• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যুৱতী নিৰ্যাতনৰ চাঞ্চল্যকৰ ভাইৰেল ভিডিঅ’; বাংগালুৰুত গ্ৰেপ্তাৰ অভিযুক্ত, আটাইয়ে বাংলাদেশী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 28, 2021 7:37 am
Accused of sexual assault viral video
758
VIEWS
Share on FacebookShare on Twitter

এগৰাকী যুৱতীক এক অমানুষিক নিৰ্যাতন চলোৱাৰ ভাইৰেল ভিডিঅ’ৰ সৈতে জড়িত অভিযুক্ত কেইজনক আৰক্ষীয়ে অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

বাংগালুৰুৰ ৰামমূৰ্থি আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত ৬জনক গ্ৰেপ্তাৰ কৰে। ইয়াৰে দুগৰাকী মহিলা বুলি জানিব পৰা গৈছে।

ভাইৰেল ভিডিঅ’টোত দেখা যোৱা নিৰ্যাতনৰ বলি যুৱতীগৰাকীৰ লগতে অভিযুক্ত আটাইয়ে বাংলাদেশৰ নাগৰিক বুলি পোহৰলৈ আহিছে।

ভাৰতীয় নাগৰিকৰ নথিপত্ৰ তৈয়াৰ কৰি ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰি বাংগালুৰুত থাকিবলৈ লৈছিল এই চক্ৰটোৱে। চক্ৰটো নাৰী সৰবৰাহৰ সৈতে জড়িত বুলি আৰক্ষীয়ে অনুসন্ধানত জানিব পাৰে।

ঘটনাটোত নিৰ্যাতনৰ বলি হোৱা ২২বছৰীয়া যুৱতীগৰাকী বৰ্তমান আন এখন ৰাজ্যত থকা বুলি আৰক্ষীয়ে জানিব পাৰিছে আৰু আৰক্ষীয়ে যুৱতীগৰাকীৰ সন্ধান চলাই আছে। যুৱতীগৰাকীক বিচাৰি পোৱাৰ পাছতে তেওঁৰ ভাষ্যও আৰক্ষীয়ে লিপিবদ্ধ কৰিব।

অভিযুক্তকেইগৰাকীয়ে যুৱতীগৰাকীক অমানুষিক নিৰ্যাতন চলোৱাৰ লগতে দলবদ্ধভাৱে ধৰ্ষণ কৰা বুলি কোৱা হৈছে।

আৰক্ষীয়ে এই নাৰী সৰবৰাহকাৰী চক্ৰটোৰ সৱিশেষ উলিওৱাৰ বাবে ব্যাপক অনুসন্ধানত নামি পৰিছে।

ছচিয়েল মিডিয়াতো ভিডিঅ’ ভাইৰেল হৈ পৰা এই ঘটনাটো বাংগালুৰুত প্ৰায় ছয়দিন পূৰ্বে সংঘটিত হোৱা বুলি কোৱা হৈছে।

বাংগালুৰুৰ আৰক্ষীয়ে জানিবলৈ দিয়ে যে ভিডিঅ’ ক্লিপৰ বিষয়বস্তৰ ওপৰত ভিত্তি কৰি তথা অভিযুক্তসকলে জেৰাত প্ৰকাশ কৰা ভাষ্যৰ ভিত্তিত এটা ধৰ্ষণ, নিৰ্যাতন আৰু আইনৰ সংশ্লিষ্ট ধাৰা অভিযুক্তসকলৰ বিৰুদ্ধে আৰোপ কৰা হৈছে।

‘’এতিয়ালৈকে পোৱা তথ্য মতে এই আটাইকেইজনে একেটা চক্ৰৰে জড়িত আৰু বাংলাদেশৰ পৰা অহা বুলি জানিব পৰা গৈছে। টকা-পইচাৰ মতানৈক্যৰ বাবে অপৰাধীকেইজনে বাংলাদেশৰ পৰা মানৱ সৰবৰাহৰ বাবে অনা যুৱতীগৰাকীৰ ওপৰত অকথ্য নিৰ্যাতন চলাইছিল,’’-আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে ভাইৰেল ভিডিঅ’টোৰ ঘটনাই বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। ভিডিঅ’টো প্ৰত্যক্ষ কৰি ঘটনাৰ বলি যুৱতীগৰাকী দেশৰ এই অংশৰ বুলি অনুমান কৰা হৈছিল আৰু অসম আৰক্ষীয়ে অভিযুক্তৰ তথ্য বিচাৰিছিল।

Recent News

চাকৰিৰ পৰা বৰ্খাস্ত এ পি এছ চিৰ বিষয়াক পুনৰ মকৰলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, বান্ধি দিলে চৰ্ত

চাকৰিৰ পৰা বৰ্খাস্ত এ পি এছ চিৰ বিষয়াক পুনৰ মকৰলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, বান্ধি দিলে চৰ্ত

জ্বৰ হ’লে স্বাস্থ্যৰ যতন কিদৰে ল’ব লাগে জানো আহক

জ্বৰ হ’লে স্বাস্থ্যৰ যতন কিদৰে ল’ব লাগে জানো আহক

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd