিৱেশৰ সৃষ্টি হয় যদিও কৰ’নাৰ বাবে ম্লান পৰিছে সকলো উছাহ।